নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPLৰ নিলামত ৰাজস্থান ৰয়েলছৰ হৈ অংশ ল’ব তিনি অনুৰাগীয়ে

প্ৰতিযোগিতাত বিশ্বৰ ৩৯খন দেশৰ ৭৫০০ অংশগ্ৰহণকাৰীয়ে নাম পঞ্জিয়ন কৰাৰ পাছত ১৫০০ ছাত্ৰ, যুৱ পেছাদাৰী আৰু বিশ্লেষকক নিজৰ পৰিসংখ্যাৰ দক্ষতাৰ বাবে নিৰ্বাচন কৰা হয়৷

আবুধাবিত কাইলৈ হ’ব লগা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ নিলামৰ বাবে সাজু হৈছে ৰাজস্থান ৰয়েলছ৷ এইবাৰ ৰয়েলছে নিলামত খেলুৱৈ বাছনি প্ৰক্ৰিয়াত দলটোৰ অনুৰাগীকো সংযুক্ত কৰিছে৷ সেই অনুসৰি নিলামৰ সময়ত আৰ আৰ দলৰ প্ৰতিনিধিৰূপে তিনিগৰাকী যুৱ শিক্ষাৰ্থী ক্ৰমে আই আই টি মাদ্ৰাজৰ অভিষেক আকুলা, আই আই টি হায়দৰাবাদৰ নীতিন ৰাজশেখৰ আৰু আই আই টি ৰায়পুৰৰ ছাইনাথ ৰেড্ডীও আবুঢাবিত উপস্থিত থাকিব৷

উল্লেখ্য যে অনুৰাগীয়ে নিজৰ প্ৰিয় দলটোৰ সাফল্যৰ বাবে খেলুৱৈ নিৰ্বাচনৰ বিষয়বোৰ সদায় মুকলিকৈ আলোচনা কৰে যদিও বাছনি প্ৰক্ৰিয়াত প্ৰত্যক্ষৰূপত অংশগ্ৰহণৰ সুযোগ নাপায়৷ কিন্তু ৰাজস্থান ৰয়েলছে প্ৰথমটো আই পি এল দল হিচাপে অনুৰাগীক দলৰ খেলুৱৈ বাছনি প্ৰক্ৰিয়াত জড়িত কৰিছে৷

আই পি এলৰ প্ৰথমবৰ্ষৰ চেম্পিয়ন দলটোৱে অনুৰাগীৰ চিন্তা-ভাৱনাক সন্মান জনাই ‘ছুপাৰআৰআৰ ছিলেক্টৰ’ নামেৰে এখন অনলাইন প্ৰতিযোগিতা আয়োজন কৰিছিল৷ এই প্ৰতিযোগিতাত বিশ্বৰ ৩৯খন দেশৰ ৭৫০০ অংশগ্ৰহণকাৰীয়ে নাম পঞ্জিয়ন কৰাৰ পাছত ১৫০০ ছাত্ৰ, যুৱ পেছাদাৰী আৰু বিশ্লেষকক নিজৰ পৰিসংখ্যাৰ দক্ষতাৰ বাবে নিৰ্বাচন কৰা হয়৷

দলটোক কোনটো স্থানৰ বাবে খেলুৱৈ প্ৰয়োজন, বাকী থকা ধনৰে নতুন খেলুৱৈ ক্ৰয় কিমানখিনি সম্ভৱ, খেলুৱৈজনৰ সফলতাৰ গড় আদি দিশবোৰ প্ৰতিযোগীয়ে নিখুতভাবে পৰিসংখ্যাৰে বুজাই দিয়াৰ অন্তত ১৬জন চূড়ান্ত প্ৰতিযোগীক আৰ আৰ দলৰ মুম্বাই কাৰ্যালয়লৈ আমন্ত্ৰণ জনোৱা হৈছিল অন্তিমটো বাচনিৰ বাবে৷

মুম্বাইৰ চূড়ান্ত প্ৰতিযোগিতাত শীৰ্ষ ১৬গৰাকী প্ৰতিযোগীয়ে আৰ আৰ দলৰ জ্যেষ্ঠ সদস্যৰ এটা পেনেলৰ সন্মুখত তেওঁলোকৰ ধাৰণাসমূহ উপস্থাপন কৰিছিল৷ দিনজোৰা পৰিসংখ্যাৰ চৰ্চাৰ অন্তত আবুঢাবিলৈ যাত্ৰা কৰিব লগা তিনিজনক বাচনি কৰা হয়৷

নিৰ্বাচিত ছুপাৰআৰ আৰ ছিলেক্টৰে চিন্তাৰ স্পষ্টতা, বিশ্লেষণাত্মক গভীৰতা আৰু উদ্ভাৱনী দৃষ্টিভংগীৰ বাবে নিলামত অংশ লেৱাৰ সুযোগ লাভ কৰিছে৷ তেওঁলোকে ক্ৰিকেটৰ অন্যতম কৌশলগত ইভেণ্টৰ পৰ্দাৰ আঁৰৰ বিৰল সুবিধা লাভ কৰাৰ লগতে আৰ আৰৰ মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰা আৰু ৰয়েলছৰ কৌশল আৰু বিশ্লেষণ সঞ্চালক গিলছ লিণ্ডছেৰ সন্মুখত তেওঁলোকৰ কংক্ৰিট ধাৰনাটো ব্যক্ত কৰাৰ সুযোগ লাভ কৰিব৷

ৰাজস্থান ৰয়েলছৰ এই পদক্ষেপৰ বিষয়ে ব্যক্ত কৰি গিলছ লিণ্ডছেই কয় ‘ছুপাৰআৰআৰ ছিলেক্টৰ’ প্ৰতিযোগিতাই এয়াই চিহ্নিত কৰিছে যে আমাৰ অনুৰাগী কিমান বিশ্লেষণাত্মকভাৱে দক্ষ আৰু তেওঁলোকক ক্ৰীড়াৰ আঁৰৰ চিন্তাধাৰা কিমান শক্তিশালী৷

ডিজিটেল ডেস্ক, ১৫ ডিচেম্বৰ

You might also like