নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত ১০,১৩৫গৰাকীক পিএমএৱাই গৃহৰ অনুমোদন পত্ৰ প্ৰদান

নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ৯ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী আৱাস যোজনা (পিএমএৱাই)ৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান অনুষ্ঠান আজি অনুষ্ঠিত হয়। লাহৰীঘাট আৰু ভূৰাগাঁও উন্নয়ন খণ্ডৰ অধীনত সমষ্টি ভিত্তিত লাহৰীঘাট উন্নয়ন খণ্ড কাৰ্যালয় চৌহদত অনুষ্ঠিত অনুমোদন পত্ৰ প্ৰদান অনুষ্ঠানত আজি ৫৩নং লাহৰীঘাট সমষ্টিৰ মুঠ ১০,১৩৫গৰাকী হিতাধিকাৰীয়ে গৃহৰ অনুমোদন পত্ৰ লাভ কৰে।

হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে লাহৰীঘাট সমজিলাৰ আয়ুক্ত শিল্পীকা কলিতা, সহকাৰী আয়ুক্তদ্বয় প্ৰমোদ শৰ্মা আৰু নম্ৰতা চাহু, বিজেপি সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন উপ-সভাপতি খলিলুৰ ৰহমান, লাহৰীঘাট আৰু ভূৰাগাঁও উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া ক্ৰমে শিখা গগৈ, মণি দেৱীসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আদৰণী ভাষণ পাঠ কৰে মুখ্য অতিথি খলিলুৰ ৰহমানে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ হিতাধিকাৰীৰ মাজত অনুমোদন পত্ৰ বিতৰণৰ কেন্দ্ৰীয় অনুষ্ঠানৰ মুখ্যমন্ত্ৰীৰ ভাষণ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়।

আনহাতে, পি এম এ ৱাই গৃহৰ অনুমোদন পত্ৰ লাভ কৰি দৰিদ্ৰ হিতাধিকাৰীসকল উৎফুল্লিত হৈ পৰে আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।

You might also like