নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইন স্কেমৰ বলি ‘দুখীয়াৰ বন্ধু’ চিকিৎসক ডাঃ সদাগৰ দেউৰী

‘দুখীয়াৰ বন্ধু’ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ সদাগৰ দেউৰী সকলোৰে বাবে এটা চিনাকি নাম । নিজৰ সৰলতা, উদাৰতা, সেৱা আৰু সহায়ৰ মনোভাবৰ বাবে সৰ্বজনবিদিত আৰু সকলোৰে প্রিয় চিকিৎসকগৰাকী ।

কিন্তু এক ভয়ংকৰ অনলাইন স্কেমৰ কবলত পৰি সৰ্বস্বান্ত হ’ল ডাঃ সদাগৰ দেউৰী । হেৰুৱালে জীৱনৰ সমস্ত জমা পুঁজি । এক ভিডিঅ’ কলযোগে আৰক্ষী আৰু অধিবক্তাৰ নাম লৈ অনলাইন স্কেমেৰে প্ৰথমে চিকিৎসকগৰাকীক তেওঁৰ ওপৰত কেতবোৰ গুৰুতৰ গোচৰ ৰুজু হোৱাৰ কথা অৱগত কৰে। তাৰ পাছত গ্ৰেপ্তাৰ আৰু মানহানিৰ ভাবুকিৰে বৃহৎ ধন দাবী কৰি ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে। ফলত প্ৰৱঞ্চক চক্ৰটোৰ জালত ভৰি দি ডাঃ সদাগৰ দেউৰীয়ে বেংক ট্ৰেন্সফাৰযোগে সৰ্বমুঠ ৪৯ লাখ টকা আদায় দিয়ে। অৱশেষত এয়া এক ভয়ংকৰ প্ৰৱঞ্চনা বুলি অনুধাৱন কৰি আৰক্ষীৰ কাষ চাপিছে ডাঃ সদাগৰ দেউৰী ।

ডা: সদাগৰ দেউৰীৰ সৈতে সংঘটিত এই ভয়ংকৰ ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ যোৰহাটত। ৰাইজে আশা কৰিছে, চাইবাৰ আৰক্ষীয়ে এই অনলাইন স্কেম ফাদিল কৰি দুখীয়াৰ বন্ধু চিকিৎসক ডাঃ সদাগৰ দেউৰীক উচিত ন্যায় প্ৰদান কৰিব ।

বিশেষ বাৰ্তা, যোৰহাট, ২৮ ডিচেম্বৰ :
You might also like