নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ভৰি থ’লে আমেৰিকাৰ প্ৰখ্যাত পপ তাৰকা পোষ্ট মেলনে…

ডিজিটেল ডেস্ক, ৮ ডিচেম্বৰ : অসমত ভৰি থ’লে আমেৰিকাৰ প্ৰখ্যাত পপ তাৰকা পোষ্ট মেলন। আজি বিয়লি প্ৰায় ৩:৪৫ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়হি পপ তাৰকা পোষ্ট মেলন।

বৰঝাৰ বিমানবন্দৰত তেওঁৰ বিশেষ বিমানখনে অৱতৰণ কৰাৰ লগে লগে বিশ্বৰ অন্যতম জনপ্ৰিয় শিল্পীগৰাকীয়ে অসম ভূমিত ভৰি থয়। প্ৰখ্যাত পপ তাৰকাগৰাকীক বিমানবন্দৰত উষ্ম আদৰণি জনোৱা হয়। বিমানবন্দৰৰ পৰা তেওঁক খানাপাৰালৈ লৈ যোৱা হ’ব। আজি সন্ধিয়া খানাপাৰাৰ খেলপথাৰত পপ তাৰকা পোষ্ট মেলনে সুৰৰ মূৰ্ছনা তুলিব।

ইতিমধ্যে জনপ্ৰিয় শিল্পীগৰাকীৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে দুপৰীয়াৰ পৰাই অনুৰাগীৰ সোঁত বৈছে খানাপাৰাৰ খেলপথাৰলৈ। উছাহত মতলীয়া হৈ পৰা যুৱপ্ৰজন্মই অপেক্ষা কৰি আছে নিজৰ প্ৰিয় তাৰকাগৰাকীক ওচৰৰ পৰা চাবলৈ।

বৃহৎ জনসমাগমলৈ লক্ষ্য ৰাখি ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। সমগ্ৰ এলেকাত মোতায়েন কৰা হৈছে অতিৰিক্ত আৰক্ষী বাহিনী। অসমত পোষ্ট মেলনৰ এয়া প্ৰথম অনুষ্ঠান। এই অনুষ্ঠানৰ বাবে বিদেশৰ উপৰি উত্তৰ-পূবৰ বহু অনুৰাগীয়ে ভিৰ কৰিছেহি গুৱাহাটীত।

You might also like