নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Indigo-ৰ বিমান সেৱা ৫ শতাংশ হ্ৰাসৰ নিৰ্দেশ DGCA-ৰ

Indigo এয়াৰলাইন্সে ২০২৫-২৬ চনৰ শীতকালীন সূচীৰ অংশ হিচাপে প্রতিদিনে ২২০০ৰো অধিক বিমান পৰিচালনা কৰিছে

Indigo এয়াৰলাইন্সৰ বিমান সেৱা ৫ শতাংশ হ্ৰাস কৰাৰ নিৰ্দেশ জাৰি কৰিলে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (ডি জি চি এ)। মঙলবাৰে জাৰি কৰা এই নিৰ্দেশত কোৱা হৈছে যে বিশেষকৈ উচ্চ চাহিদাৰ পথসমূহ আৰু উচ্চ কম্পাংকযুক্ত সকলো পথত বিমান সেৱা হ্ৰাস কৰা হ’ব।

ইণ্ডিগ’ক বুধবাৰে সন্ধ্যা ৫ বজাৰ ভিতৰত সংশোধিত শীতকালীন সময়সূচী ডি জি চি এক দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সোমবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰীয়ে কৰা মন্তব্যৰ পিছতেই এই সিদ্ধান্ত লোৱা হৈছে। মন্ত্ৰীয়ে কৈছিল যে চলিত শীতকালীন সময়সূচী অনুসৰি ইণ্ডিগ’ৰ পৰিচালিত কিছুমান পথৰ সংখ্যা চৰকাৰে হ্ৰাস কৰিব।

Indigo এয়াৰলাইন্সে ২০২৫-২৬ চনৰ শীতকালীন সূচীৰ অংশ হিচাপে প্রতিদিনে ২২০০ৰো অধিক বিমান পৰিচালনা কৰিছে।

ইতিমধ্যে ইণ্ডিগ’য়ে ডি জি চি এক লিখিত প্ৰতিবেদন দাখিল কৰিছে আৰু ডি জি চি এ সমগ্ৰ বিষয়টোৰ পৰ্যালোচনা কৰি আছে। চলিত সংকটে দেশৰ বহু বিমানবন্দৰত বিশৃংখলতা সৃষ্টিৰ লগতে যাত্রীসকলক ব্যাপকভাৱে সমস্যাত পেলাইছিল।

উল্লেখযোগ্য যে ৮ ডিচেম্বৰত ইণ্ডিগ’ৱে ডি জি চি এক আনুষ্ঠানিক সঁহাৰি দাখিল কৰি যাত্রীসকলৰ অসুবিধাৰ বাবে ক্ষমা বিচাৰিছিল। কোম্পানীটোৱে কয় যে তেওঁলোকে ‘গভীৰভাৱে দুখী’ আৰু বিভিন্ন কাৰকৰ সমষ্টিগত প্ৰভাৱে এই সংকট সৃষ্টি কৰিছে।

ডিজিটেল ডেস্ক, ৯ ডিচেম্বৰ

You might also like