লকডাউনৰ দিনলিপি
নভবা-নিচিন্তা কথা এটাই, সমগ্ৰ পৃথিৱীখনকে এনেদৰে জোকাৰি দিলে যে ভৱিষ্যতে কি হ’ব সেই কথাৰ কোনোধৰণৰ কল্পনা কৰিব নোৱৰাকৈ মানুহে দিন অতিবাহিত কৰিছে । অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকলৰ বাহিৰে আন প্ৰায় সকলো লোকেই এতিয়া গৃহবন্দী । হঠাতেভাৰতত দিবলগীয়া হোৱা গৃহবন্দীত্বই বহু লোকৰ অবৰ্ণনীয় অসুবিধাৰো সৃষ্টি কৰিছে । তাৰ বিকল্পনো কি আছিল, সেয়াও সঠিকভাৱে ক’ব পৰা হোৱা নাই। প্ৰকৃত সত্য হ’ল এনে এখ অকল্পনীয় আৰু অভাৱনীয় পৰিস্থিতি আৰু তাৰ প্ৰতিক্ৰিয়াৰ বাবে কোনোপক্ষই কোনোধৰণে সাজু নাছিল আৰু যিয়ে যেনেদৰে পাৰিছে তেনেদৰে সমস্যাবোৰৰ মুখামুখি হোৱাৰ চেষ্টা চলাইছে । ভাৰতৰ বিভিন্ন প্ৰদেশত কাম কৰি থকা অইন ৰাজ্যৰ বিভিন্ন শ্ৰমিকে নিজ ৰাজ্যলৈ যাবলগীয়া অৱস্থাত পৰিছে । একো বাহনৰ ব্যৱস্থা নথকাত খোজকাঢ়িয়েই গৈছে আৰু এই অমানুষিক যাত্ৰাত বহুজন মৃত্যুমুখতো পৰিছে বুলি সংবাদ প্ৰকাশ পাইছে । আৰু তাৰ মাজতো বহুজনে তেনেদৰে খোজকাঢ়ি যোৱা শ্ৰমিকসকলৰ বাবে ৰাস্তাৰ দাঁতিত খোৱাবস্তুও যোগান ধৰিছে লকডাউনৰ নিষেধাজ্ঞাৰ মাজতো । দিল্লীৰ পৰা নিজ নিজ ৰাজ্যলৈ যাব ওলোৱা শ্ৰমিকসকলৰ যি দুৰৱস্থা হৈছিল তাক হয়তো দিল্লীৰ দৰে সৰু ৰাজ্যৰ প্ৰশাসকে চম্ভালিব পৰা নাছিল । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছিল যে সেই ৰাজ্যবোৰত থকা উত্তৰ প্ৰদেশৰ শ্ৰমিকসকলৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আৰু সেইসকলৰ বাবে হোৱা ব্যয়খিনিও উত্তৰ প্ৰদেশ চৰকাৰে বহন কৰাৰ দায়িত্ব লৈছিল । তেলেংগানা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও একেই ধৰণৰ ঘোষণাৰে শ্ৰমিকসকলক ভাৰসা দিছিল । সুখৰ কথা অসমত কিন্তু বহিঃৰাজ্যৰ শ্ৰমিক পলাই যাব লগা হোৱা নাই । এই বিপদৰ সময়তো অসমৰ এই সংবাদে অসমৰ এখন ভাল ছবিকেই প্ৰকাশ কৰে ।
কিন্তু লকডাউন কিমান দিনলৈ হৈ থাকে, সেই প্ৰসংগতো কিন্তু কোনো নিশ্চিত হ’ব পৰা নাই । গতিকে এই অনিশ্চিত সময়বোৰ কেনেদৰে পাৰ কৰিব পাৰি তাৰ চিন্তায়ে মানুহবোৰক ব্যতিব্যস্ত নকৰা নহয় । অনিশ্চিত লকডাউনৰ সময়খিনিত দেখা গৈছে বহু অনলাইন ব্যৱসায়িক শিক্ষা প্ৰতিষ্ঠানে ৰেহাই মূল্যত পাঠদানৰ ব্যৱস্থা কৰিছে আৰু এই শিক্ষাৰ প্ৰতি আগ্ৰহী মানুহৰ সংখ্যাও বৃদ্ধি পাইছে । তেনেদৰে বহুতে বিনামূলীয়া শিক্ষাদানৰ ব্যৱস্থাও কৰিছে আৰু তাৰ দ্বাৰা সময়খিনি ৰ সদব্যৱহাৰ হৈছে বুলি ভাবিব পৰা গৈছে । এইবোৰৰ প্ৰয়োজনীয়তা আছে, কিন্তু একে সময়তে সাধাৰণ শ্ৰমিকসকলৰ যিসকলে মূলতঃ দৈনিক মজুৰি ভিত্তিত কাম কৰে আৰু সৰু ব্যৱসায় কৰেতেওঁলোকৰ কথাও ভবাৰ প্ৰয়োজন আছে । ইণ্টাৰনেটৰ ব্যৱস্থা থকাসকলে এই লকডাউনৰ সময়খিনি যেনেদৰে অতিবাহিত কৰিব পাৰিব, এই সুবিধা নথকাসকলৰ বাবে বিকল্প ব্যৱস্থা হিচাপে অকল টেলিভিছনৰ ছিৰিয়েলেই সকলো নহ’ব । মূল প্ৰয়োজনীয় বস্তু হ’ল খাদ্য । বিপদৰ সন্মুখীন হোৱা বা হ’বলৈ গৈ থকা মানুহবোৰ পতিয়ন যোৱাকৈ খাদ্যদ্ৰব্যৰ ব্যৱস্থা কৰাটো প্ৰশাসনে নিজৰ দায়িত্বৰ ভিতৰতে লোৱা উচিত ।