নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূত বাংলাত পৰিণত আলোপতি-মাজৰচৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়

নিয়মীয়া বাৰ্তা, কাছুমাৰা, ৯ ডিচেম্বৰ : বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত আলোপতি মাজৰচৰ মহকুমা কৃষি বিষয়া কাৰ্যালয় সুদীৰ্ঘ প্ৰায় ৩০ বজৰ পূৰ্বে আলোপতি মাজৰচৰ বজাৰত স্থাপন কৰা হৈছিল। তদানীন্তন কৃষিমন্ত্ৰী অৰ্ধেন্দু দেই আধাৰশিলা স্থাপন কৰা উক্ত কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়ত সেই সময়ত কিছু বছৰ বিষয়া-কৰ্মচাৰী অনিয়মিতভাৱে উপস্থিত থাকি চৰাঞ্চলৰ কৃষক ৰাইজৰ স্বাৰ্থত কাম কৰিছিল যদিও সময় বাগৰাৰ লগে লগে ইয়াৰ বিপৰীত ছবি দিনকদিনে প্ৰতিফলিত হ’বলৈ ধৰে।

বৃহত্তৰ কালাইৰ দিয়া, আলোপতিচৰ, মাজৰচৰ, নিচানৰচৰ, নায়েৰচৰ, বৃহত্তৰ বাঘমাৰাচৰ, ফুলনৈ চৰ, ধাৰাবাশ্যা, ধৰ্মপুৰ ভাতনাপাইতি, সুখোৱাৰঝাৰ, উজিৰৰ চৰ, কদমতোলা, ছয়সীমানা, খোলাবান্ধা, কাৰাইখাইতি, কাছুমাৰা, চাংবান্ধা, নিৰলা চৰ, কেদেগীচৰ, মহচৰা, আন্ডাভাংঙা পূব মহচৰা আদিকে ধৰি প্ৰায় কুৰিখন গাঁৱৰ কৃষক ৰাইজৰ উন্নয়নৰ স্বাৰ্থত সুদীৰ্ঘ ত্ৰিশ বছৰ পূৰ্বে সংশ্লিষ্ট কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়টো স্থাপন কৰা হৈছিল। আশ্চৰ্যজনক কথা যে কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা কাৰ্যালয়টোৰ মূল গৃহৰ লগতে বিষয়া-কৰ্মচাৰীৰ বাবে নিৰ্মাণ কৰা আৱাস গৃহসমূহৰ দৰ্জা-খিৰিকী সম্প্ৰতি ভাঙি-ছিঙি যোৱা পৰিলক্ষিত হৈছে। জহি-খহি গৈছে একাংশ গৃহ।

দুগৰাকী চকীদাৰৰ বাহিৰে বৰ্তমান কোনো এগৰাকী বিষয়া-কৰ্মচাৰী কাৰ্যালয়ত নথকাত আৱাস গৃহসমূহ হাবি-জংঘলে আগুৰি ধৰিছে। একপ্ৰকাৰ ভূতবাংলাত পৰিণত হৈছে আলোপতি মাজৰচৰ কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়। কাৰ্যালয়টোৰ এছডিঅ’, এডিঅ’কে ধৰি কোনো এগৰাকী বিষয়া-কৰ্মচাৰীক বৃহত্তৰ চৰাঞ্চলৰ কৃষক ৰাইজে চিনি নাপায়। এছডিঅ’ আৰু এডিঅ’ক কেৱল  চৰাঞ্চলৰ দুই-চাৰিজন দালালেহে চিনি পায়। ইমানৰ পিছতো কিন্তু গা লৰা নাই জিলা কৃষি বিভাগৰ।

জিলা কৃষি বিভাগৰ ছত্ৰছায়াতে সংশ্লিষ্ট কৃষি মহকুমা বিষয়া কাৰ্যালয়ৰ যাৱতীয় কাম-কাজ বৰপেটাৰ পৰাই চলা বুলি এক নিৰ্ভৰযোগ্য সূত্ৰই সদৰী কৰিছে। একমাত্ৰ জিলা কৃষি বিষয়াৰ চৰম গাফিলতি আৰু অমনোযোগিতাৰ বাবেই আলোপতি মাজৰচৰ কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়টো বৰ্তমান কাৰ্যক্ষম নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে। কেৱল ২৬ জানুৱাৰী আৰু ১৫ আগষ্টতহে দুই-চাৰিজন বিষয়া-কৰ্মচাৰীক ৰাইজে খুব কম সময়ৰ বাবেহে দেখা পায়। সেই সময়তো পতাকা উত্তোলন কৰিয়েই পলাই পত্ৰং দিয়ে সেইসকলে।

চৰাঞ্চলৰ কৃষক ৰাইজৰ সপোনক ধূলিসাৎ কৰি উল্লেখিত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে বৰপেটা অথবা ঘৰতে আৰামী জীৱন যাপন কৰি চৰকাৰী দৰমহা ভোগ কৰা কাৰ্যই সচেতন মহলক ভবাই তুলিছে। বৃহত্তৰ চৰাঞ্চলৰ ডেৰ লক্ষাধিক কৃষক ৰাইজৰ উন্নয়নৰ স্বাৰ্থত আলোপতি মাজৰচৰ কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়টো পুনৰ কাৰ্যক্ষম কৰাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে জিলা আয়ুক্তৰ লগতে বিভাগীয় মন্ত্ৰীক দাবী জনাইছে ।

You might also like