নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকলিৰ পথত গুৱাহাটী বিমানবন্দৰৰ নতুন টার্মিনেল

ভলুকা–অপতানি বাঁহেৰে নির্মাণ গুৱাহাটী বিমানবন্দৰৰ নতুন টার্মিনেল, T-2 হ’ব উত্তৰ–পূর্বাঞ্চলৰ যোগাযোগৰ মাইলৰ খুঁটি

লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত শীঘ্রে উদ্বোধন হ’ব নৱনির্মিত টার্মিনেল– টি–২৷ এই নৱনির্মিত টার্মিনেল –টি–২ উদ্বোধনৰ লগে লগে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ আঠখন ৰাজ্যৰ কেৱল আন্তঃগাঁথনিৰ ক্ষেত্রতেই নহয়, যোগাযোগ ব্যৱস্থা, উদ্যোগ–বাণিজ্যৰ উন্নয়নকে ধৰি আন বহু ক্ষেত্রত ই এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব বুলি ধাৰণা কৰা হৈছে৷

তদুপৰি অঞ্চলটোৰ যোগাযোগ, পর্যটন আৰু সর্বাংগীণ উন্নয়নক ত্বৰান্বিত কৰি লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰ (এলজিবিআইএ) হিচাপে জনাজাত গুৱাহাটী আন্তঃৰাষ্ট্রীয় বিমানবন্দৰ লিমিটেডৰ (জিআইএএল) নৱনির্মিত আটকধুনীয়া টার্মিনেলে অসমক উত্তৰ–পূর্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত বিমান পৰিবহণ আৰু অর্থনৈতিক কেন্দ্রলৈ ৰূপান্তৰিত কৰিছে৷

উল্লেখ্য যে ভাৰতৰ ৰাজহুৱা–ব্যক্তিগত অংশীদাৰিত্বৰ (পিপিপি) বিমানবন্দৰসমূহৰ্ ভিতৰত অন্যতম সর্ববৃহৎ বিমান পৰিচালন কোম্পানী আদানি এয়াৰপ’ৰ্ট হোল্ডিংছ লিমিটেডৰ (এএএইচএল) নেতৃত্বত এই টার্মিনেলটো সাজু হৈ উঠিছে৷

অহা ২০ ডিচেম্বৰত এই টার্মিনেলটো আনুষ্ঠানিকভাৱে মুকলি কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ এহ নতুন টার্মিনেলটোৱে ভাৰতৰ এক সুদূৰপ্রসাৰী ভৱিষ্যৎ গঢ় দিয়াৰ বাবে আদানি গ্রুপে প্রদান কৰি অহা সাহসী প্রতিশ্রুতিৰ এক ইতিবাচক পদক্ষেপ বুলি বিবেচিত হৈছে৷

বহন ক্ষমতা, প্রযুক্তি আৰু বৈচিত্র্যময় স্থানীয় সংস্কৃতিৰ আর্হিৰে নির্মাণ কৰা টি২ টার্মিনেলে ঐতিহ্য আৰু প্রগতিৰ মাজত ভাৰসাম্যকো সামৰি ল’বলৈ সক্ষম হৈছে৷ বছৰি ১ কোটি ৩১ লাখ যাত্রীক সেৱা আগবঢ়াব পৰাকৈ নির্মাণ কৰি উলিওৱা বিমানবন্দৰৰ এই টার্মিনেলে চৰকাৰৰ এক্ট–ইষ্ট নীতিক প্রতিফলিত কৰিছে৷

স্থাপত্য আৰু কার্যকৰী দক্ষতাৰ উপৰি উত্তৰ–পূবৰ আঠখন ৰাজ্য অসম, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্রদেশ, ত্রিপুৰা আৰু ছিকিমৰ অর্থনৈতিক প্রগতি আৰু সংহতিত অনুঘটক হিচাপে কাম কৰিব এই টার্মিনেলে৷ অঞ্চলটোৰ উদ্যোগী, ৰপ্তানিকর্তা আৰু ক্ষুদ্র ব্যৱসায়ীসকলৰ বাবে উন্নত যোগাযোগৰ অর্থ হ’ল বৃহৎ বজাৰ আৰু দ্রুত যোগান শৃংখল স্থাপন আৰু এখন বৃহৎ বজাৰতন্ত্রত প্রৱেশ৷

অসমৰ চাহ আৰু হস্তশিল্পৰ পৰা আৰম্ভ কৰি নাগালেণ্ডৰ উদ্যান শস্য আৰু ত্রিপুৰাৰ কৃষি উৎপাদনলৈকে এই টার্মিনেলটোৱে বাণিজ্য, পর্যটন আৰু বিনিয়োগৰ বাবে এক গুৰুত্বপূর্ণ যোগাযোগ মাধ্যম হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে৷

ইয়াৰ জৰিয়তে স্থানীয় ডদ্যোগসমূহে এক উপযুক্ত পৰিৱেশ লাভ কৰি উৎপাদকসকলক ক্রেতাৰ সৈতে, উৎপাদকসকলক বজাৰৰ সৈতে আৰু ধাৰণাসমূহক সুযোগৰ সৈতে সংযোগ কৰিব৷ এই টার্মিনেলটোৱে অসমৰ পর্যটন অর্থনীতিৰো উন্নয়ন ঘটাই আতিথ্য, পৰিবহণ আৰু সংশ্লিষ্ট খণ্ডত প্রত্যক্ষ আৰু পৰোক্ষভাৱে কর্মসংস্থাপনৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে৷

বিমান পৰিবহণৰ জৰিয়তে সহজেই গুৱাহাটীত পদার্পণ কৰি উত্তৰ–পূর্বাঞ্চলৰ প্রাকৃতিক আৰু সাংস্কৃতিক সম্পদসমূহ অন্বেষণ কৰিবৰ বাবে অহা বিপুলসংখ্যক যাত্রীক আদৰিবৰ বাবে এই টার্মিনেল সাজু হৈ ডঠিছে৷

কাজিৰঙা ৰাষ্ট্রীয় উদ্যান আৰু মাজুলী দ্বীপৰ পৰা আৰম্ভ কৰি টাৱাঙৰ মঠ–মন্দিৰ আৰু শিলচৰৰ ৰোলিং হিল দর্শন কৰিবলৈ অহা পর্যটকসকলক পর্যাপ্ত সেৱা আগবঢ়াব এই নতুন টার্মিনেলে৷ অর্থনৈতিক প্রগতি আৰু আঞ্চলিক গতিশীলতাৰ ক্ষেত্রতো ইয়াৰ প্রভাৱ সমানেই উল্লেখযোগ্য হ’ব৷

উন্নত বিমান সংযোগে সমগ্র ভাৰত আৰু বিদেশত থকা ছাত্র–ছাত্রী, পেছাদাৰী ব্যক্তি তথা পৰিয়ালৰ লোকৰ বাবে দূৰত্ব হ্রাস কৰাৰ লগতে যোগাযোগৰ এক সুকীয়া সেতুবন্ধন সৃষ্টি কৰিব, যাৰ ফলত অঞ্চলটোলৈ পর্যটক, ভ্রমণকাৰীৰ লগতে জ্ঞান আৰু বিনিয়োগৰ প্রৱাহ বৃদ্ধি পাব৷

উল্লেখ্য যে নতুন টার্মিনেলটোৰ বাটচ’ৰা সজোৱা হৈছে ভলুকা আৰু অপতানি বাঁহৰ কাৰুকার্যৰে৷ ঐতিহ্য আৰু আধুনিকতাৰ পৰশেৰে কলাত্মকভাৱে সজোৱা এই বাটচ’ৰাই নিঃসন্দেহে বিমানবন্দৰৰ যাত্রীসকলক আকর্ষিত কৰিব আৰু যাত্রীসকলে প্রস্থান পথেৰে বাহিৰলৈ ওলাই অহাৰ সময়ত উত্তৰ–পূবৰ বিৰল সৌন্দর্যৰ মুখামুখি হ’ব৷

গুৱাহাটী আন্তঃৰাষ্ট্রীয় বিমানবন্দৰ লিমিটেডৰ (জিআইএএল) তত্ত্বাৱধানত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰ (এলজিবিআইএ) কেৱল এটা ট্ৰেনজিট পইণ্ট হৈ থকাৰ পৰা এতিয়া এটা অর্থনৈতিক প্রৱেশ পথলৈ ৰূপান্তৰিত হৈছে৷ এই প্রৱেশ পথে উন্নয়নৰ পথসমূহক অধিক প্রশস্ত কৰিব, বিমান পৰিবহণৰ সৈতে জডিত ব্যৱসায়সমূহক আকর্ষণ কৰিব আৰু ৰাজ্যখনৰ মুঠ ঘৰুৱা ডৎপাদন (জিডিপি) শক্তিশালী কৰিব৷

এই উচ্চাকাংক্ষী প্রকল্পটোৱে আদানি গ্রুপৰ এই বিশ্বাসকো সুদৃঢ় কৰে যে আন্তঃগাঁথনি হৈছে সর্বাংগীণ প্রগতিৰ এক শক্তি, যিয়ে উমৈহতীয়া সমৃদ্ধিৰ জৰিয়তে ভাৰতৰ বিভিন্ন অঞ্চলসমূহক একত্রিত কৰে৷ নতুন টার্মিনেলটো মুকলি হ’বলৈ সাজু হোৱাৰ লগে লগে ই অসমৰ আকাংক্ষা আৰু গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ দৃষ্টিভংগীৰ প্রতিফলন হিচাপে আত্মপ্রকাশ কৰিছে৷

ভাৰতক এক বিশ্বব্যাপী বিমান পৰিবহণ কেন্দ্র হিচাপে গঢ়ি তোলাৰ লগতে মানুহ, সংস্কৃতি আৰু অর্থনীতিসমূহক সংযোগ কৰাৰ উদ্দেশ্যক এই টার্মিনেলে বহু পৰিমাণে ত্বৰান্বিত কৰিব৷ প্রকৃতার্থত গুৱাহাটীৰ নৱনির্মিত এই টার্মিনেলটো কেৱল বিমানবন্দৰ নহয়, ই উত্তৰ–পূবৰ ভৱিষ্যতৰ গতিপথ বুলিও চিহ্ণিত হৈছে৷

ডিজিটেল ডেস্ক, ১৫ ডিচেম্বৰ

You might also like