বিশেষ বাৰ্তা, ডিব্ৰুগড়, ১১ ডিচেম্বৰ : ‘বিগত পাঁচ বছৰত ৰাজ্যত হ্ৰাস পাইছে ছাত্র-ছাত্ৰীৰ ড্ৰপ আউটৰ সংখ্যা। ছাত্র-ছাত্ৰীৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰভাৱে কাম কৰি আহিছে। প্ৰাথমিক পৰ্যায়ত ৬ শতাংশৰ পৰা ৪ শতাংশলৈ ড্ৰপ আউটৰ সংখ্যা কমাই দিছোঁ। এম ই স্কুলত ৮ শতাংশৰ পৰা ৫ শতাংশ আৰু হাইস্কুলত ২৫ শতাংশৰ পৰা ১৭ শতাংশলৈ ড্ৰপ আউটৰ সংখ্যা হ্ৰাস কৰিবলৈ সক্ষম হৈছোঁ।’- ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত আজি ৩,১০,০৩১গৰাকী নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ডিব্ৰুগড় পুৰণি হাইস্কুল খেলপথাৰত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণ প্ৰসংগত কয়- আজি ৩,১০,০৩১গৰাকী ছাত্র-ছাত্ৰীক একোখনকৈ চাইকেল দিয়া হ’ব। ডিব্ৰুগড়ৰ পৰা এই আঁচনি আৰম্ভ কৰা হৈছে। সমগ্ৰ ৰাজ্যত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্র-ছাত্ৰীক চাইকেল দিয়া হ’ব। ছাত্র-ছাত্ৰীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসমৰ সকলো ছাত্র-ছাত্ৰীয়ে পঢ়া-শুনা কৰিব লাগিব, নিয়মিতভাৱে স্কুললৈ যাব লাগিব আৰু নিজৰ সপোনবোৰ পূৰাব লাগিব। আমাৰ সকলোৰে সপোন বেলেগ, কিন্তু সপোনবোৰ পূৰণ কৰিবলৈ এটা পৰ্যায়ত শিক্ষাগ্ৰহণ কৰিব লাগিব। প্ৰতিগৰাকী ল’ৰা-ছোৱালীয়ে যদিও কলেজ বা প্ৰাথমিক পৰ্যায়ত নামভৰ্তি কৰে, কিন্তু ৬ শতাংশই শিক্ষা এৰি দিয়ে। আমাৰ অসমত এটা বছৰত প্ৰাথমিক বিদ্যালয়ত ৪০ শতাংশ ছাত্র-ছাত্ৰীয়ে আধাতে শিক্ষা এৰি দিয়ে। সমাজত শিক্ষা নহ’লে নিজৰ সপোন পূৰাব কেনেকৈ? প্ৰতিগৰাকী ল’ৰা-ছোৱালীৰ মাজত প্ৰতিভা লুকাই থাকে। তাৰ বাবে এটা পৰিৱেশ লাগে। সেই পৰিৱেশ স্কুলত পোৱা যায়। স্কুল এৰি দিয়াৰ লগে লগে সমাজে বহু প্ৰতিভা হেৰুৱাবলগীয়া হয়। পঢ়াৰ পৰা আঁতৰি গ’লে পিতৃ-মাতৃ, সমাজ আৰু ৰাজ্যখনৰ ক্ষতি হয়। কোনো ল’ৰা-ছোৱালীয়ে অৰ্থনৈতিক অভাৱৰ বাবে যাতে স্কুল এৰিব নোৱাৰে তাৰ বাবে বিশেষ আচনি লৈছোঁ।
কিতাপ কিনিব নোৱাৰাসকলক কিতাপ, বিনামূলীয়া ইউনিফৰ্ম, মধ্যাহ্ন ভোজন, স্কুল বা কলেজলৈ যাবলৈ চাইকেল দিয়াৰ ব্যৱস্থা কৰিছোঁ। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষাৰ্থীক প্ৰতিমাহে ৩০০ টকাকৈ বেংকত ধন দিয়াৰ ব্যৱস্থা কৰিছোঁ। মেট্ৰিকৰ আবেদন পূৰাবলৈ চৰকাৰে ব্যৱস্থা কৰিব। কলেজত নামভৰ্তি কৰিবলৈ চৰকাৰে দিব। উচ্চতৰ মাধ্যমিক পৰ্যায়ত ছোৱালীক প্ৰতি মাহে ১০০০ টকাকৈ দিয়া হ’ব। ডিগ্ৰী পোৱাৰ পাছত ১২৫০ টকা আৰু বিশ্ববিদ্যালয়ত পালে ২৫০০ টকাকৈ দিয়া হ’ব। ছোৱালীবিলাকৰ বাবে নিযুত মইনা আঁচনি আৰু লৰাবিলাকৰ কাৰণে বাবু আঁচনি দিয়া হ’ব। আমি অতি সোনকালে ল’ৰাবিলাকৰ কাৰণে বাবু আঁচনি মুকলি কৰিম। আমাৰ স্কুলবিলাক ৬-৮ কোটি টকাকৈ দি নতুনকৈ নিৰ্মাণ কৰা হ’ব। চাহ বাগিচাত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় নিৰ্মাণ কৰিছোঁ। নতুন মহাবিদ্যালয়, বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছোঁ। চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰিব পৰাকৈ ২৫খন মেডিকেল কলেজ নিৰ্মাণ কৰিছোঁ। ইতিমধ্যে ১৫খন সম্পূৰ্ণ হৈছে। অভিযান্ত্ৰিক প্ৰতিষ্ঠান নিৰ্মাণ কৰা হৈছে। যাতে আমাৰ ল’ৰা-ছোৱালীবোৰৰ সপোন পূৰণ কৰিব পাৰোঁ। অসমত উদ্যোগীকৰণ, কৃষি, হৰ্টিকালচাৰ আদি দিশক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছোঁ। যোৱা পাঁচ বছৰত ছাত্র-ছাত্ৰীৰ বাবে নিৰন্তৰ কাম কৰিছোঁ। প্ৰাথমিক পৰ্যায়ত ৬ শতাংশৰ পৰা ৪ শতাংশলৈ ড্ৰপ আউটৰ সংখ্যা কমাই দিছোঁ। এম ই স্কুলত ৮ শতাংশৰ পৰা ৫ শতাংশ আৰু হাইস্কুলত ২৫ শতাংশৰ পৰা ১৭ শতাংশলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছোঁ। সফলতাৰ প্ৰমাণ আমি লাহে লাহে দেখা পাইছোঁ। একাগ্ৰতা, ইচ্ছাশক্তি, অধ্যৱসায় থাকিলে জগত জয় কৰিব পাৰি। শক্তিশালী মানৱ সম্পদ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰি।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে মানুহে নিজৰ ইচ্ছাশক্তি আৰু প্ৰতিভাৰ ফলত উচ্চ শিখৰত আৰোহণ কৰিব পাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয়- নিজৰ ভিতৰত থকা প্ৰতিভা চিনি পাব লাগিব। তেতিয়াহে সেই প্ৰতিভা বিকাশ কৰিব পাৰি। আমি সফল ব্যক্তি হ’বলৈ নিয়মিত অধ্যয়ন কৰিব লাগিব। নিজক যদি আমি সমাজত প্ৰতিষ্ঠা কৰিব পাৰোঁ, তেতিয়া আমাৰ দেশ, সমাজখন নিশ্চিতভাৱে আগুৱাই যাব। পঢ়া-শুনা আৰু খেলা-ধূলাৰ মাজেৰে নিজৰ জীৱনটোক আগুৱাই লৈ যাব বুলি আশা কৰিছোঁ। অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ছাত্র-ছাত্ৰীসকলৰ স্বাৰ্থত ৰাজ্য চৰকাৰে উল্লেখনীয় কাম কৰি অহা বুলি উল্লেখ কৰে।
আজিৰ এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, যোগেন মহন, প্ৰশান্ত ফুকন, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, ডিব্ৰুগড়ৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, মটক স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোহাঁই, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জিলা আয়ুক্ত বিক্ৰম কৈৰী আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।