প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত সীমান্তত ২১,৪০৭ অবৈধ বাংলাদেশীক গ্ৰেপ্তাৰ
ৰাজ্যসভাত গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰাইৰ উদ্বেগজনক তথ্য, উন্মুক্ত সীমান্তৰে এতিয়াও অব্যাহত বাংলাদেশীৰ অনুপ্ৰৱেশ
উন্মুক্ত সীমান্তেৰে এতিয়াও অব্যাহত আছে অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ। ৪,০৯৬.৭০ কিলোমিটাৰব্যাপী ভাৰত বাংলাদেশ সীমান্তৰ ২০.৯২ শতাংশ এতিয়াও উন্মুক্ত। আৰু এই ৮৫৬.৭৭৮ কিলোমিটাৰৰ উন্মুক্ত সীমান্তেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া কাৰ্যকালত ২১,৪০৭ জন অবৈধ বাংলাদেশীক সীমান্তবৰ্তী এলেকাৰ পৰা নিৰাপত্তা বাহিনীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।
চলিত বছৰত নৱেম্বৰ মাহলৈকে গ্ৰেপ্তাৰ কৰা হৈছে ২,৫৫৬ জন অবৈধ বাংলাদেশীক। কেৱল যোৱা নৱেম্বৰ মাহটোত সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৩০৬ জন অবৈধ বাংলাদেশীক। লোকসভাত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰাইয়ে এই উদ্বেগজনক তথ্য দাঙি ধৰিছে।
সদনৰ প্ৰশ্নোত্তৰকালত তৃণমূল কংগ্ৰেছৰ সাংসদ জগদীশ চন্দ্ৰ বৰ্মা বাসুনিয়া আৰু শৰ্মিলা সৰকাৰে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত বিভাগীয় ৰাজ্যমন্ত্ৰীজনে প্ৰদান কৰা তথ্য অনুসৰি ভাৰত-বাংলাদেশ সীমান্তৰ সমান্তৰালকৈ ভাৰত-ম্যানমাৰ সীমান্তেৰেও অনুপ্ৰৱেশৰ সংখ্যা শেহতীয়াকৈ ব্যাপকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
যোৱা ১২ বছৰত নিৰাপত্তা বাহিনীয়ে ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা কৰায়ত্ত কৰিছে ১,৬০২ জন অবৈধ নাগৰিকক। ইয়াৰ ভিতৰত কেৱল এই বছৰতেই গ্ৰেপ্তাৰ কৰা হৈছে ৪৩৭ জন লোকক। যোৱা বছৰ গ্ৰেপ্তাৰ কৰা হৈছিল ৪৪১ জন অবৈধ নাগৰিকক।
লক্ষ্যনীয়ভাৱে ২০২২ চনৰ পৰা ভাৰত-ম্যানমাৰ সীমান্তত অবৈধ নাগৰিকৰ আগমন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ২০২২ চনত ১৭৩ জন আৰু ২০২৩ চনত ২১২ জন অবৈধ নাগৰিকক ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। লক্ষ্যনীয়ভাৱে মন্ত্ৰী ৰাইয়ে প্ৰদান কৰা তথ্য অনুসৰি ১,৬৪৩ কিলোমিটাৰ ব্যাপী ভাৰত-ম্যানমাৰ সীমান্তৰ মাত্ৰ ৯.২১৪ কিলোমিটাৰ এলেকাত কাইটীয়া তাৰৰ বেৰ আছে।
আনহাতে ভাৰত-বাংলাদেশ সীমান্তত ২০১৪ চনৰ পৰা ২০২৪ চনলৈকে বছৰী কৰায়ত্ত কৰা অবৈধ বাংলাদেশীৰ সংখ্যা হৈছে ক্ৰমে ২,১৬০; ২৮০৯; ১,৬০১; ৯০৭; ৮৮৪; ১,১০৯; ৯৫৫; ১,২০৮; ২,০৭৬; ২,৬১৭ আৰু ২,৫২৫। অৰ্থাত ২০২২ চনৰ পৰা ভাৰত-বাংলাদেশ সীমান্ততো অবৈধ বাংলেদেশীৰ ততপৰতা বৃদ্ধি পাইছে।
লক্ষ্যনীয়ভাৱে মন্ত্ৰী ৰাইয়ে প্ৰদান কৰা তথ্য কেৱল সীমান্তবৰ্তী অঞ্চলৰ পৰা কৰায়ত্ত কৰা অবৈধ বাংলাদেশীহে। ইয়াৰ উপৰি গোপনে কিমান সংখ্য অবৈধ বাংলাদেশীয়ে ভাৰতত প্ৰৱেশ কৰিছে তাৰ কোনো হিচাপ চৰকাৰৰ ওচৰত নাই।
মন কৰিবলগীয়া যে ভাৰত-বাংলাদেশ সীমান্তৰ ৭৯ শতাংশ কাঁইটীয়া তাঁৰৰ বেৰেৰে সুৰক্ষিত কৰাৰ বিপৰীতে ২,১৩৫.১৩৬ কিলোমিটাৰ ব্যাপী ভাৰত-পাকিস্তান সীমান্তৰ ৯৩.২৫ শতাংশই বেৰেৰ সুৰক্ষিত।
বিশেষ বাৰ্তা, নতুন দিল্লী, ১৬ ডিচেম্বৰ