বৰদিনৰ পূর্বে মণিপুৰত নতুনকৈ হিংসাৰ সূত্রপাত, গাঁওবাসীক লক্ষ্য কৰি নির্বিচাৰ গুলীচালনা
দীর্ঘদিন ধৰি অশান্তজর্জৰ মণিপুৰত শেহতীয়াকৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিবলৈ ধৰিছিল যদিও পুনৰ হিংসাত্মক ঘটনাৰ বাবে অশান্ত হৈ পৰিছে মণিপুৰ৷ নতুনকৈ চৰকাৰ গঠনক লৈ বিজেপিৰ তৎপৰতা চলি থকাৰ মাজতে পুনৰ হিংসাত্মক কার্য সংঘটিত হৈছে ৰাজ্যখনত৷ পৰহি ইম্ফল উপত্যকাৰ বিষ্ণুপুৰ জিলাৰ তোৰবাং আৰু ফুগাকচাও ইখাই এলেকাত কেইবাখনো গাঁওলৈ লক্ষ্য কৰি গুলীবর্ষণ কৰাৰ অভিযোগ উঠিছে কুকি উগ্রপন্থীসকলৰ বিৰুদ্ধে৷ তোৰবাং আৰু ফুগাকচাও ইখাই এলেকা পাহাৰীয়া জিলা চুৰাচান্দপুৰ জিলাৰ সীমান্তৱর্তী৷ পাহাৰৰ পৰাই কুকি উগ্রপন্থীসকলে গাঁওবাসীলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ অভিযোগ উঠিছে৷
সম্প্রতি পাহাৰৰ সৈতে লগ লাগি থকা সমতলৰ তোৰবাং আৰু ফুগাকচাও ইখাই এলেকাত ৩৮৯গৰাকী লোকে ইতিপূর্বে সন্ত্রাসৰ বাবে ঘৰ–বাৰী এৰি পলাই যোৱাৰ পিছত পুনৰ নিজ নিজ ঘৰলৈ উভতি আহিছিল আৰু তেওঁলোকক ভীত-সন্ত্রস্ত কৰাৰ উদ্দেশ্যে উগ্রপন্থীয়ে এনেদৰে গুলীচালনা কৰে বুলি বিষ্ণুপুৰ জিলা আৰক্ষীয়ে দাবী কৰে৷
উল্লেখ্য যে ২০২৩ বর্ষৰ ৩ মে’ত জনজাতি ছাত্র সংগঠন অল ট্রাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰৰ কার্যসূচীক লৈ ৰাজ্যখনত অশান্তিৰ সূত্রপাত হয়৷ মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটেইসকলক অনুসূচিত জনজাতিৰ মর্যাদা দিয়াৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰক বিবেচনা কৰাৰ নির্দেশ দিয়া হৈছিল৷ ইয়াৰ পিছত জনজাতীয় সংগঠনসমূহে তাৰ বিৰোধিতাত ৰাজপথ উত্তাল কৰি তোলে৷ এই ঘটনাৰ পৰাই সংঘাতৰ সূত্রপাত হয় ৰাজ্যখনত৷ পৰৱর্তী সময়ত হাইকোর্টৰ নির্দেশ প্রত্যাহাৰ কৰিলেও দুবছৰৰো অধিক দিন ৰাজ্যখনত গোষ্ঠী হিংসা অব্যাহত আছে৷
নিউজ ডেস্ক, ১৮ ডিচেম্বৰ :