তীব্ৰবেগী অভাৰলোড ইটাবাহী বলেৰোৰ খুন্দাত নিহত স্কুটী আৰোহী
দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ইটাবাহী সেই বলেৰো বাহনখন পলায়ন কৰে। আনহাতে, দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা এএছ ১৭ পি/৬০৫৮ নম্বৰৰ স্কুটি আৰোহী গৰাকী গৰেৰহাট গাওঁৰ হামিদুৰ হামিদুৰ বুলি জানিব পৰা গৈছে
ধুবুৰীৰ আগমনীৰ গৰেৰহাটত শোকাবহ পথ দূৰ্ঘটনা – তীব্ৰ বেগী অভাৰলোড ইটাবাহী বলেৰোৰ খুন্দাত থিতাতে মৃত্যু স্কুটি আৰোহীৰ
আজি পুৱা ধুবুৰী জিলাৰ আগমনিৰ গড়েৰহাটৰ সমীপৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এখন দ্ৰুতগামী বলেৰো পিকআপ ভেনৰ খুন্দাত থিতাতে নিহত হয় এজন স্কুটি আৰোহী।
ইপিনে, দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ইটাবাহী সেই বলেৰো বাহনখন পলায়ন কৰে। আনহাতে, দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা এএছ ১৭ পি/৬০৫৮ নম্বৰৰ স্কুটি আৰোহী গৰাকী গৰেৰহাট গাওঁৰ হামিদুৰ হামিদুৰ বুলি জানিব পৰা গৈছে।
আজিৰ এই শোকাবহ দুৰ্ঘটনাৰ পিছত অঞ্চলটোৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গৰু-গোঁসাই নমনাকৈ অভাৰলোড ইটাবাহী বাহন চলাচল কৰি থকাৰ বিষয়টো লৈ আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও জুৰা বুলি ক্ষোভ উজৰাও দেখা পোৱা গৈছে অঞ্চলটোৰ একাংশই।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২০ ডিচেম্বৰ