সম্পাদকীয় : ইতিহাস হ’ব নেহৰু ষ্টেডিয়াম
দেশৰ লগতে বিশ্বৰ ক্রীড়া মানচিত্রত অসমক প্রথমবাৰৰ বাবে পৰিচয় কৰাই দিছিল গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামে৷ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা, পুলিন চন্দ্র দাস আদি ক্রীড়া মহীৰূহৰ অশেষ প্রচেষ্টা আৰু একাংশ ক্রীড়ানুৰাগীৰ সহযোগিতাত এই ঐতিহাসিক ষ্টেডিয়ামখন নির্মাণ কৰা হৈছিল৷ ১৯৬২ চনত ষ্টেডিয়ামখনৰ নির্মাণকার্য সম্পূর্ণ হৈ উঠাৰ পাছত প্রয়াত প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ নামেৰে নামাংকিত কৰা হয় এইখন ক্রীড়াক্ষেত্র৷ প্রতিষ্ঠাকালৰে পৰা এইখন ষ্টেডিয়ামত হাজাৰ–বিজাৰ খেলুৱৈৰ পদার্পণ ঘটিছে৷ অসংখ্য ঐতিহাসিক মেচ অনুষ্ঠিত হৈছে আৰু ইয়াৰ বুকুতে জন্ম হৈছে অসংখ্য ক্রিকেটাৰ, এথলীট আৰু ফুটবলাৰৰ৷ এটা সময়ত মহানগৰীখনত ক্রীড়াৰ প্রায়খিনি সুবিধা থকা ষ্টেডিয়াম আছিল নেহৰু ষ্টেডিয়াম৷ পৰৱর্তী সময়ত ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্রকল্প নামেৰে নামাংকিত ষ্টেডিয়ামখনৰ চৌহদত গঢ়ি উঠিছিল কেইবাখনো ইনড’ৰ ষ্টেডিয়াম, ছুইমিং পুলকে ধৰি ক্রীড়াৰ বিভিন্ন আন্তঃগাঁথনি৷ কিন্তু আৰু কেইদিনমানৰ পাছতে ইতিহাসত পৰিণত হ’ব ৰাধাগোবিন্দ বৰুৱাৰ দৰে একাংশ ক্রীড়ানুৰাগীৰ সপোনৰ খেলপথাৰ নেহৰু ষ্টেডিয়াম৷ বৰেণ্য ব্যক্তিসকলৰ ঘাম আৰু পৰিশ্রমৰ ফচল ঐতিহ্যমণ্ডিত নেহৰু ষ্টেডিয়ামত কিছুদিন পাছতে পৰিব হাতুৰীৰ কোব৷ উল্লেখ্য যে এইখন ষ্টেডিয়াম মূলতঃ ফুটবলৰ বাবে নির্মাণ কৰা হৈছিল যদিও ক্রিকেটৰ বাবেও ষ্টেডিয়ামখন উপযোগী কৰি তোলা হৈছিল৷ প্রায় ২৫ হাজাৰ দর্শকে একেলগে খেল উপভোগ কৰিব পৰা এই ষ্টেডিয়ামখন ৰাজ্যৰ লগতে দেশ আৰু আন্তর্জাতিক ক্রীড়াক্ষেত্রৰ বহু স্মৰণীয় মুহূর্তৰ সাক্ষী হৈ আহিছে৷ কিন্তু সৃষ্টিৰ বাবে ধ্বংস অনিবার্য৷ নেহৰু ষ্টেডিয়ামক অত্যাধুনিক ৰূপ দিয়াৰ প্রয়াসেৰে ভাঙি পেলোৱা হ’ব এইখন ক্রীড়াক্ষেত্র৷ নেহৰু ষ্টেডিয়ামৰ লগতে সমগ্র আৰ জি বৰুৱা ক্রীড়া প্রকল্প ধ্বংসস্তূপত পৰিণত হ’ব আৰু সেই ঠাইত প্রতিষ্ঠা হ’ব এখন অত্যাধুনিক আৰু আন্তর্জাতিক মানৰ ষ্টেডিয়াম৷ এইখন ষ্টেডিয়ামত প্রতিদিনে বিভিন্ন খেলৰ অনুশীলন হৈছিল যদিও অসম ক্রীড়া ব’র্ডে অহা ২১ ডিচেম্বৰৰ পৰা কার্যকৰী হোৱাকৈ নেহৰু ষ্টেডিয়াম গ্রাউণ্ডত সকলো ধৰণৰ ক্রীড়াৰ অনুশীলনৰ লগতে মেচ অনুষ্ঠিত কৰাটো বন্ধ ৰখাৰ নির্দেশ দিছে৷ তদুপৰি আৰ জি বৰুৱা ক্রীড়া প্রকল্পত থকা সকলো কার্যালয় খালী কৰাৰো জাননী জাৰি কৰিছে৷
অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি নেহৰু ষ্টেডিয়ামৰ লগতে আৰ জি বৰুৱা ক্রীড়া প্রকল্প পুনৰ নির্মাণৰ বাবে ইতিমধ্যে ৭৬৫ কোটি টকাৰ পুঁজি নির্ধাৰণ কৰা হৈছে৷ নৱনির্মিত ষ্টেডিয়ামখনত ক্রীড়াৰ সকলো ধৰণৰ অত্যাধুনিক সা-সুবিধা থাকিব৷ ষ্টেডিয়ামখনত নির্মাণ কৰা হ’ব আন্তর্জাতিক মানৰ এখন ফুটবল গ্রাউণ্ড৷ ইয়াত দর্শকৰ আসনৰ সংখ্যা পূর্বৰ দৰে ২৫ হাজাৰেই থাকিব বুলি জানিব পৰা গৈছে৷ ক্রীড়া প্রকল্পটোত নির্মাণ হ’বলগীয়া ৪টা ব্লকত বিভিন্ন ক্রীড়া সন্থাৰ কার্যালয়, ক্রীড়া সঞ্চালকালয়ৰ কার্যালয়, ক্রীড়া আৱাস, প্রায় ১,৫০০ বাহন ৰাখিব পৰা পার্কিঙৰ স্থান, প্রেক্ষাগৃহ, ইনড’ৰ গেমছৰ অনুশীলনৰ সুবিধা, কমার্চিয়েল ব্লক, ফুটবলৰ অনুশীলন গ্রাউণ্ড, বেডমিণ্টন, টেবুল টেনিছ, সমৰকলা, ছুইমিং পুল আদিৰ ব্যৱস্থাও থাকিব৷ বেডমিণ্টন, টেবুল টেনিছ, মার্চিয়েল আর্টছৰ বাবে ১,০০০খন আসনবিশিষ্ট ইনড’ৰ হল নির্মাণ কৰা হ’ব৷ জনা গৈছে প্রায় ১২ মহলীয়া ক্রীড়া প্রকল্পটো নির্মাণৰ বাবে ভাঙি পোলোৱা হ’ব বর্তমানৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়াম, কনকলতা ইনড’ৰ হল, এবিটা ইনড’ৰ হলৰ উপৰি স্কোৱাছ ক’ৰ্ট, বিমলাপ্রসাদ চলিহা ছুইমিং পুল, টেনিছ ক’ৰ্ট, বাস্কেটবল ক’ৰ্ট আদি৷ গৌৰৱৰ বিষয় যে ১৯৬২ চনত নির্মাণৰ পিছৰে পৰা নেহৰু ষ্টেডিয়ামত ফুটবলৰ সমান্তৰালভাৱে ক্রিকেটৰো অনুশীলন চলি আহিছিল৷ বিশ্বৰ অসংখ্য প্রসিদ্ধ ক্রিকেটাৰৰ পদস্পর্শই ধন্য কৰিছে এইখন ষ্টেডিয়ামক৷ অসম ক্রিকেট সন্থাই বর্ষাপাৰাত নিজাকৈ এখন ক্রিকেট ষ্টেডিয়াম নির্মাণ কৰাৰ আগলৈ ইয়াতেই অনুষ্ঠিত হৈছিল বহুকেইখন আন্তর্জাতিক ক্রিকেট মেচ৷ ষ্টেডিয়ামখনত ১৩খন এদিনীয়া আন্তর্জাতিক ক্রিকেট মেচ অনুষ্ঠিত হোৱাৰ উপৰি ৰঞ্জি ট্রফী, দুলীপ ট্রফী, দেওধৰ ট্রফী, লোকপ্রিয় বৰদলৈ ট্রফী, গুৱাহাটী ক্রীড়া সন্থাৰ বিভিন্ন লীগ মেচ, সন্তোষ ট্রফী, ফেডাৰেচন কাপ আদিৰ বিভিন্ন খেল ইয়াত অনুষ্ঠিত হৈছিল৷ কিছুদিন আগলৈ পুৱা আৰু বিয়লি খেলুৱৈৰ অনুশীলনে উজ্জীৱিত কৰি ৰখা নেহৰু ষ্টেডিয়ামত ২০০৭ চনত গুৱাহাটীত আয়োজিত ৰাষ্ট্রীয় ক্রীড়া মহোৎসৱৰ অসম আৰু কেৰালাৰ মাজত ফুটবলৰ ফাইনেল মেচখন অনুষ্ঠিত হৈছিল৷ মেচখনত জয়লাভ কৰি অসম দলে স্বর্ণ পদক অর্জন কৰি নেহৰু ষ্টেডিয়ামক স্মৰণীয় কৰি ৰাখিছে৷ এই সকলো স্মৃতি এতিয়া কালৰ সোঁতত হেৰাই যাব৷ এই ঐতিহাসিক ক্রীড়া ক্ষেত্রখনৰ স্থানত নতুনকৈ নির্মাণ হ’ব এখন অত্যাধুনিক ষ্টেডিয়ামৰ লগতে এটি সর্বাংগসুন্দৰ ক্রীড়া প্রকল্প৷