বুনিয়াদৰ উদ্যোগত ইটাখোলাত সুধাকণ্ঠৰ জন্মশতবৰ্ষৰ সামৰণী অনুষ্ঠান
বৃহত্তৰ ইটাখোলাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান বুনিয়াদৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণী অনুষ্ঠান ইটাখোলাস্থিত ১নং ইটাখোলা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত দিনযোৰা কাৰ্য্যসূচীৰ অনুষ্ঠিত হয়।
সামৰণী অনুষ্ঠানটি আৰম্ভ হোৱাৰ প্ৰাকক্ষণত সুধাকণ্ঠ ড.ভূপেন হাজৰিকা আৰু অসমৰ সংগীত জগতৰ ভোটাতৰা তথা হাৰ্টথ্ৰৱ জুবিন গাৰ্গক শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে বুনিয়াদৰ স্থায়ী সভাপতি জিতেন কাকতিয়ে। অনুষ্ঠানৰ আঁত ধৰে বুনিয়াদৰ সম্পাদক হেমন্ত নাথে।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতেই মধ্য নাগশংকৰ গাঁও পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাৰ সঞ্চালনাত মুকলি সভাখন আৰম্ভ হয়। সভাত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰে জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা তৰুণ শৰ্মাই । ড.ভূপেন হাজৰিকাৰ জীৱন পৰিক্ৰমাৰ সন্দৰ্ভত মননশীল বক্তব্য প্ৰদান কৰি শিল্পীগৰাকীৰ সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰে।
বিশিষ্ট অতিথি হিচাপে আসন গ্ৰহণ কৰে পাণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিশ্বজিৎ হাজৰিকা আৰু ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত প্ৰাক্তন সৈনিক উমা ছেত্ৰীয়ে। ইয়াৰ পিছত বৃহত্তৰ অঞ্চলটোৰ দাতা সাবিত্ৰী দেৱীয়ে প্ৰদান কৰা লখিমী শৈক্ষিক ন্যাসৰ বঁটা লাভ কৰে শিক্ষক, সাংবাদিক শিবু মজুমদাৰে। দাতা প্ৰণতি হাজৰিকা বৰাই প্ৰদান কৰা লাহৰী শৈক্ষিক ন্যাসৰ বঁটা লাভ কৰে শিক্ষয়ত্ৰী আৰতী মাহালীয়ে, দাতা জিতেন কাকতিয়ে প্ৰদান কৰা শ্ৰীধৰ কাকতি শৈক্ষিক ন্যাসৰ বঁটা লাভ কৰে শিক্ষক অজিত শইকীয়াই।
দাতা মনোৰমা কটকী আৰু স্বৰাজ কটকী (সঞ্চালক)য়ে ভোলা কটকীৰ সোঁৱৰণত প্ৰদান কৰা বিশ্বৰূপা প্ৰডাকচন শৈক্ষিক সাংস্কৃতিক ন্যাসৰ বঁটা লাভ কৰে ভাস্কৰ্য শিল্পী প্ৰতুল বৰাই। অসম চৰকাৰৰ “যুৱ লেখক সন্মান” লাভ কৰাৰ বাবে কবি, লেখক, সমাজকৰ্মী, সাংবাদিক, শিক্ষক বিশ্বজিৎ সূত আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ বাবে কৃতিমান ছাত্ৰী ড° উপাসনা নাথক উষ্ম অভিনন্দন জনাই সম্বৰ্ধনা জ্ঞাপন কৰে।
বঁটাত আছিল ফুলাম গামোচা, শৰাই আৰু সম্বৰ্দ্ধনা পত্ৰ। সম্বৰ্দ্ধনা অনুষ্ঠানৰ আঁত ধৰে বুনিয়াদৰ সভাপতি জিতেন কাকতিয়ে । ইয়াৰ পিছতে বুনিয়াদৰ অন্যতম শাখা সাহিত্য শাখাৰ উদ্যোগত ড° ভূপেন হাজৰিকাৰ জন্ম-শতবাৰ্ষিকী উপলক্ষ্যে ডিপলোঙা, জয়সিদ্ধি, ইটাখোলা, বালিজুৰি আদি এলেকাৰ বিভিন্ন বিদ্যালয় সামৰি অনুষ্ঠিত হৈ যোৱা ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান কৰে।
স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক্ৰমে ক শাখাত- প্ৰথমঃ কৃষ্ণাংগী ফুকন (অসম আদৰ্শ বিদ্যালয়, বৰপাম), দ্বিতীয়ঃ পৰিস্মীতা কলিতা (শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, ২ নং শান্তিপুৰ), তৃতীয়ঃ দিক্ষীতা শইকীয়া (বি.আই.চি. হাইস্কুল, ইটাখোলা) আৰু খুচী ঘাটোৱাল (অসম আদৰ্শ বিদ্যালয়, বৰপাম)।
খ শাখাত- প্ৰথমঃ পৰিস্মীতা বৰা (শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, ২নং শান্তিপুৰ), দ্বিতীয়ঃ বিতোপন বৰকাকতী (ব্লু পাইন ইংলিছ হাইস্কুল, ইটাখোলা), তৃতীয়ঃ পূৰ্ণিমা ৰায় (বালিজুৰি উচ্চ মাধ্যমিক বিদ্যালয়।
অনুষ্ঠানটিত অপৰাজিতা গগৈ সংগীত কলাকেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন নৃত্য-গীতৰ মাজেৰে ৰসাল কৰি সকলোকে আপ্লুত কৰে। বুনিয়াদৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে বুনিয়াদৰ প্ৰাক্তন সভাপতি গাজিলাল তাচা, উপদেষ্টা বেনিমাধৱ বৰা, মিন্টু নাথ, সাহিত্য শাখাৰ সভাপতি ললিত নাথ, শিক্ষা শাখাৰ সভাপতি ৰাজেন্দ্ৰ কলিতা, নাগশংকৰ আলোকৰ সম্পাদক পুতুল বৰা, বুনিয়াদৰ ভাৰত দাস, প্ৰকাশ বৰা, মিন্টু কটকী, হৰেণ নাথ, দিপ শইকীয়া, অনিমা শইকীয়া, ৰিণা ভূঞা, অনিল ছাহ আদিৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি । দলীয় নৃত্য প্ৰদৰ্শনৰে সৰ্বাংগ সুন্দৰ অনুষ্ঠানৰ সফল সামৰণি পৰে ।
নিয়মীয়া বাৰ্তা, ইটাখোলা, ২৯ ডিচেম্বৰ