নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী কৰুণা কান্ত শৰ্মাৰ দেহাৱসান

পশ্চিম নলবাৰী অঞ্চলৰ বৰনৰ্দ্দীৰ ফুলবাৰী চুবুৰি নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষাবিদ তথা বিশিষ্ট সমাজকৰ্মী কৰুণা কান্ত শৰ্মাৰ (৮৮) বাৰ্ধক্যজনিত কাৰণত কালি নিশা  নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।

বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শৰ্মাই পিছলৈ অঞ্চলটোৰ বিভিন্ন সামাজিক কাম-কাজত আত্মনিয়োগ কৰিছিল। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ ফুলবাৰী গাঁও উন্নয়ন সমিতিৰ লগতে লক্ষ্মী মন্দিৰ সমিতিৰ সভাপতি, উত্তৰ পকোৱা বহুমুখী সমিতিৰ সদস্য, ঐতিহ্যমণ্ডিত বৰনৰ্দ্দী মহাবিষ্ণু যজ্ঞধামৰ এটি যুগৰ কৰ্মী, স্থায়ী পৰিচালনা সমিতি আৰু যজ্ঞ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি/সম্পাদককে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়বাব বহন কৰিছিল।

অঞ্চলটোৰ এগৰাকী সৎ আৰু অতি ধাৰ্মিক ব্যক্তি হিচাপে সকলোৰে মাজত পৰিচিত শৰ্মাই মৃত্যুৰ সময়ত পত্নী, পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰ লগতে অজস্ৰ গুণমুগ্ধক ইহসংসাৰত এৰি যায়। তেওঁৰ মৃত্যুত বৰনৰ্দ্দী মহাবিষ্ণু যজ্ঞধাম পৰিচালনা সমিতি, বেলশৰ বিল্বেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰ, বেলশৰ হাইস্কুলৰ প্ৰাক্তন শিক্ষাৰ্থী, বৰনৰ্দ্দী পেঞ্চনাৰ সন্থা, ফুলবাৰী গাঁও উন্নয়ন সমিতি, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীৰ লগতে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰে।

নিয়মীয়া বাৰ্তা, চামতা, ২৮ ডিচেম্বৰ :
You might also like