নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিল্মফেয়াৰ অ’টিটি বঁটা লাভ অর্চিতা আগৰৱালাৰ

বোলছবি জগতৰ অসাধাৰণ প্রতিভাৰ মাজত এই স্বীকৃতি পোৱাত মই অতিশয় আনন্দিত হৈছো৷ এহ বঁটাটো টীম ডেস্পাচ, মোৰ পৰিয়াল, আৰু মোৰ গুৰুসকলৰ প্রতি উৎসর্গিত কৰিছোঁ৷ মই উত্তৰ–পূর্বাঞ্চলৰ পৰা প্রতিনিধিত্ব কৰিছো

অভিনেতা ৰবি শর্মাৰ সৈতে অসমীয়া ব্লকব্লাষ্টাৰ ছবি ৰুদ্রত অভিনয় কৰা উদীয়মান প্রতিভা তথা অসম কন্যা অর্চিতা আগৰৱালাক শেহতীয়াকৈ মুম্বাইত প্রবীণ অভিনেত্রী শ্বীবা চাদ্দাই প্রদান কৰা নৱাগত (মহিলা) ব্রেকথ্রু পাৰফর্মেঞ্চৰ বাবে ২০২৫ চনৰ ফিল্মফেয়াৰ অ’টিটি বঁটাৰে সন্মানিত কৰে৷

সমালোচকৰ প্রশংসিত ‘ডেস্পাচ’ ছবিত অনবদ্য অভিনয়ৰ বাবে আর্চিতাক এই সন্মান প্রদান কৰা হয়৷ ফিল্মফেয়াৰ অ’টিটি এৱার্ডত ‘ব্রেকথ্রু পাৰফর্মেঞ্চ বাই এ নিউকামাৰ (মহিলা)’ সন্মানেৰে অর্চিতা আগৰৱালাক সন্মানিত কৰা বিষয়টোৱে কেৱল অসমকে নহয় সমগ্র উত্তৰ–পূব অঞ্চলক গৌৰৱান্বিত কৰিছে৷

বহু অভিনেতাৰ সপোন এই সন্মানীয় বঁটা লাভ কৰি অর্চিতাই চলচ্চিত্র উদ্যোগটোৰ বাবে এক নতুন দুৱাৰ মুকলি কৰিছে৷ উল্লেখ্য যে মুম্বাইত সম্পন্ন হোৱা বঁটা প্রদান অনুষ্ঠানত বিক্রম মটোৱানে, নিখিল আদৱানি, আলিয়া ভাট, সন্যা মালহোত্রা, ফাতিমা সানা শইখ, বিকি কৌশল, ৰিচা চাদ্দাকে ধৰি বহুকেহজন ব্যক্তিয়ে অংশগ্রহণ কৰি ছবিখন আৰু ইয়াৰ অভিনেতাসকলক সন্মান জনায়৷

স্মর্তব্য যে অসমৰ পৰা ৰূপালী পর্দালৈ যাত্রা কৰা অসম কন্যা অর্চিতাই পঢ়া–শুনাৰ বাবে মুম্বাইলৈ গুচি যায় আৰু অভিনয়ৰ ক্ষেত্রখনত খোজ দিয়াৰ পূর্বে দুটা গুৰুত্বপূর্ণ বছৰ সাজ–পোছাকৰ ডিজাইনত কাম কৰে৷ চুটি ছবি, ৩০টাতকৈও অধিক ডিজিটেল বিজ্ঞাপন আৰু জনপ্রিয় ধাৰাবাহিক সত্যমেব জয়তেত অভিনয়ৰ জৰিয়তে তেওঁ মুম্বাইত এক শক্তিশালী ব্যক্তিত্ব তথা কেৰিয়াৰ গঢ়ি তুলিছিল৷

তেওঁৰ চলচ্চিত্র অভিনয় প্রতিভাৰ ভিতৰত আছে অসমীয়া বোলছবি ‘ৰুদ্র’ আৰু হিন্দী থ্রিলাৰ ‘ডেস্পাচ’৷ ডেস্পাচ তেওঁ কানু বেইলৰ পৰিচালনাত মনোজ বাজপেয়ীৰ সৈতে অভিনয় কৰিছে৷ বঁটা লাভ কৰাৰ পিছত অর্চিতাই কয়, ‘বোলছবি জগতৰ অসাধাৰণ প্রতিভাৰ মাজত এই স্বীকৃতি পোৱাত মই অতিশয় আনন্দিত হৈছো৷ এহ বঁটাটো টীম ডেস্পাচ, মোৰ পৰিয়াল, আৰু মোৰ গুৰুসকলৰ প্রতি উৎসর্গিত কৰিছোঁ৷ মই উত্তৰ–পূর্বাঞ্চলৰ পৰা প্রতিনিধিত্ব কৰিছো৷ অঞ্চলটোত প্রতিভাৰ অভাৱ নাই কিন্তু স্বীকৃতি পাবলৈ সক্ষম হোৱা নাই৷ আশাকৰোঁ এই মুহূর্তটোৱে আমাৰ অঞ্চলৰ আৰু অধিক প্রতিভাই ডাঙৰ পর্দাত কাম কৰাৰ পথ প্রশস্ত কৰিব৷’

উল্লেখ্য যে নৱাগত শিতানত অর্চিতাৰ ফিল্মফেয়াৰ পর্যায়ৰ বঁটা লাভ উত্তৰ–পূবৰ বাবে এক মাহলৰ খুঁটি৷ নৱাগত শিতানত ফিল্মফেয়াৰ পর্যায়ৰ বঁটা লাভ কৰা অসমৰ প্রথমগৰাকী শিল্পী অর্চিতা৷ বঁটা গ্রহণ কৰি তেওঁ আৰু কয় ‘মই নাজানো যে মোৰ আগতে আমাৰ উত্তৰ–পূবৰ কিমান শিল্পীক সন্মানিত কৰা হৈছে৷ মই নিশ্চিত যে এই অঞ্চলৰ পৰা বিশ্ব জয় কৰা প্রতিভাই যথেষ্ট আছে৷ কোনে জয়ী হ’ল বা নহ’ল সেই সন্দর্ভত মই কোনো মন্তব্য নকৰোঁ, কিন্তু আশাকৰোঁ ইয়াৰ দ্বাৰা আমাৰ ৰাজ্য আৰু অঞ্চলৰ প্রতিটো কোণৰ পৰা প্রতিভাৰ স্বীকৃতিৰ এক নতুন যুগৰ আৰম্ভণি হ’ব৷’

ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ

You might also like