নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজধানীত ভয়াৱহ পৰ্যায়ত প্রদূষণ, শিশু–বৃদ্ধৰ বাবে বিপজ্জনক পৰিস্থিতি

ধোঁৱা আৰু প্রদূষণৰ বাবে দিল্লীৰ জনতাই উশাহ ল’বলৈও সংগ্রাম কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ ৰাজধানী চহৰত শিশু আৰু বৃদ্ধৰ বাবে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি৷ দিল্লী চৰকাৰে প্রদূষণ নিয়ন্ত্রণৰ বাবে সর্বোচ্চ পর্যায়ৰ বাধা আৰোপ কৰিও ব্যর্থ হৈছে৷

ঘন কুঁৱলী আৰু ধূলিকণাৰ বাবে দৃশ্যমানতা শূন্য হৈ পৰিছে৷ সমান্তৰালভাৱে ঠাণ্ডাও দিনকদিনে বৃদ্ধি পাইছে৷ শনিবাৰে দিল্লীৰ বায়ুৰ গুণমান সূচাংক ৩৮০ হৈছে৷ শেহতীয়াকৈ প্রদূষণৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে৷ তাৰ পিছতো বায়ুৰ গুণাগুণ উন্নত হোৱা নাই৷ তিনিবাৰকৈ ক্লাউড চিডিঙৰ প্রচেষ্টা হাতত লৈ ব্যর্থ হয় দিল্লী চৰকাৰ৷ এক কোটি সাত লাখ টকা ব্যয়েৰে চলোৱা ক্লাউড চিডিঙৰ প্রচেষ্টাৰ ফলত নামমাত্র বৰষুণ হয় দিল্লীত৷ ইয়াৰ ফলত প্রদূষণ সামান্যও হ্রাস নাপালে৷ এনে পৰিস্থিতিত বিশেষজ্ঞসকলে দিল্লীৰ বায়ু শিশু–বৃদ্ধসকলৰ বাবে বিপজ্জনক হৈ পৰা বুলি সকীয়নি দিছে৷ প্রদূষণৰ ফলত বহু লোকে চকুৰ বিষ আৰু অনবৰতে কাহত ভোগা পৰিলক্ষিত হৈছে৷

প্রশাসনৰ তৰফৰ পৰাও পানী ছটিয়াই প্রদূষণ নিয়ন্ত্রণৰ প্রচেষ্টা চলোৱা হৈছে যদিও পৰিস্থিতি অলপো উন্নত হোৱা নাই৷ ইফালে, ধূঁৱলি-কুঁৱলী অৱস্থাৰ পৰিপ্রেক্ষিতত বিমানৰ উৰণ আৰু অৱতৰণতো ব্যাঘাত জন্মিছে৷ শনিবাৰে দিল্লী বিমানবন্দৰত ১০০খন বিমানৰ যাত্রা বাতিল কৰা হৈছে৷ একেদৰে ৰে’লৰ চলাচলো ব্যাহত হৈ পৰিছে নতুন দিল্লীত৷

নিউজ ডেস্ক, ২১ ডিচেম্বৰ :

You might also like