তামুলপুৰত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু, আহত এক
তামুলপুৰৰ পঠালিকুছিত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হৈছে। লগতে এজন লোক আহত হয়। মৃত লোকজনৰ নাম প্ৰকাশ দাস (৪০) আৰু আহত লোকজনৰ নাম মৃন্ময় দাস।
বিদ্যুৎ পৰিবাহী তাঁৰত লাগি থকা গছৰ ডাল কাটি থকা অৱস্থাত বিদ্যুতৰ সংস্পৰ্শলৈ আহি কৰুণ মৃত্যুক সাবটি লব লগা হয়।
বিদ্যুৎ বিভাগৰ অস্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত আছিল মৃত প্ৰকাশ দাস। মৃত লোকজন কমলপুৰ থানাৰ অন্তৰ্গত সুন্দৰীশালৰ গাঁৱৰ প্ৰকাশ দাস।
আজি জিলাখনৰ পঠালিকুছিত বিদ্যুত বিভাগৰ লোকে বৈদ্যুতিক তাঁৰত লাগি থকা গছৰ ডাল কাটি থকা অৱস্থাত হঠাৎ বৈদ্যুতিক তাঁৰত শ্বৰ্ট হৈ প্ৰকাশ দাস নামৰ লোকজনৰ মৃত্যুমুখত পৰে লগতে তেওঁৰে পুত্ৰ মৃন্ময় দাস আহত হয়।
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তামুলপুৰ থানালৈ আনে। লগতে মৃত প্ৰকাশ দাসৰ আহত পুত্ৰ মৃন্ময় দাসক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
ডিজিটেল ডেস্ক, ৯ ডিচেম্বৰ