জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে ডি লীট ডিগ্ৰী কটন বিশ্ববিদ্যালয়ৰ
প্ৰাণৰ শিল্পী শিল্পী জুবিন গাৰ্গক বিশেষ মৰ্যাদাৰে মৰণোত্তৰভাৱে ডক্টৰ অৱ লেটাৰ্চ (ডি লীট) উপাধি প্ৰদান কৰে কটন বিশ্ববিদ্যালয়ে। কলা, সংস্কৃতি আৰু সমাজলৈ তেওঁৰ অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে এই সন্মান আগবঢ়োৱা হয়। কিন্তু সেই সন্মান আজি জীৱন্ত ৰূপত লবলৈ জুবিন গাৰ্গ পিছে আমাৰ মাজত নাই। তেওঁৰ হৈ এই সন্মান গ্ৰহণ কৰে ভগ্নী ড০ পামী বৰঠাকুৰে।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষ প্ৰকাশ কৰা মতে, জুবিন গাৰ্গৰ সংগীত, সংস্কৃতি আৰু সমাজ জীৱনত অনবদ্য অৱদান অসমৰ অনন্য সম্পদ। সেইবাবে তেওঁৰ সৃষ্টিশীল যাত্ৰাক সন্মান জনাবলৈ এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচার্য লক্ষ্মণ প্ৰসাদ আচার্যই শিল্পীগৰাকীৰ ভগ্নী ড০ পামী বৰঠাকুৰৰ হাতত এই বঁটা অৰ্পণ কৰে।
ডিজিটেল ডেস্ক, ৯ ডিচেম্বৰ