ভীমৰাজ : আমাৰ পুলিচ চৰাই
ভীমৰাজৰ সৰ্বাধিক আচৰিত দিশ হৈছে ইয়াৰ মিমিক্ৰী বা নকল কৰিব পৰা ক্ষমতা। ই অন্য পক্ষীৰ ধ্বনি নকল কৰি পাৰে। ইহঁতে এই নকল মাত ব্যৱহাৰ কৰি অন্য পক্ষীক ভয় খুৱাই খাদ্য চুৰি কৰে। পক্ষীৰ এনে বৈশিষ্ট্যক ক্লেপ্ট'পেৰাছাইটিজম বোলা হয়।
মানস প্ৰতিম দত্ত
পুলিছ চৰাই! নামটো আচৰিত নহয়নে? পিছে, আমি পুলিছ চৰাই বোলা চৰাই এবিধ আমাৰ অসমৰে বাসিন্দা।পুলিছে হুইচেল বজালে হোৱা শব্দৰ দৰেই মাতৰ গৰাকী এই চৰাইবিধৰ নামেই হৈছে ভীমৰাজ চৰাই। ভাৰতৰ বহু ঠাইত ইয়াক স্থানীয় নাম দিছে কোতৱাল (যাৰ অৰ্থ আছিল “পুলিচ” বা “প্ৰহৰী”), বহু ঠাইত ই ভৃংগৰাজ নামেৰেও পৰিচিত।
ভীমৰাজৰ ইংৰাজী নাম গ্ৰেটাৰ ৰেকেট-টেইল্ড ড্ৰংগ’ (Greater Racket-tailed Drongo)। ইয়াৰ বৈজ্ঞানিক নাম Dicrurus paradiseus। ১৭৬৬ চনত কেৰ’লাছ লিনিয়াছে এই পক্ষীবিধৰ বিষয়ে বৰ্ণনা কৰিছিল। তেতিয়াৰে পৰা ই এছিয়া মহাদেশৰ অন্যতম আকৰ্ষণীয় পক্ষী হিচাপে পৰিচিত হৈ আহিছে। উৰি থকা ভীমৰাজক দেখিলে দুটা বিশাল মৌমাখিয়ে এটা ক’লা পক্ষীক খেদি যোৱা যেন লাগে। ভীমৰাজ পক্ষীৰ শাৰীৰিক গঠন ইয়াৰ অন্যতম আচৰিত দিশ। ইয়াৰ দৈৰ্ঘ্য ৩১ৰ পৰা ৩৬ চেণ্টিমিটাৰ পৰ্যন্ত হয়, আৰু ওজন ৭০ৰ পৰা ১২৫ গ্ৰাম। ইয়াৰ শৰীৰটো ক’লা ৰঙৰ, যাৰ ফলত ই সহজে জংঘলত লুকাই থাকিব পাৰে। কিন্তু ইয়াৰ মূৰত থকা বক্ৰাকাৰ পাখিৰ মুকুট (crest) আৰু নেজৰ শেষত থকা দুটা দীঘলীয়া ৰকেট-আকৃতিৰ পাখিয়ে ইয়াক অনন্য কৰি তোলে। এই ৰকেট-আকৃতিৰ পাখিসমূহহে উৰণৰ সময়ত এটা বিশেষ ধ্বনি উৎপন্ন কৰে। এই চেহেৰাই ইহঁতক জংঘলৰ “ষ্টাইলিছ” পক্ষী কৰি তোলে।
পোৱালি ভীমৰাজৰ চেহেৰা প্ৰাপ্তবয়স্ক সকলতকৈ অলপ নিস্তেজ হয়। এনে অৱস্থাত সিহঁতৰ মূৰত মুকুট নাথাকিবও পাৰে। এছিয়াত পোৱা ড্ৰঙ্গো পক্ষীসমূহৰ ভিতৰত ই সৰ্ববৃহৎ। ইয়াৰ ১৩টা উপপ্ৰজাতি আছে। ইয়াৰ চকুৰ ৰং ৰঙা-বাদামী। ইহঁতে ১২০০ মিটাৰতকৈ কম উচ্চতাৰ পাহাৰীয়া অঞ্চল পচন্দ কৰে।
ভীমৰাজৰ সৰ্বাধিক আচৰিত দিশ হৈছে ইয়াৰ মিমিক্ৰী বা নকল কৰিব পৰা ক্ষমতা। ই অন্য পক্ষীৰ ধ্বনি নকল কৰি পাৰে। ইহঁতে এই নকল মাত ব্যৱহাৰ কৰি অন্য পক্ষীক ভয় খুৱাই খাদ্য চুৰি কৰে। পক্ষীৰ এনে বৈশিষ্ট্যক ক্লেপ্ট’পেৰাছাইটিজম বোলা হয়। ইহঁতে প্ৰাণীৰ ধ্বনি আৰু মানুহৰ সৃষ্ট ধ্বনিও নকল কৰিব পাৰে। ইহঁত চুৰি বিদ্যাতো পাকৈত। যেতিয়াই সুবিধা পায় তেতিয়াই আন চৰাইৰ খাদ্য চুৰি কৰি আনে।
অধ্যয়নত দেখা গৈছে যে ইহঁতে ধ্বনিৰ অৰ্থ বুজি নকল কৰে, যিয়ে ইহঁতক অন্য মিমিক্ৰী কৰিব পৰা পক্ষীৰ পৰা পৃথক কৰি ৰাখে।
ভীমৰাজ মূলতঃ কীটভোজী, কিন্তু ফল আৰু ফুলৰ মৌও খায়। ভীমৰাজ একপত্নীক, আৰু প্ৰজনন কাল ভাৰতত এপ্ৰিলৰ পৰা আগষ্টলৈকে। ইহঁতে ৩-৪টা ৰঙা-বাদামী দাগ থকা ক্ৰীম ৰঙৰ কণী পাৰে। ১৫-১৭ দিন পোৱালি জগায়, আৰু পোৱালিবোৰে ১৭ৰ পৰা ২৮ দিনৰ ভিতৰত উৰিবলৈ শিকে।
অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত ভীমৰাজৰ সাংস্কৃতিক গুৰুত্ব অপাৰ। কাৰ্বি সম্প্ৰদায়ৰ পবিত্ৰ চিহ্ন জাম্বিলি আথন (এটা পবিত্ৰ চিহ্ন)ৰ ওপৰত ইয়াৰ ছবি দেখা যায়। জাম্বিলী আথন মূলতঃ দুটা শব্দৰ সমষ্টি। কাৰ্বি ভাষাত ‘জাম্বিলী’ মানে কাৰবি মোনা আৰু ‘আথন’ মানে গছৰ ঠানি৷ গতিকে ‘জাম্বিলী আথন’ হৈছে মোনা বা জোলোঙা ৰখাৰ বাবে সজা ডাল৷
কাৰ্বি জনগোষ্ঠীয়ে বিশ্বাস কৰে যে, ভীমৰাজ হৈছে চৰাইৰ ৰজা। সেইবাবেই কাৰ্বিৰ জাম্বিলি আথনৰ সৰ্বোচ্চ ঠাইত ভীমৰাজক বহুৱাই ৰখা হয়। উল্লেখযোগ্য যে, বেংৱই (কলমতুলা) নামৰ এজাতি বিশেষ গছৰ কাঠৰ চাৰিডাল শাখা-দণ্ড, এটা ডাঙৰ ৱ’জাৰু (ভীমৰাজ পক্ষী), ৪টা ৱ’জাৰু আত’ই (ফেঁচু চৰাই), ৪টা সৰু ৱ’লেং চেৰেৎছ’ (বাঢ়ৈটোকা চৰাই), ২টা মোহৰৰ সৈতে ল’জি (আইনা), ২০ডাল চ’ৱাই আলেক (কঁড়িৰ মালা) আৰু এডাল লেকপংতিং (ঢোলাকৃতিৰ মণিৰ গলপতা)ৰে জাম্বিলী আথন সজা হয়। নকছ’ (সৰু কটাৰী)ৰ সহায়ত মুখ্য আৰু শাখা-দণ্ডসমূহ কলাত্মকভাৱে সজোৱা হয়৷ ইয়াৰ ভীমৰাজ পক্ষী উপৱিষ্ট মূল দণ্ডডালক ‘আথন’ বুলি কোৱা হয়। আনহাতে একোটিকৈ ফেঁচু চৰাই থকা দণ্ড চাৰিডালক ‘জাম্বিলী’ বোলা হয়৷
মিজো ভাষাত ইয়াক ভাকুল বুলি কোৱা হয় আৰু পাখি বিভিন্ন অনুষ্ঠানত ব্যৱহাৰ হয়।
১৯৫০ চনৰ আগতে ভাৰতৰ বিভিন্ন ঠাইত মানুহে ইয়াক পোহনীয়া চৰাই হিচাপে ৰখা হৈছিল। চীনা আৰু জাপানী বৌদ্ধ গ্ৰন্থত উল্লেখ থকা কলৱিঙ্কা (kalavinka) ভীমৰাজ চৰাইৰ আধাৰ আছিল বুলি এডৱাৰ্ড এইচ. শ্বেফাৰে মত পোষণ কৰিছিল।
ভীমৰাজক IUCNএ Least Concern হিচাপে শ্ৰেণীভুক্ত কৰিছে। ভীমৰাজ পক্ষী অসমৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ অংশ। আমি ইয়াক সংৰক্ষণ কৰি ভৱিষ্যত প্ৰজন্মলৈ হস্তান্তৰ কৰিব লাগিব।