সুকন্যা : শীতকালীন সৌন্দর্য চর্চা
শীতকালীন সৌন্দর্য চর্চা
নিয়মিতভাৱে মইশ্ব’ৰাইজ কৰকঃ শীতকালত ভাল মানৰ মইশ্ব’ৰাইজাৰৰ ব্যৱহাৰ অতি গুৰুত্বপূর্ণ৷ হাইয়ালুৰনিক এচিড, গ্লিচাৰিন, ভিটামিন ই, শ্বিয়া বাটাৰ আৰু চেৰামাইড আদি উপাদান ব্যৱহাৰ কৰক, যিয়ে ছালৰ বাধা মেৰামতি কৰাত সহায় কৰে৷
ছানস্ক্রীন কেতিয়াও এৰি নিদিবঃ শীতকাল বুলিয়েহ ছানস্ক্রীনক পাহৰি নাযাব৷ ডাৱৰীয়া দিনতো দৈনিক কমেও এছ পি এফ sun protection factor) ৩০ থকা ছানস্ক্রীন প্রয়োগ কৰিব লাগে৷ ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিৰ পৰা আপোনাৰ ছালখনক ৰক্ষা কৰিলে অকাল বার্ধক্য আৰু ক্ষতি ৰোধ কৰাত সহায়ক হ’ব৷
ওঁঠৰ যত্ন লওকঃ আপুনি জানি আচৰিত হ’ব যে আমাৰ ওঁঠ ছালতকৈ ১০ গুণ বেছি খৰকৈ শুকাই যায়৷ শীতকালত শৰীৰৰ বেছিভাগ অংশ ঢ়াকি থোৱা থাকে, কিন্তু আমাৰ ওঁঠ নহয়৷ মানুহৰ আটাহতকৈ সংবেদনশীল ছাল হ’ল ওঁঠৰ ছাল৷ ই শৰীৰৰ বাকী ছালৰ তুলনাত পাতল আৰু ইয়াৰ বাবে অধিক যত্নৰ প্রয়োজন৷ ঠাণ্ডা, শুকান বতাহ আৰু গৰম বতাহে আমাৰ ওঁঠৰ ছাল ক্ষতিগ্রস্ত কৰি কঠিন কৰি তোলে৷ যত্ন নল’লে ওঁঠ ফাটি যায়, যিটো যিকোনো ব্যক্তিৰ বাবে এক কষ্টদায়ক অৱস্থা৷ কেৱল শীতকালতে নহয়, যিকোনো ঋতুতে ওঁঠৰ যত্ন লোৱাৰ বিশেষ প্রয়োজন আছে আৰু এহ কথা মনত ৰাখিব লাগে৷ ওঁঠযুৰি সজীৱ আৰু মৃসণ কৰি ৰাখিবৰ বাবে প্রতিদিনে ৰাতি শোৱাৰ আগেয়ে গোলাপজল আৰু গ্লিছাৰিন মিহলাই সানি থ’ব পাৰে৷ বাৰে বাৰে ওঁঠ কামুৰি অথবা চেলেকি থকাৰ অভ্যাস থাকিলে আঁতৰাওক৷ ইয়াৰ ফলত ওঁঠ বেছিকৈ ফাটে৷ মাজে মাজে ক্রীম, গাখীৰৰ সৰ লগাই মালিচ কৰিব নাইবা মৌ সানি থ’বও পাৰে৷