বিৰাট কোহলি–ৰোহিত শর্মাৰ ক্ষেত্ৰত আকৌ পুনৰীক্ষণৰ ইংগিত বৰ্ডৰ
ছুপাৰষ্টাৰ দুগৰাকীয়ে উপার্জনৰ পৰা ২ কোটি টকা হেৰুৱাব পাৰে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে চলিত বর্ষৰ আৰম্ভণিতে ঘোষণা কৰা বার্ষিক কেন্দ্রীয় চুক্তিৰ নীতি পুনৰীক্ষণ কৰিব বুলি সংবাদ মাধ্যমত প্রকাশ
ভাৰতীয় ক্রিকেটত বৃহৎ পৰিৱর্তন৷ দুই তাৰকা ক্রিকেটাৰ বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ দৰমহা কর্তন হোৱাৰ সম্ভাৱনা আছে৷ ফলত ছুপাৰষ্টাৰ দুগৰাকীয়ে উপার্জনৰ পৰা ২ কোটি টকা হেৰুৱাব পাৰে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে চলিত বর্ষৰ আৰম্ভণিতে ঘোষণা কৰা বার্ষিক কেন্দ্রীয় চুক্তিৰ নীতি পুনৰীক্ষণ কৰিব বুলি সংবাদ মাধ্যমত প্রকাশ৷ এই পুনৰীক্ষণৰ অংশ হিচাপে ব’র্ডে কেইবাজনো জ্যেষ্ঠ খেলুৱৈৰ দৰমহা কর্তনৰ সিদ্ধান্ত লোৱা বুলি চর্চা চলিছে৷
কেন্দ্রীয় চুক্তিৰ শ্রেণীটো তিনিটা ফর্মেটত অংশগ্রহণৰ ওপৰত নির্ভৰ কৰে৷ কোহলি আৰু ৰোহিত শর্মাই তিনিটা ফর্মেটৰ ভিতৰত দুটা ফর্মেটৰ পৰা ইতিমধ্যে অৱসৰ গ্রহণ কৰিছে৷ দুয়োজনে মাত্র এদিনীয়া ক্রিকেটতে অংশগ্রহণ কৰি আছে৷
ফলত কোহলি আৰু ৰোহিতক গ্রেড এ প্লাছৰ পৰা গ্রেড এলৈ অৱনমিত কৰাৰ সম্ভাৱনা আছে৷ ২২ ডিচেম্বৰত অনুষ্ঠিত হ’ব বিচিচিআইৰ বার্ষিক সাধাৰণ সভা৷ উক্ত বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধাত গ্রহণ কৰিব পাৰে বুলি সংবাদ প্রতিষ্ঠানে প্রকাশ কৰিছে৷
টেষ্ট আৰু টি–২০ৰ পৰা অৱসৰ লোৱাত কোহলি আৰু ৰোহিতক এতিয়াও গ্রেড এ প্লাছত ৰখা হ’বনে নাই সেই সন্দর্ভত আলোচনাৰ সম্ভাৱনা আছে৷ জ্যেষ্ঠ ক্রিকেটাৰ দুগৰাকীৰ সন্মানৰ কথা বিবেচনা কৰি কোহলি আৰু ৰোহিতক গ্রেড এ প্লাছত ৰখাৰ পক্ষত আছে ব’ৰ্ডৰ বিষয়াসকলৰ এটা অংশ৷
ইপিনে ব’ডৰ আন এটা অংশই ৰো–কোক গ্রেড এত ৰখাৰ পক্ষত৷ ইপিনে ভাৰতীয় টেষ্ট আৰু এদিনীয়া দলটোৰ অধিনায়ক শুভমন গিল গ্রেড এ প্লাছত থকাটো নিশ্চিত৷ আনহাতে তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজা আৰু তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহক গ্রেড এ প্লাছত ৰখাটো খাটাং বুলি সংবাদ প্রতিষ্ঠানৰ বাতৰিত প্রকাশ৷
ডিজিটেল ডেস্ক, ১২ ডিচেম্বৰ