কামাখ্যা গেটত ৰাজপথৰ অবৈধ পার্কিঙে মাতিছে বিপদ
গুৱাহাটী মহানগৰবাসীয়ে সন্মুখীন হৈ অহা সমস্যাসমূহৰ ভিতৰত অন্যতম এক গুৰুত্বপূর্ণ সমস্যা হ’ল যান–জঁট৷ মহানগৰবাসীয়ে সন্মুখীন হৈ অহা যান–জঁটৰ সমস্যা সমাধানৰ বাবে ন্যায়ালয়ৰ নির্দেশ অনুসৰি চৰকাৰ, জিলা প্রশাসন আৰু যান–বাহন আৰক্ষীয়ে কেতবোৰ কঠোৰ নীতি–নির্দেশনা জাৰি কৰিছে৷
কিন্তু প্রশাসনৰ নির্দেশনাক অংগুষ্ঠ প্রদর্শন কৰি একাংশ লোকে ৰাজপথতে অবৈধ পার্কিং কৰি যান–জঁটৰ সমস্যাটো জটিল কৰি তুলিছে৷ ইয়াৰ এক অন্যতম উদাহৰণ হ’ল কামাখ্যাগেটৰ সদাব্যস্ত ৰাজপথত কৰা অবৈধ পার্কিং৷
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কামাখ্যাগেটত পথৰ দুয়োকাষে দীর্ঘদিন ধৰি নিশা আৰু পুৱাৰ ভাগত চিটী বাছকে ধৰি অন্যান্য বাহন অবৈধভাৱে পার্কিং কৰি আহিছে৷ ফলত বৃহত্তৰ অঞ্চলটোত বসবাস কৰা লোকসকলে যাতায়াতৰ ক্ষেত্রত দুর্ভোগ ভুগিবলগীয়া হৈছে৷
কামাখ্যাগেটৰ পৰা মেখেলা উজোৱা পথলৈকে ৰাজপথত চিটী বাছ আৰু অন্যান্য বাহন পার্কিং কৰা বিষয়টো সন্দর্ভত স্থানীয় লোকসকলে যান–বাহন আৰক্ষীৰ হেল্পলাইন নম্বৰযোগে অভিযোগ দাখিল কৰিছে৷ কিন্তু আজি পর্যন্ত মহানগৰ যান–বাহন শাখাৰ আৰক্ষীয়ে কামাখ্যাগেটৰ ৰাজপথত গঢ়ি উঠা অবৈধ পার্কিঙৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷
স্থানীয় লোকৰ অভিযোগ অনুসৰি এনেদৰে ৰাজপথতে চিটী বাছ অবৈধভাৱে পার্কিং কৰাৰ ফলত অঞ্চলটোত বহুকেইটা সৰু–বৰ দুর্ঘটনা সংঘটিত হৈ আহিছে৷ যান–বাহন আৰক্ষীয়ে অবৈধ পার্কিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ নকৰাত অঞ্চলটোত বসবাস কৰা লোকসকলে ক্ষোভ প্রকাশ কৰিছে৷ প্রতিদিনে হাজাৰ হাজাৰ দেশী–বিদেশী ভক্ত–দর্শনার্থীয়ে কামাখ্যা মন্দিৰ দর্শনৰ বাবে আহে৷ ভক্ত দর্শনার্থীসকলে কামাখ্যাগেটত নামি বাছ অথবা সৰু সৰু বাহনেৰে কামাখ্যা মন্দিৰলৈ অহা–যোৱা কৰাৰ লগতে একাংশ ভক্তই মেখেলা উজোৱা পথেৰে মনোবাঞ্ছা পূৰণৰ বাবে খোজকাঢ়িয়েই মা কামাখ্যাক দর্শন কৰে৷
কামাখ্যা মন্দিৰৰ নামনিত অবৈধভাৱে গঢ়ি উঠা পার্কিঙৰ বাবে যিকোনো সময়তে অনাগত দিনত ভয়াৱহ দুর্ঘটনা সংঘটিত হোৱাৰ আশংকা প্রকাশ কৰিছে স্থানীয় ৰাইজে৷ এইক্ষেত্রত শীঘ্রে ব্যৱস্থা গ্রহণ কৰি কামাখ্যাগেটৰ ৰাজপথত গঢ়ি উঠা অবৈধ পার্কিং উচ্ছেদ কৰি অঞ্চলটোৰ বাসিন্দাৰ লগতে কামাখ্যা মন্দিৰলৈ অহা ভক্ত–দর্শনার্থীসক সুচল যাতায়াত ব্যৱস্থা প্রদান কৰিবলৈ ৰাইজে জিলা প্রশাসন আৰু পৰিবহণ বিভাগক দাবী জনাইছে৷
ডিজিটেল ডেস্ক, ২৭ ডিচেম্বৰ