সুকন্যা : ঐতিহাসিক ডক্রেশ্বৰ দেৱালয়
বৰপেটা জিলাৰ সদৰৰ পৰা প্রায় ১৫ কিলোমিটাৰ আঁতৰত বাউসী অঞ্চলৰ দক্ষিণ–পূবত ‘ডক্রেশ্বৰ দেৱালয়’ নামেৰে এটা শিৱ মন্দিৰ আছে৷ এই দেৱালয়খনৰ উৎপত্তিৰ বিষয়ে জানিবলৈ হ’লে অতীতলৈ ঘূৰি যাব লাগিব৷ ধর্মপ্রাণ স্বর্গদেউ শিৱসিংহই এই দেৱালয়খনৰ নামত ৪৫৩ বিঘা ভূমিদান কৰিছিল৷ বাৰাদি নিৱাসী প্রয়াত অনন্ত দেৱশর্মা দলৈ নামৰ এজন ব্রাহ্মণৰ উপৰিপুৰুষত এগৰাকী সাত্ত্বিক আৰু দৈৱগুণসম্পন্ন ব্রাহ্মণ আছিল৷ লিখিত তথ্যৰ অভাৱত ব্রাহ্মণগৰাকীৰ প্রকৃত নাম জনা নাযায়৷ আগৰ দিনত সাত্ত্বিক ব্রাহ্মণক বিপ্র, দেউ, পণ্ডিত আদি নামেৰে বিভূষিত কৰিছিল৷
সেই ব্রাহ্মণগৰাকীৰ এটা গাইগৰু আছিল৷ এদিন গাইটোৰ এটা দামুৰী পোৱালি জগিছিল৷ হঠাৎ দামুৰীটোক গাইটোৱে গাখীৰ পিব নিদিয়া হ’ল৷বহুত চেষ্টা কৰিও ব্রাহ্মণজন বিফল হৈছিল৷ ব্রাহ্মণগৰাকীয়ে উৱাদিহ নোপোৱা হ’ল৷ দুপৰীয়া সময়ত গাইটোৱে এৰাল ছিঙি হ’লেও অন্তর্ধান হৈছিল৷ কিছুসময়ৰ পাছত ঘূৰি আহি দামুৰীটোক পিব দিছিল৷ এই কার্য সদায়েই ঘটিছিল আৰু ব্রাহ্মণজনে নিৰীক্ষণ কৰি আছিল৷ এইদৰে বহুত দিন পাৰ হ’ল৷
কৌতূহলী ব্রাহ্মণগৰাকীয়ে এদিন ইয়াৰ কাৰণ উদ্ঘাটন কৰাৰ উদ্দেশ্যে গাইটোৰ পিছ ল’লে৷ব্রাহ্মণগৰাকীয়ে দেখিলে যে গাইটোৱে নাতিদূৰত থকা পিতনি অঞ্চল এটাৰ জোপোহা বিৰিণা এজোপাৰ ওপৰত থিয় হৈ আছে আৰু গাইটোৰ ওহাৰৰ পৰা আপোনা আপুনি গাখীৰ নির্গত হৈ আছে৷ এই কার্য দেখি ব্রাহ্মণজন আচৰিত হ’ল আৰু বিৰিণাজোপাত কিনো আছে চাবলৈ বিৰিণাজোপা উভালি পেলালে৷ গঞা ৰাইজৰ সহযোগত ঠাইখন কোৰেৰে খান্দি পেলালে৷ এইদৰে খান্দোঁতে খান্দোঁতে এটা প্রকাণ্ড গাঁতৰ সৃষ্টি হ’ল৷
খান্দোতে এটা সময়ত এছটা শিলত আঘাত কৰিলে আৰু শিলছটাৰ মূৰত সামান্য আঘাত হ’ল৷ অৱশেষত ব্রাহ্মণ আৰু ৰাইজ ভাগৰত লেবেজান হ’ল আৰু সকলোৱেই ঘৰমূৱা হ’ল৷ ব্রাহ্মণগৰাকীয়ে খাই–বৈ ক্লান্তিৰ অৱসাদ দূৰ কৰিবলৈ বিছনাত বাগৰ দিলে৷ চিলমিল টোপনিত ব্রাহ্মণগৰাকীক সপোনত কোনোবাই ক’লে–‘হে বিপ্রবৰ, আপোনাৰ গাইটোৱে গাখীৰ দিয়া ঠাইডোখৰ শিল নহয়, সেয়া হ’ল ‘শিৱবিগ্রহ’, সত্যম শিৱম সুন্দৰম৷
ব্রাহ্মণজনে গাঁওবাসীক জনোৱাত দলে–বলে আহি ঠাইডোখৰ পুনৰ খান্দিব ধৰিলে, যিমানে খান্দে, সিমানে শিলছটা তললৈ বহি গৈছিল৷ ৰাইজ বিফল হ’ল৷ এই শিলছটা বর্তমান ভূপৃষ্ঠৰ পৰা ১৫ ফুট তলত থকা ‘শিৱবিগ্রহ’৷ গাঁওবাসীয়ে হাবি–জংঘল কাটি এটি খেৰী ঘৰ সাজিলে আৰু হৰিধ্বনি, মংগল উৰুলিৰে শিলছটা ব্রাহ্মণজনৰ দ্বাৰাই ‘বিগ্রহ’ৰূপে প্রতিষ্ঠা কৰিলে৷ব্রাহ্মণজনে সদায়েই ফুল–চন্দন, বেলপাত, বৈদিক মন্ত্রধ্বনিৰে ‘আশুতোষ’ৰ পূজা–র্চনা কৰিছিল৷ সেই ব্রাহ্মণগৰাকীৰ পিছত স্বর্গীয় অনন্ত দেৱশর্মাই পূজা–র্চনা কৰিছিল৷ অনন্ত দেৱশর্মাৰ মৃত্যুৰ পিছত তেওঁৰ তিনিপুত্র ক্রমে– মদন দেৱশর্মা, প্রিয়নাথ দেৱশর্মা, মনমোহন দেৱশর্মাই দেৱালয়খনৰ পূজা– অর্চনা কৰিছিল৷
দেৱালয়লৈ কেনেকৈ যাব পাৰি
বৰপেটা জিলাৰ অন্তর্গত ভেল্লা নামৰ ঠাইৰ পৰা ‘ই ৰিক্সা’ৰে ডক্রেশ্বৰ দেৱালয়লৈ যাব পাৰি৷ ডক্রেশ্বৰ দেৱালয়ৰ সমীপত মহাবাহু ব্রহ্মপুত্রৰ মথাউৰি আছে বাবে কেতিয়াবা দেৱালয়ৰ একেবাৰেই ওচৰলৈ ৰিক্সা যাব নোৱাৰে৷
দেৱালয়খনত কেতিয়া ভক্তৰ সমাগম বেছি হয়?
দেৱালয়খনত দুর্গা পূজা, দৌল,ব’হাগ বিহু, মাঘ বিহু, মহাশিৱৰাত্রি পালন কৰা হয় যদিও বর্তমান শাওণ মাহৰ সোমবাৰকেইটাত ‘বল বোম’ উৎসৱ পালন কৰা হয়৷
শাওণ মাহৰ শেষৰ সোমবাৰটোত অগণন ভক্তৰ সোঁত বয় দেৱালয়লৈ৷ তিনি বছৰৰ মূৰে মূৰে শাওণ মাহৰ শেষৰ সোমবাৰত ‘ৰুদ্র যজ্ঞ’ পাতি আহুতি দিয়া হয়৷ এই দেৱালয়খনত মানস কৰিলে মনোকামনা সিদ্ধি হয় বুলি ভক্তৰ মাজত বিশ্বাস আছে৷ স্বর্গদেউ শিৱসিংহই ভূমিদান কৰি পৰিসৰ বৃদ্ধি কৰা দেৱালয়খনৰ প্রতি বর্তমান স্বর্গদেউসকলে মনোনিৱেশ কৰি মহাবাহু ব্রহ্মপুত্রৰ খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ মন্ত্রী–বিধায়কক কাতৰ অনুৰোধ জনালোঁ৷
ফোনঃ ৯৪৩৫৮২৬৩৫৫