আজি তৃতীয় দিন, ধিঙত অব্যাহত উচ্ছেদ অভিযান
ধিঙৰ এই উচ্ছেদ অভিযানক সকলো দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে আদৰণি জনাইছে আৰু মুখ্যমন্ত্রীক প্ৰশংসা কৰিছে
- ধিঙত আজিও অব্যাহত আছে উচ্ছেদ অভিযান।
- আজি তৃতীয় দিন। তৃতীয় দিনাও প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান।
- ৰৌমাৰী বিলত একাংশ বেদখল কাৰীয়ে অবৈধভাৱে নিৰ্মাণ কৰিছিল পুখুৰী।
- যাৰ ফলত বন্ধ হৈ পৰিছিল বোঁৱতী সুঁতি। সৃষ্টি হৈছিল কৃত্ৰিম বানপানীৰ।
- ২৩০ বিঘা জলাশয়ৰ ৫৬৫টা অবৈধ পুখুৰীত চলি আছে এই উচ্ছেদ অভিযান।
- ধিঙৰ ভেৰভেৰী বিল, শালনাবড়ী, আহোমগাঁও, ৰৌমাৰী বিল, মৈৰাধৱজ, মাগুৰমাৰী আৰু গেৰেকনী বিলত চলিব উচ্ছেদ।
- ধিঙৰ এই উচ্ছেদ অভিযানক সকলো দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে আদৰণি জনাইছে আৰু মুখ্যমন্ত্রীক প্ৰশংসা কৰিছে।
ডিজিটেল ডেস্ক, ১৮ ডিচেম্বৰ