নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৯ ডিচেম্বৰ : বৰপেটা জিলাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰ চৰ গাঁৱত নগৰবেৰা ষ্টেচনৰ সাংবাদিক আইনাল হকৰ ঘৰত চোৰে চলালে চাফাই অভিযান।
সোমবাৰে নিশা চোৰে লুটি নিলে দুযোৰ সোণৰ খাড়ু আৰু প্ৰায় ৫,৬০০ নগদ টকা | পৰিয়ালৰ লোকে প্ৰশাসনক খবৰ দিয়া মাত্ৰেই আলোপতিচৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলায় | ঘৰৰ কাষতে ব্যক্তিগত শিক্ষানুষ্ঠানত বিদ্যালয় সপ্তাহৰ অন্তিম কাৰ্যসূচী সংগীতানুষ্ঠান চলি থকাত পৰিয়ালটোৰ সকলোৱে চাবলৈ যোৱাৰ সুযোগতে চোৰে এই তাণ্ডৱ চলায় | স্থানীয় লোকৰ অনুমানত ড্ৰাগছ সেৱনকাৰী কোনো যুৱকে এই কাণ্ড কৰিছে | আৰক্ষীক চোৰ ধৰাত তৎপৰ হোৱাৰ আহ্বান জনাইছে ৰাইজে |