সম্পাদকীয় : নিঃসংগতাৰ অনুভূতি
এক সমীক্ষাত ৪৮ শতাংশ অভিভাৱকে কয় যে মোৰ সকলোতকৈ ডাঙৰ চিন্তা হৈছে যে মই মোৰ সন্তানৰ মানসিক অৱস্থাৰ কথা জনাৰ কোনো সূত্র বিচাৰি নাপাওঁ৷
মাজে–সময়ে প্রায়ে অনুভৱ কৰোঁ যে অভিভাৱক আৰু সন্তানৰ মাজত আৱেগিক দূৰত্ব বাঢ়িছে৷ নেচনেল ইনষ্টিটিডট অৱ মেণ্টেল হেলথ এণ্ড নিউৰ’ছায়েঞ্চে চলোৱা এক সমীক্ষাত দেখা গৈছে যে ১৯৯৬ চনৰ পৰা ২০১০ চনৰ ভিতৰত জন্মগ্রহণ কৰাসকলে দুই ধৰণে সকলোতকৈ বেছি ক্ষতিগ্রস্ত হৈছে৷
এটা হৈছে– বিশ্বাসী বন্ধু–বান্ধৱী হেৰুৱাইছে, আনটো হ’ল– পিতৃ–মাতৃৰ পৰা তেওঁলোকৰ আৱেগিক দূৰত্ব বৃদ্ধি পাইছে৷ এফালে বিশ্বাসী বন্ধু বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে, আনফালে সমস্যাৰ সমাধান বিচাৰি মাক–দেউতাককো সকলো কথা মুকলিকৈ ক’ব নোৱাৰে৷
আজিৰ প্রজন্মৰ সকলোতকৈ ডাঙৰ চিন্তা হ’ল– অভিভাৱকক ক’লেও তেওঁলোকৰ কথাবোৰ, চিন্তাবোৰ নিজৰ মাক–দেউতাকে বুজি নাপাব বুলি ভাবে৷ ক’লে অযথা চিন্তাত পৰিব বুলি ভাবে৷ যাৰ বাবে বহু কথা আলোচনা কৰাৰ পৰা বিৰত থাকে৷
সেইবাবে নতুন প্রজন্মৰ মাজত নিঃসংগতাৰ অনুভূতি বাঢ়িছে৷ বয়োজ্যেষ্ঠ লোকৰ মাজত যিটো অনুভূতি বৃদ্ধি হৈছে, সেই একে অনুভূতি নতুন প্রজন্মৰ মাজতো বৃদ্ধি হৈছে৷ যাৰ পৰিত্রাণ বিচাৰি নতুন প্রজন্মই লাহে লাহে ম’বাইলতেই সময় অতিবাহিত নকৰি বন্ধু বিচাৰি ফুৰিবলৈ, বজাৰ কৰিবলৈ, চিনেমা চাবলৈ, ডেটিং মাৰিবলৈ, ৰাতিৰ আহাৰ খাবলৈ, লাইভ কনচার্ট চাবলৈ যোৱাৰ আগ্রহ বৃদ্ধি পাইছে৷
পিডৰ এক সমীক্ষাত এই কথাবোৰ প্রকাশ পাইছে৷ বুুক মাই শ্ব’ সংস্থাটোৰ মতে এবছৰত তেওঁঁলোকৰ লাইভ কনচার্ট বা পৰিৱেশন ১৮ শতাংশ বৃদ্ধি পাইছে৷ এই অনুষ্ঠানবোৰলৈ অকলে অহা যুৱক–যুৱতীৰ সংখ্যাও বাঢ়িছে৷ এফালে যুৱক–যুৱতীসকলে নিঃসংগতা অনুভৱ কৰি বাহিৰলৈ আহিছে, আনফালে ইতিবাচক খবৰ হৈছে–যুৱক–যুৱতীসকলে ম’বাইলৰ পৰা অলপ আঁতৰিছে৷
পিডৰ সমীক্ষাত প্রকাশ পাইছিল যে যুৱক–যুৱতীসকলে ম’বাইলত যিমানেই সময় অতিবাহিত কৰিছে, সিমানেই উত্তেজনা, হতাশা, নিঃসংগতা অনুভৱ কৰিবলৈ লৈছে৷ ইয়াৰ অন্তৰালৰ কাহিনীবোৰ অলপ মন দিলে অনুভৱ কৰিব পাৰি৷
ঘৰতে বহি মানুহে ম’বাইলত ব্যস্ত হৈ থাকি ছ’চিয়েল মিডিয়াত ভ্রমণ, পার্টী, চিনেমা চোৱা, আড্ডা দিয়া, ডেটিং এই সকলোবোৰ দেখি থাকে৷ এইবোৰ দেখাৰ লগে লগে নিজেও ভাবিবলৈ লৈছে–পৃথিৱীৰ সকলো মানুহে আনন্দ কৰিছে, ফুৰিছে, চিনেমা চাইছে, ডেটিং কৰিছে, কিন্তু মই ঘৰতেই আবদ্ধ হৈ আছো৷ এই চিন্তা মনলৈ অহাৰ লগে লগে বহুতে ঘৰতে নাথাকি অকলে হ’লেও ফুৰিবলৈ গৈছে নতুবা কাৰোবাৰ সৈতে হ’লেও গৈ আনন্দ কৰিছে৷
এক সমীক্ষাত দেখা গৈছে যে ছ’চিয়েল মিডিয়াত অধিক সময় অতিবাহিত কৰাৰ ফলত উদ্বেগ দ্রুতগতিত বৃদ্ধি পাইছে৷ সকলো সময়তে টেনচনত থাকে৷ কোনোবাই অলপ কিবা ক’লেই অপমানবোধ কৰে৷ তেওঁলোকে ভাবি লয় যে আধুনিক পৃথিৱীৰ সৈতে তেওঁলোকে মিলিব পৰা নাই, যাৰ বাবে উদ্বিগ্নতাই আৱৰি ধৰে৷ মানুহে অধিক সময় স্মার্ট ফোন ব্যৱহাৰ কৰাৰ ফলত এক নতুন বিকাৰৰ সৃষ্টি হৈছে৷ যাক হাইপাৰভিজিলেঞ্চ বুলি কোৱা হয়৷
সেয়ে মানুহে ম’বাইলৰ শব্দ শুনিলেহ এবাৰ হ’লেও প্রত্যক্ষ কৰে যে এয়া মেছেজ, লাইক নে কমেণ্টৰ নটিফিকেচন৷ বহুতে বাৰে বাৰে ম’বাইল হাতত লৈ চায় কোনোবাই বন্বুূত্বৰ প্রস্তাৱ পঠিয়াইছে নেকি? মোৰ লাইক বা ভিউজ কিমান হ’ল৷
এই চিন্তাই মানুহক ক্রিয়া কৰি থাকে৷ আচলতে মানুহে আজৰি সময়খিনিত মগজুক জিৰণি ল’বলৈ দিব লাগে৷ কিন্তু এই ধৰণৰ চিন্তাৰ বাবে মানুহৰ মগজুৱে জিৰণি ল’বলৈ সুবিধা নাপায়৷ এক অধ্যয়নত প্রকাশ পাইছে যে আজিৰ মানুহ যিমান অসহিষ্ণু, ২০ বছৰ পূর্বে নাছিল৷ ২০১০ চনৰ পিছত জন্ম লোৱা প্রজন্মৰ মানসিক গঠনৰ জটিলতা ক্রমাৎ বৃদ্ধি পাইছে৷
আধুনিক সমাজৰ পিতৃ–মাতৃৰ সন্তানৰ সৈতে সময় অতিবাহিত কৰিবলৈ সময় নাহ৷ ওচৰ–চুবুৰীয়াৰ সৈতেও মানুহৰ মিলামিচা ক্রমাৎ কমিছে৷ সেয়ে এই প্রজন্মই ম’বাইলতে সময় অতিবাহিত কৰে৷ ডিজিটেল যুগত ডাঙৰ–দীঘল লৈ ম’বাইলৰ সৈতে অধিক সময় অতিবাহিত কৰি মাক–দেউতাকৰ সৈতে সংঘাত বাঢ়িছে৷
এক সমীক্ষাত ৪৮ শতাংশ অভিভাৱকে কয় যে মোৰ সকলোতকৈ ডাঙৰ চিন্তা হৈছে যে মই মোৰ সন্তানৰ মানসিক অৱস্থাৰ কথা জনাৰ কোনো সূত্র বিচাৰি নাপাওঁ৷ সন্তান ডাঙৰ হৈ অহাৰ লগে লগে নেতিবাচক আচৰণ কৰিবলৈ লয়৷
মাক–দেউতাকৰ অবাধ্য হৈ পৰে৷ আচলতে ম’বাইলৰ নিচা মদ–ভাঙতকৈ কোনো কম নিচা নহয়৷ ম’বাইলৰ নিচাও বহুত গভীৰ আৰু ক্ষতিকাৰক৷ যিহেতু আমি ম’বাইল অবিহনে থাকিব নোৱাৰোঁ, ম’বাইল নিদিয়াকৈ থাকিব নোৱাৰোঁ সেয়ে ম’বাইল পালে নিজক নিয়ন্ত্রণ কৰিবলৈ পাহৰি যোৱা সন্তানক আমি আত্মনিয়ন্ত্রণ কিদৰে কৰিব লাগে, সেই বিষয়ে শিকাব লাগিব৷
তেওঁলোকক যিকোনো মূল্যৰ বিনিময়ত নিৰাপদে ৰখাটো আমাৰ দায়িত্ব৷ তেওঁলোকক গালি–গালাজ পাৰি ব্যতিব্যস্ত কৰাতকৈ কিদৰে নিয়মানুৱর্তিতা নির্ধাৰণ কৰি নিজক নিয়ন্ত্রণ কৰিব পাৰি, তাৰ শিক্ষা দিব লাগিব৷ লাহে লাহে আত্মনিয়ন্ত্রণৰ দিশটোত গুৰুত্ব দিলেহে সুফল পাব৷ তাৰ বাবে অলপ কঠোৰ আৰু দৃঢ় হ’বই লাগিব৷ অভিভাৱকসকলে প্রয়োজনত নিজকো সংশোধন কৰিব লাগিব৷ মুঠতে সন্তানৰ মাজত আৱেগিক দূৰত্ব বাঢ়িবলৈ নিদিব৷ তাৰ বাবে সচেতন আৰু সজাগ হওক৷