নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটা চাৰিআলিত চোৰাং গৰু সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী

ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰ : বাইহাটা চাৰিআলিৰ গোৰেশ্বৰ পথত আৰক্ষীৰ গুলীচালনা । চোৰাং গৰু সৰবৰাহকাৰীলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখ্য যে চোৰাং গৰু সৰবৰাহকাৰীয়ে আৰক্ষীৰ গাড়ীক খুন্দিয়াই পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয়। গুলীচালানাত অৱশ্যে কোনো লোক হতাহত হোৱা নাই। পিছত আৰক্ষীয়ে তিনি গৰু চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে AS-14T-1553 নম্বৰৰ বাহনখন জব্দ কৰে। বাহনখনৰ পৰা চোকা অস্ত্ৰ, তলা খোলা সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ এই অভিযানত হাজোৰ চাইজুদ্দিন আলী, আজিজৰ ৰহমান আৰু সৰ্থেবাৰীৰ জেহেৰুল ইছলাম জালত পৰে।

You might also like