নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

UMB সৌন্দর্য প্রতিযোগিতাত অসম কন্যা অনিন্দিতাৰ সফলতা

জয়পুৰত যোৱা ২১ ডিচেম্বৰত অনুষ্ঠিত বিশ্বখ্যাত ইউএমবি সৌন্দৰ্য প্ৰতিযোগিতাত অসম কন্যা তথা মিৰ্জাৰ বাসিন্দা অনিন্দিতা কাশ্যপে “মিচেচ ইণ্ডিয়া ২০২৫ – ডাইৰেক্টৰ্ছ চয়েচ বঁটা” লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিবলৈ সক্ষম হয়।

তেওঁৰ এই সফলতাই অসমৰ লগতে মিৰ্জা- পলাশবাৰীলৈয়ো গৌৰৱ কঢ়িয়াই আনে। প্ৰয়াত অঞ্জন শৰ্মা আৰু অঞ্জলি শৰ্মাৰ কন্যা হ’ল অনিন্দিতা কাশ্যপ। মিৰ্জাৰ বাসিন্দা কাশ্যপ পেচাত এগৰাকী চাকৰিয়াল। আৰু তেওঁৰ স্বামীৰ নাম অংৰাগ দাস।

তেওঁৰ এই সাফল্যত পৰিয়ালবৰ্গৰ লগতে অঞ্চলটোৰ ৰাইজে উৎফুল্লিত হৈ পৰে। উল্লেখ যে,ভাৰতবৰ্ষৰ মুঠ ১১১ গৰাকী প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। মিছ ইণ্ডিয়া,এম এছ ইণ্ডিয়া,মিচেচ ইণ্ডিয়া আৰু মিচেচ এলিট ইণ্ডিয়া —এই চাৰিটা শাখাত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়।

এই প্ৰতিযোগিতাৰ সৰ্বোচ্চ আৰু বিশেষ সন্মান “ডাইৰেক্টৰ্ছ চইচ বঁটা” মুঠ চাৰিওটা শাখাৰ পৰা কেৱল তিনি গৰাকী প্ৰতিযোগীক প্ৰদান কৰা হয়। অনিন্দিতা কাশ্যপে এই মহত্বপূৰ্ণ সন্মান পাবলৈ সক্ষম হয়।

তেওঁ এই বঁটা লাভ কৰি কয়- ব্যক্তিত্ব,দৃঢ় প্ৰত্যয় আৰু সাধাৰণ প্ৰতিযোগিতামূলক পৰিসীমাৰ বাহিৰলৈকে প্ৰেৰণা দিয়া ক্ষমতাইহে প্ৰকৃত সফলতাৰ মাপকাঠি। এই বঁটা লাভ কৰাৰ জৰিয়তে তেওঁ ইউএমবি প্ৰতিযোগীতাৰ ইতিহাসত “ডাইৰেক্টৰ্ছ চইচ বঁটা”ৰে সন্মানিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে পৰিচিতি লাভ কৰে।

অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা উঠি অহা প্ৰতিভাসমূহৰ বাবে ৰাষ্ট্ৰীয় মঞ্চত এক উজ্জ্বল পৰিচয় আৰু অনুপ্ৰেৰণাৰ বাট মুকলি কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ প্ৰতিনিধিত্ব আৰু উৎকৰ্ষতাৰ এক নতুন মাপদণ্ড স্থাপন কৰিলে বুলি তেওঁ কয়। এই সাফল্যই তেওলৈ অদম্য মনোবল, স্বকীয়তা, আত্মবিশ্বাস, সৃষ্টিশীল চিন্তা গঢ়ি তোলে।

নিয়মীয়া বাৰ্তা, পলাশবাৰী, ২৪ ডিচেম্বৰ

You might also like