দেশৰ যুৱচামৰ মাজত বাঢ়িছে হৃদৰোগত মৃত্যুৰ হাৰ, কাৰণ জানিলে হ’ব আচৰিত?
এইমছৰ চিকিৎসক–গৱেষকস্ মন্তব্য যে ভাৰতত যুৱচামৰ মাজত আকস্মিক মৃত্যুৰ হাৰ বৃদ্ধিৰ অন্যতম কাৰণ হ’ল কৰনাৰী আর্টাৰী ডিজিছ৷
ক’ভিড মহামাৰীৰ পিছৰে পৰা দেশৰ তৰুণ প্রজন্মৰ মাজত বৃদ্ধি পাইছে হূদৰোগত মৃত্যুৰ হাৰ৷ অনেকেই ইয়াৰ কাৰণ হিচাপে ধাৰণা কৰিছে হুৰমুৰকৈ তৈয়াৰ কৰি প্রয়োগ কৰা ক’ভিডৰ টিকা প্রদান৷ ইয়াকে লৈ দিল্লীৰ এইমছত চলিছে গৱেষণা৷
দিল্লীৰ এইমছৰ চিকিৎসক তথা গৱেষক ডাঃ সুধীৰ আৰাভাই কয় যে তৰুণ প্রজন্মৰ হৃদৰোগত আক্রান্ত হৈ মৃত্যু হোৱাৰ বাবে ক’ভিড ভেকচিনক দায়ী কৰিব নোৱাৰি৷ এইমছৰ চিকিৎসক–গৱেষকস্ মন্তব্য যে ভাৰতত যুৱচামৰ মাজত আকস্মিক মৃত্যুৰ হাৰ বৃদ্ধিৰ অন্যতম কাৰণ হ’ল কৰনাৰী আর্টাৰী ডিজিছ৷
১৮–৪৫ বছৰৰ নাৰী–পুৰুষৰ আকস্মিক মৃত্যু সন্দর্ভত গৱেষণা কৰি প্রকাশ কৰা প্রতিবেদন মতে তৰুণসকলৰ আকস্মিক মৃত্যুৰ ঘটনাত দুই–তৃতীয়াংশৰ ক্ষেত্রত হূদৰোগেই কাৰণ৷ এক তৃতীয়াংশ অন্য কাৰণ৷ বেছি বয়সীয়াসকলৰ হৃদৰোগত আক্রান্ত হোৱাৰ ধৰণৰ পৰা বহুখিনি পৃথক তৰুণসকলৰ আক্রান্ত হোৱাৰ ধৰণ৷
গৱেষকসকলে কম বয়সীয়া আৰু বেছি বয়সীয়া উভয় ক্ষেত্রতে হূদৰোগত আক্রান্ত হোৱাৰ বাবে অনিয়ন্ত্রিত জীৱন–যাপনকে দায়ী কৰিছে৷ তাৰ লগতে কোমর্বিডিটি’ অন্যতম কাৰণ৷
ডিজিটেল ডেস্ক, ১৫ ডিচেম্বৰ