নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘন কুঁৱলীৰ বাবেই ভয়ানক পথ দুৰ্ঘটনা, হতাহত ৪

স্থানীয় লোকে ততাতৈয়াকৈ দুৰ্ঘটনাত পতিত পৰিয়ালটোক জৰুৰী সেৱাযোগে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও বিপুল হাতীমূৰীয়াক (৫১) চিকিৎসকে মৃত ঘোষণা কৰে

  • শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী থানাৰ ৰূপহীমুখৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা।
  • পথ দুৰ্ঘটনাত এজন নিহত আৰু তিনিজন গুৰুতৰভাৱে আহত।
  • পুৱা ঘন কুঁৱলীৰ বিপৰীত দিশৰ পৰা আহি থকা HR 39 2359 নম্বৰৰ এখন ডাম্পাৰত খুন্দা মাৰে AS 04 AJ 3863 নম্বৰৰ এখন হোণ্ডাই এক্সট্ৰীয়াৰ বাহনে।
  • বিপুল হাতীমূৰীয়া (৫১) নামৰ ব্যক্তিজন পৰিয়ালসহিতে নলবাৰীৰ পৰা শিৱসাগৰ বেতবাৰীস্থিত গৃহাভিমুখে অভিমুখে আহি থকা অৱস্থাতেই দুৰ্ঘটনাটো সংঘটিত হয়।
  • ঘন কুঁৱলীৰ বিপৰীত দিশৰ পৰা আহি থকা ডাম্পাৰখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে বাহনখনে।
  • দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ পৰে।
  • স্থানীয় লোকে ততাতৈয়াকৈ দুৰ্ঘটনাত পতিত পৰিয়ালটোক জৰুৰী সেৱাযোগে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও বিপুল হাতীমূৰীয়াক (৫১) চিকিৎসকে মৃত ঘোষণা কৰে।
  • আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত বিপুল হাতীমুৰীয়াৰ নমিতা চুতীয়া, ২ বছৰীয়া সন্তান আৰু চালক অৰুণজ্যোতি শীলৰ কথমপি প্ৰাণৰক্ষা পৰে।
  • আহতকেইজন বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।
  • বৰ্তমান নিৰ্মীয়মাণ অৱস্থাত থকা চাৰিলেনযুক্ত পথৰ নিৰ্মাণত নিয়োজিত একাংশ ডাম্পাৰ চালকৰ মইমতালিৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয়।
  • পথৰ কোনো লাইট নজ্বলোৱাকৈ বিপৰীত দিশৰ পৰা আহি আছিল ডাম্পাৰ দুখন।
  • ঘন কুঁৱলীৰ বাবেই ডাম্পাৰকেইখন দেখা পোৱা নাছিল হোণ্ডাই এক্সট্ৰিয়াৰ বাহনখনৰ চালকে।
  • ঘটনাস্থলীত জয়সাগৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাটোৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

ডিজিটেল ডেস্ক, ১৮ ডিচেম্বৰ

You might also like