নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ যোৰহাট শাখা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন সম্পন্ন

দক্ষিণ যোৰহাট শাখা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশনখন ২০ ডিচেম্বৰত অনুষ্ঠিত হৈ যায়৷ ১৫৫নং চিনামৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে ৰঞ্জুমালা গগৈয়ে৷ আদৰণী ভাষণ দিয়ে সম্পাদক কবিতা গগৈ গোহাঁয়ে।  অনুষ্ঠানৰ লগত সংগতি ৰাখি শিশু আৰু চেমনীয়াসকলৰ মাজত অনুষ্ঠিত কৰা সাধু কথন, সংগীত পৰিৱেশন, স্বৰচিত কবিতা পাঠ আদিত ক্ৰমে অংকুৰাজ বৰা, অবিনাশ শইকীয়া, পম্পী বাউৰী, ঔম ভূনিজ, মুনমী বৰা, পূজা বৰা, মৰমী গোৱালা, আৰিয়ন আহমেদ, মাহিদ আহমেদ, সত্যভামা শৰ্মা, নবিতা ৰাণী সন্দিকৈ, ববিতা গোস্বামী, ৰূপালী দোলাকাষৰীয়া, নীলাঞ্জনা পাচনি, টিটন বৰুৱা, পৰশজ্যোতি বৰা, গীতা মিৰ্ধা, কবিতা গগৈ বৰগোহাঁই আদিয়ে অংশগ্ৰহণ কৰে।

সভাত প্ৰতিষ্ঠাপক সভাপতি জয়শ্ৰী শইকীয়াই এটি স্বৰচিত কবিতা পাঠ কৰাৰ উপৰি শাখাটিৰ উত্তৰণৰ বাবে দিহা-পৰামৰ্শ আগবঢ়ায়। বিশিষ্ট ব্যক্তিসকলৰ ফালৰ পৰা চিনামৰা বালিকা বিদ্যালয়ৰ দুগৰাকী প্ৰাক্তন অধ্যক্ষা মীনা বৰা আৰু লীনা বৰাই দক্ষিণ যোৰহাট শাখা সাহিত্য সভাৰ  কাৰ্যাৱলীক প্ৰশংসা কৰে আৰু ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় সহযোগিতাৰ বাবে আনন্দ প্ৰকাশ কৰে। লগতে শাখাই ভৱিষ্যত প্ৰজন্মৰ সৃষ্টিশীলতা বিকাশৰ বাবে লোৱা পদক্ষেপক আদৰণি জনায় আৰু পূৰ্বৰ সাহিত্য সভাৰ গৃহটি পুনৰ নিৰ্মাণৰ বাবে সভাক আহ্বান জনায়। সভাৰ এজন বিশিষ্ট অতিথি জ্যেষ্ঠ সাংবাদিক বিকাশজ্যোতি মহন্তই শিশুসকলৰ মাজত থাকি তেওঁলোকৰ সাধু, কবিতা, গীতৰ মাজেদি নিজৰ শৈশৱলৈ ঘূৰি যোৱাৰ দৰে অনুভৱ হোৱা বুলি আয়োজক সমিতিক প্ৰশংসা কৰে ।

সভাপতি ৰঞ্জুমালা গগৈয়ে ভাষণত অসম সাহিত্য সভাৰ ঐতিহ্যক স্মৰণ কৰে আৰু এনেদৰে তেখেতে সেৱা আগবঢ়াই যাবলৈ সকলোৰে সহযোগিতা কামনা কৰে। শেষত, প্ৰচাৰ সম্পাদক পৰশজ্যোতি বৰাই চিনামৰা অঞ্চলৰ গৌৰৱোজ্জ্বল অতীত সোঁৱৰণ কৰি এই ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনাই সভাত অংশগ্ৰহণকাৰী  প্ৰতিজন ব্যক্তিৰ শলাগ লয়৷ অসম সংগীতে সভাৰ অন্ত পৰে৷

নিয়মীয়া বাৰ্তা, চিনামৰা, ২১ ডিচেম্বৰ :

You might also like