নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুশীলন কৰাৰ ইচ্ছা হিমাৰ

নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ কোভিড-১৯ ৰ বাবে সম্প্ৰতি সমগ্ৰ দেশতে চলি আছে ২১ দিনীয়া লকডাউন। এই সময়ছোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ তাৰকা মহিলা দৌৰবিদ হিমা দাসসহিতে কেইবাজনো এথলিটে পাটিয়ালাস্থিত এন আই এছত আবদ্ধ হৈ আছে। লকডাউনৰ সময়ছোৱাত
অনুশীলনৰ পৰা বিৰত থকা হিমা দাসসহিতে এথলিটকেইগৰাকীয়ে এন আই এছৰ চৌহদতে আউটড’ ৰ অনুশীলনৰ অনুমতি বিচাৰিছে ক্ৰীয়া মন্ত্ৰালয়ৰ। উল্লেখ্য যে পাটিয়ালাস্থিত এন আই এছত কোনো বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ থকাত এথলিটকেইগৰাকীয়ে আউটডৰত অনুশীলনৰ ইচ্ছা ব্যক্ত কৰিছে। এথলিটসকলৰ এই ইচ্ছাক সৰ্মথন জনাই উপ-ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰশিক্ষক ৰাধাককৃষ্ণন নায়াৰে কয় যে হিমা দাসৰ লগতে এন আই এছত থকা এথলিটকেইগৰাকীয়ে চৌহদৰ ভিতৰতে আউটড’ৰৰ অনুশীলন কৰাৰ বাবে বিচৰা আবেদন ক্ৰীয়া মন্ত্ৰালয়ে দুই-এদিনতে ইয়াৰ উত্তৰ দিয়াৰ সম্ভাৱনা আছে। ক্ৰীয়ামন্ত্ৰীলৈ লিখা এক পত্ৰত হিমা দাস সহিতে এথলিট কেইগৰাকীয়ে কয় যে তেওঁলোকক অতি কমেও দুঘণ্টা অনুশীলন কৰিব দিব লাগে।

You might also like