নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱসৰী অধ্যক্ষ, লেখক ভবিন চন্দ্ৰ বৰ্মনৰ মৃত্যু

নলবাৰী জিলাৰ মুকালমুৱাৰ নিকটৱৰ্তী টেঘেৰিয়াট্টাৰী গাঁৱ নিৱাসী, শিক্ষাবিদ, লেখক, সমাজসেৱী ভবিন চন্দ্ৰ বৰ্মন (৮২)ৰ আজি পৰলোকপ্ৰাপ্তি ঘটে৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত হাউলিঘাট গাৱঁত জন্ম গ্ৰহণ কৰা প্ৰয়াত বৰ্মন এগৰাকী কবি, লেখক, নাট্যকাৰ, সমাজ সংগঠক, সুবক্তা হিচাপে পৰিচিত আছিল।

ভবিন চন্দ্ৰ বৰ্মনে কিছুদিন ধৰি ৰোগাক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকি আজি পুৱা ১০.৩০ বজাত মৃত্যুক আকোঁৱালি লয় ৷ লাউপাৰা হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি পৰৱৰ্তী সময়ত গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ভবিন চন্দ্ৰ বৰ্মন এগৰাকী সংস্কৃতৰ বিদগ্ধ পণ্ডিত আছিল।

ভবিন চন্দ্ৰ বৰ্মনে মুকালমুৱাস্থিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

সাহিত্য সভাৰ আজীৱন সভ্য প্ৰয়াত বৰ্মনৰ বিয়োগত সমগ্ৰ মুকালমুৱা অঞ্চলত শোকৰ ছাঁ পৰিছে। বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিৰ প্ৰতিষ্ঠা কালৰ সদস্য প্ৰয়াত বৰ্মন, বৰক্ষেত্ৰী মৌজা সন্মিলনী, বৰক্ষেত্ৰী নাট্য সন্মিলনী, মুকালমুৱা শাখা সাহিত্য সভা, বৰক্ষেত্ৰী মহাবিদ্যালয় পৰিচালনা সমিতি, চণ্ডী মেধি বালিকা বিদ্যালয় পৰিচালনা সমিতি, আদৰ্শ বিদ্যাপীঠ মুকালমুৱা, লুইত জ্যোতি সমাজ, বৰক্ষেত্ৰী দেৱদামোদৰ সংঘকে আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ জড়িত আছিল।

ভবিন চন্দ্ৰ বৰ্মনৰ মৃত্যুত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ন ডেকা, বৰক্ষেত্ৰী প্ৰেছ ক্লাব, বিৰিণা গোষ্ঠী, অসম, বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ভাৰতীয় জনতা পাৰ্টী মুকালমুৱা-জাগাৰা মণ্ডল, ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷ মৃত্যুৰ সময়ত তেওঁঁ পত্নী, তিনি পুত্ৰ-বোৱাৰী, নাতি-নাতিনীসহ আত্মীয় স্বজনক ইহসংসাৰত এৰি যায় ৷

নিয়মীয়া বাৰ্তা, মুকালমুৱা, ২৬ ডিচেম্বৰ

You might also like