চেক আনিবলৈ গৈছিল মুখ্যমন্ত্ৰীৰ সভালৈ, বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ঘৰ
কাৰেণ্টৰ ব’ৰ্ডত শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। শ্বৰ্ট চাৰ্কিটৰ পৰা ওলাই অহা জুইৰ ফিৰিঙতিয়ে মুহূৰ্ততে গোটেই ঘৰখন আগুৰি ধৰে। নিমিষতে জুইত বহু মূল্যৱান সামগ্ৰী ভস্মীভূত হয়
মুখ্যমন্ত্ৰীয়ে আত্মসহায়ক গোটৰ সদস্যাসকললৈ বিতৰণ কৰা চেক আনিবলৈ পৰিয়ালৰ লোক বাহিৰলৈ যোৱাৰ পিছতে বৰপেটা চহৰত সংঘটিত হয় এক বিধংসী অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত কোনো লোক ঘৰত নথকাৰ সময়তেই এটা বাসগৃহ সম্পূৰ্ণৰূপে পুৰি ছাৰখাৰ হয়।
জানিব পৰা মতে, বৰপেটা চহৰৰ ফাটাহাটীৰ কুঞ্জ ওজাৰ বাসগৃহত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয়। ধোঁৱা উঠা দেখি ওচৰ-চুবুৰীয়াই কুঞ্জ ওজাৰ ঘৰত জুই লগাৰ কথা গম পায় আৰু তৎক্ষণাৎ সহায়ৰ বাবে আগবাঢ়ি আহে।
প্ৰত্যক্ষদৰ্শীৰ মতে, কাৰেণ্টৰ ব’ৰ্ডত শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। শ্বৰ্ট চাৰ্কিটৰ পৰা ওলাই অহা জুইৰ ফিৰিঙতিয়ে মুহূৰ্ততে গোটেই ঘৰখন আগুৰি ধৰে। নিমিষতে জুইত বহু মূল্যৱান সামগ্ৰী ভস্মীভূত হয়।
এই অগ্নিকাণ্ডই কুঞ্জ ওজাৰ ঘৰৰ দুয়োফালে থকা আন দুটা ঘৰকো আগুৰি ধৰে। ফলস্বৰূপে তিনিটা ঘৰৰ প্ৰায় ২০ৰ পৰা ২৫ লাখ টকাৰ মূল্যৱান সামগ্ৰীৰ বিস্তৰ ক্ষয়-ক্ষতি হয় বুলি জানিব পৰা গৈছে।
খবৰ পোৱাৰ লগে লগে স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়। বহু চেষ্টা আৰু সহযোগিতাৰ অন্তত অৱশেষত জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অনা হয়। এই ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে।
ডিজিটেল ডেস্ক, ১৭ ডিচেম্বৰ