বাংলাদেশৰ ভাৰতবিৰোধী ভয়ংকৰ ব্লু–প্রিণ্ট ফাদিল, অনুপ্রৱেশকাৰী সজাই গ্রেপ্তাৰ ১,০৪০ ভাৰতীয়ক
নিউজ ডেস্ক, ২৫ ডিচেম্বৰ : ভাৰতবিৰোধী ছেণ্টিমেণ্টত হিংসাৰ দাৱানলত দগ্ধ বাংলাদেশে দীর্ঘদিন ধৰি কৌশলেৰে ভাৰতীয় নাগৰিকক লক্ষ্য কৰি লোৱাৰ এক চাঞ্চল্যকৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে৷
সদ্যসমাপ্ত সংসদৰ শীতকালীন অধিৱেশনত কেন্দ্রীয় বৈদেশিক পৰিক্রমা দপ্তৰৰ ৰাজ্যমন্ত্রী কীর্তিবর্ধন সিঙে প্রদান কৰা তথ্য অনুসৰি, যোৱা পাঁচ বছৰত বাংলাদেশৰ ভূমিত সহস্রাধিক ভাৰতীয় নাগৰিকক গ্রেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে অথবা ভাৰতলৈ খেদি পঠিওৱা হৈছে৷ লক্ষণীয়ভাৱে আততায়ীৰ গুলীত দেশখনৰ ছাত্র অভ্যুত্থানৰ অন্যতম নেতা শ্বৰীফ ওছমান হাদিৰ মৃত্যুৰ পাছত বাংলাদেশত হিংসাৰ দাৱানল জ্বলি উঠা ১৮ ডিচেম্বৰৰ দিনাই ৰাজ্যসভাত প্রদান কৰা তথ্য অনুসৰি, ২০২১ চনৰ পৰা ২০২৫ চনৰ নৱেম্বৰ মাহলৈকে বাংলাদেশ প্রশাসনে ১,০৪০জন ভাৰতীয় নাগৰিকক ‘অনুপ্রৱেশকাৰী’ আখ্যা দি গ্রেপ্তাৰ কৰি হয় কাৰাগাৰলৈ নিক্ষেপ কৰিছে অথবা ভাৰতলৈ বলপূর্বকভাৱে খেদি পঠিয়াইছে৷
উক্ত পাঁচ বছৰত ঢাকাই ৫৬২জন ভাৰতীয়ক কাৰাগাৰলৈ প্রেৰণ কৰাৰ বিপৰীতে ৪৭৮জনক ভাৰতলৈ খেদি পঠিয়াইছে৷ ২০২১ চনৰ পৰা ২০২৫ চনলৈকে বাংলাদেশে কাৰাগাৰলৈ প্রেৰণ কৰা ভাৰতীয় নাগৰিকৰ সংখ্যা হৈছে ক্রমে ৬৪, ১৮৭, ১০, ১২৬ আৰু ১৭৫জন৷ আনহাতে, ভাৰতলৈ খেদি পঠিওৱা ভাৰতীয়ৰ সংখ্যা হৈছে ক্রমে ৬৪, ২০২, ১৭, ৩৯ আৰু ১৫৬জন৷
লক্ষণীয়ভাৱে ছাত্র অভ্যুত্থান হোৱা ২০২৪ চনত আৰু চলিত বছৰতে দেশখনে ৩০১জন ভাৰতীয়ক গ্রেপ্তাৰ কৰাৰ বিপৰীতে ১৯৫জনক খেদি পঠিওৱাৰ তথ্য কেন্দ্রীয় ৰাজ্যমন্ত্রী সিঙে সদনত দাঙি ধৰিছে৷
উল্লেখ্য যে শ্বৰীফ ওছমান হাদিক ভাৰতৰ এজেণ্ট আততায়ীয়ে হত্যা কৰা বুলি সাধাৰণ বাংলাদেশী নাগৰিকে সন্দেহ ব্যক্ত কৰি ভাৰতবিৰোধী আন্দোলনেৰে দেশখন হিংসাত্মক কৰি তুলিছে৷ ইয়াৰ পাছত ঈশ্বৰ নিন্দাৰ (ব্লাছফেমী) অভিযোগত ২৭ বছৰীয়া দীপু চন্দ্র দাস নামৰ এজন সংখ্যালঘু হিন্দু কাপোৰ উদ্যোগৰ শ্রমিকক দেশখনৰ মৈমনসিঙত গণপ্রহাৰ কৰি হত্যা কৰা হয়৷ ভাৰতীয় এজেণ্ট বুলি বাংলাদেশত কর্মৰত একাধিক সাংবাদিককো হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ এনে এক সময়ত সংসদৰ মজিয়াত উন্মোচিত ভাৰতীয় নাগৰিকৰ ওপৰত ৰাষ্ট্রযন্ত্রৰ পৃষ্ঠপোষকতাত হাৰাশাস্তি চলোৱাৰ তথ্যই চুবুৰীয়া দেশখনৰ ভাৰতবিৰোধী ভয়ংকৰ ব্লু–প্রিণ্ট দিনকদিনে অধিক স্পষ্ট কৰি তুলিছে৷