অনিৰ্বাপিত শ্ব’হাম এম্পোৰিয়াৰ জুই : জুই নিয়ন্ত্ৰণত ব্যৰ্থ অগ্নিনিৰ্বাপক বাহিনী
ইয়াৰ ফলত ১০০-১৫০ জোৱান নিয়োজিত হোৱাৰ পিছতো অগ্নিনিৰ্বাপক বাহিনী একেধৰণে অসহায় পৰিস্থিতিৰ সন্মুখীন হৈছে
গুৱাহাটী মহানগৰীৰ GS ৰোডৰ স্বাগতা স্কোৱেৰৰ শ্বহাম এম্পোৰিয়াৰ ভয়ংকৰ অগ্নিকাণ্ড ৩০ ঘণ্টা অতিক্রম হোৱাৰ পাছতো নিয়ন্ত্ৰণত আনিব পৰা হোৱা নাই। নিশা পূৰ্ণ শক্তিৰে চেষ্টা চলায়ো অগ্নিনিৰ্বাপক বাহিনী সম্পূৰ্ণভাৱে জুই নিয়ন্ত্ৰণত আনিবলৈ ব্যৰ্থ হৈছে।
স্বাগতা স্কোৱেৰৰ SBI বেংকৰ চাৰি মহলা সম্পূৰ্ণভাৱে জুইত জাহ গৈছে। দাওদাও জ্বলি উঠা দৃশ্যই আতংক সৃষ্টি কৰিছে।
বৃহৎ অট্টালিকাটোত বস্তুগত বিসংগতি থকাৰ অভিযোগ উঠিছে। সেই অনুসৰি
- প্ৰৱেশ-দ্বাৰৰ বিপৰীতে নাই প্ৰস্থান-দ্বাৰ
- পিছফালে অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ প্ৰৱেশ কৰাৰো ব্যৱস্থা নাই
- জ্বলি থকা অংশলৈ পানী প্ৰয়োগ কৰিবলৈও নাই কোনো উপায়
ইয়াৰ ফলত ১০০-১৫০ জোৱান নিয়োজিত হোৱাৰ পিছতো অগ্নিনিৰ্বাপক বাহিনী একেধৰণে অসহায় পৰিস্থিতিৰ সন্মুখীন হৈছে।
অট্টালিকাৰ ভিতৰৰ অংশ এতিয়াও জ্বলন্ত অৱস্থাত আছে। পিছৰ দিশৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ কৰা প্ৰতিটো চেষ্টা ব্যৰ্থ হৈছে।
ঘটনাটোকে কেন্দ্র কৰি পুনৰ গুৱাহাটী মহানগৰীৰ বহু অট্টালিকাৰ নিৰ্মাণত নিয়ম ভংগ, নিৰাপত্তা মানদণ্ডৰ অভাৱ আৰু বিপজ্জনক অব্যৱস্থাপ্ৰৱণতাৰ ছবি প্ৰকাশিত হৈছে।
ডিজিটেল ডেস্ক, ১১ ডিচেম্বৰ