নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইচোঙৰ গ্ল’বেল এম্বেছাদৰৰ দায়িত্ব গ্ৰহণ অৰণ্য মানৱ যাদৱ পায়েঙৰ

নিয়মীয়া বাৰ্তা, বনগাঁও, ১৬ ডিচেম্বৰ : এছিয়াৰ প্ৰথমখন সংৰক্ষিত বিচৰণ ক্ষেত্ৰ চৰাইচোঙক বিশ্বসভালৈ আগুৱাই নিয়াৰ বাবে গ্ল’বেল এম্বেছাদৰ ৰূপে দায়িত্ব গ্ৰহণ কৰিলে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে। ‘মাজুলীৰ সাহিত্য’ৰ সভাপতি কমল দত্ত‌‌‌ আৰু সম্পাদক গোবিন কুমাৰ খাউণ্ডে পায়েঙক যোৰহাট ককিলামুখৰ বাসগৃহত সাক্ষাৎ কৰি ৰাজহুৱা প্ৰস্তাৱ প্ৰদান কৰে আৰু তেওঁ সেই গুৰু দায়িত্ব অনুষ্ঠানিকভাৱে গ্ৰহণ কৰি চৰাইচোঙক দেশৰ লগতে বিশ্বৰ মঞ্চত তুলি ধৰাৰ আশ্বাস প্ৰদান কৰে। দায়িত্ব গ্ৰহণ কালত তেওঁৰ জীয়ৰী তথা অৰণ্য মানৱগৰাকীৰ পদ অনুসৰণ কৰি প্ৰকৃতি সুৰক্ষাত নিজকে অৰ্পণ কৰা মুনমুন পায়েঙো উপস্থিত আছিল।

উল্লেখযোগ্য যে আহোম ৰজা প্ৰতাপ সিংহই ১৬৩৩ খ্ৰীষ্টাব্দতে মাজুলীত স্থাপন কৰা এই পক্ষী উদ্যানখন কালৰ গ্ৰাসত হেৰাই যোৱাৰ পৰা পুনৰুজ্জীৱিত কৰিবলৈ ২০২৪ চনৰ পৰা অহৰ্নিশে কাম কৰা স্বেচ্ছাসেৱী সংগঠন “মাজুলীৰ সাহিত্য”ই যোৱা ৭ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ অনুষ্ঠিত কৰা দ্বিতীয়সংখ্যক “চৰাইচোং উৎসৱ”ৰ দ্বিতীয় দিনা অনুষ্ঠিত সভাত অৰণ্য মানৱগৰাকীক গ্ল’বেল এম্বেছাদৰ হিচাপে দায়িত্ব দিয়াৰ এক ৰাজহুৱা প্ৰস্তাৱ গৃহীত হৈছিল।

৩৯২ বছৰীয়া পক্ষী বিচৰণ ক্ষেত্ৰখন অভয়াৰণ্য ৰূপে ঘোষণা কৰা, বিস্তৃত অঞ্চলটো সুৰক্ষা আৰু ইয়াত বিচৰণ কৰা পক্ষীকুৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে চৰাইচোঙক কেন্দ্ৰ কৰি সেই বৃহৎ অঞ্চলত এটা ট্যুৰিষ্ট পেকেজৰ ব্যৱস্থা কৰা আৰু মাজুলীৰ জলাহ ক্ষেত্ৰ তথা মাজুলীৰ পক্ষী বিচৰণ ক্ষেত্ৰসমূহ ৰক্ষণাবেক্ষণ কৰাৰ এটা বিশাল পেকেজ চৰকাৰৰ সন্মুখত দাঙি ধৰিছে স্বেচ্ছাসেৱী সংগঠনটোৱে। অনাগত দিনত সেই দিশেৰে আগুৱাই যোৱাত পদ্মশ্ৰী যাদৱ পায়েঙৰ নেতৃত্বত কাম কৰিব বুলি আলোচনা কালত সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৰ নেতৃত্বই।

গ্ল’বেল এম্বেছাদৰৰ দায়িত্বৰে অতি কম দিনৰ ভিতৰতে এটি প্ৰতিনিধি দলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বনমন্ত্ৰীক সাক্ষাৎ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে উক্ত বৈঠকত। সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক ভুবন গামক আহ্বান জনায় প্ৰকৃতিবিদগৰাকীয়ে। তেওঁ কয়- পৃথিৱীত অন্যই চিন্তা নকৰোঁতেই মাজুলীত এগৰাকী আহোম ৰজাই কৰা এনে এক ঐতিহাসিক কৰ্ম আমি বিশ্ববাসীৰ সন্মুখত দাঙি ধৰি আমাৰ দূৰদৃষ্টি তথা পৃথিৱীখনৰ প্ৰতি থকা দায়বদ্ধতা প্ৰকাশ কৰি সকলোকে অনুপ্ৰাণিত কৰিব যদি নোৱাৰোঁ তেন্তে আমাৰ সাৰ্থকতা ক’ত। চৰাইচোং পুনৰুজ্জীৱিত সঠিক সময়ত আৰু সঠিক দিশেৰে আগুৱাই নিয়া হৈছে, গতিকে তেওঁ “মাজুলীৰ সাহিত্য”ৰ লগত থাকিব আৰু সকলোকে সহযোগিতা কৰিবলৈও আহ্বান জনায়।

You might also like