ঘৰুৱা ক্রিকেটত অসমৰ ব্যর্থতাৰ অৱসান কেতিয়া! উদ্বিগ্ন সচেতন ক্রিকেট সংগঠক
অসম ক্রিকেট সন্থাই শেহতীয়াভাৱে একাধাৰে বিভিন্ন আন্তর্জাতিক ক্রিকেট মেচ আয়োজন কৰিলেও ঘৰুৱা ক্রিকেটত অসমৰ ব্যর্থতাই উদ্বিগ্ন কৰি তুলিছে একাংশ সচেতন ক্রিকেট সংগঠকক৷
প্রায় এটা দশক আগলৈ অসমৰ ক্রিকেটাৰসকলে বিভিন্ন ঘৰুৱা প্রতিযোগিতাত আশানুৰূপ প্রদর্শন দাঙি ধৰিছিল৷ কিন্তু শেহতীয়ভাৱে ৰঞ্জি ট্রফী, বিজয় হাজাৰে ট্রফী, ১৯ বছৰ অনূর্ধ্ব আৰু ১৬ বছৰ অনূর্ধ্ব সকলো ৰাষ্ট্রীয় প্রতিযোগিতাত অসমৰ দলসমূহে দাঙি ধৰা ধাৰাবাহিক ব্যর্থতাই দৃষ্টিনিবদ্ধ কৰিছে৷
চলিত বর্ষত অসমৰ পুৰুষ দলসমূহে তালিকাৰ অন্তিম স্থানত আছে৷ এই প্রসংগত প্রতিক্রিয়া প্রকাশ কৰি অসম ক্রিকেট সন্থাৰ প্রাক্তন সম্পাদক বিকাশ বৰুৱাই কয় যে ৰঞ্জি ট্রফীৰ এলিট গ্রুপ চিৰ খেলখনৰ ত্রিপুৰাৰ বিৰুদ্ধে অসমে ফলন কৰাটো অতিশয় দুর্ভাগ্যজনক৷ পূর্বে অসমে ত্রিপুৰাক ইনিংছ ব্যৱধানত পৰাজিত কৰিছিল৷ একেদৰে ১৯ বছৰ অনূর্ধ্ব আৰু ১৬ বছৰ অনূর্ধ্ব দলৰ দুর্দশাও অব্যাহত আছে৷
উল্লেখ্য যে ৰিয়ান পৰাগ আৰু উমা চেত্রীয়ে ভাৰতীয় দলক প্রতিনিধিত্ব কৰি ইতিহাস সৃষ্টি কৰিছে৷ কিন্তু ভৱিষ্যতৰ ৰিয়ান আৰু উমাক পোৱা যাবনে বুলিও প্রশ্ন উত্থাপন হৈছে৷ কিছু বছৰ আগলৈ অসমৰ খেলুৱৈসকলে ১৯ বছৰ অনূর্ধ্বৰ ভাৰতীয় দলত স্থান লাভ কৰিছিল৷
কিন্তু শেহতীয়াভাৱে ভাৰতীয় যুৱ দলত অসমৰ এজন খেলুৱৈয়েও স্থান লাভ কৰা নাই৷ উল্লেখ্য যে ১৯ বছৰ অনূর্ধ্বৰ ভাৰতীয় দলটো পৰম্পৰাগতভাৱে টীম ইণ্ডিয়াৰ প্রৱেশদ্বাৰ হৈ আহিছে৷ ইমানৰ পিছতো কিয় অসম ক্রিকেট সন্থাই খেলুৱৈ সৃষ্টিত মনোনিৱেশ কৰা নাই, সেয়া ডাঙৰ প্রশ্ন হৈ উঠিছে৷
অসমত ক্রিকেটৰ বিকাশৰ লক্ষ্যৰে ১৯৪৮ চনত গঠন কৰা অসম ক্রিকেট সন্থাই শেহতীয়াকৈ নিজকে কেৱল ইভেণ্ট মেনেজমেণ্ট উদ্যোগ আৰু আন্তঃগাঁথনি উন্নয়ন সংস্থালৈ সীমিত কৰিছে৷
মন কৰিবলগীয়া যে অসমত প্রতিভাৱান ক্রিকেটাৰ অভাৱ নাই৷ এই প্রতিভা সন্ধানৰ বাবে নির্বাচকসকলে প্রতিখন এচিএ স্বীকৃতিপ্রাপ্ত প্রতিযোগিতালৈ যাব লাগে৷ তাৰ বাবে নির্বাচকসকলক পর্যাপ্ত সুবিধা প্রদান কৰা হয়৷ কিন্তু তেওঁলোকে প্রায়ে এনে প্রতিযোগিতা পর্যবেক্ষণ নকৰে৷ তদুপৰি প্রতিটো কার্যকালতে নির্বাচক সমিতি সলনি কৰিব লাগে৷
কিন্তু শেহতীয়াভাৱে কার্যকাল সমাপ্ত হোৱাৰ পিছতে নির্বাচক সলনি কৰা পৰিলক্ষিত হোৱা নাই৷ এই বিষয়টোৰ প্রতি সন্থাই গুৰুত্ব প্রদান কৰা উচিত বুলি ক্রীড়া সংগঠকসকলে মত পোষণ কৰিছে৷
ডিজিটেল ডেস্ক, ৮ ডিচেম্বৰ
লগতে এইটোও পঢ়ক —- ৰাজস্থান ৰয়েলছৰ অধিনায়ক হ’ব বিচাৰে অসম-সন্তান ৰিয়ান পৰাগে