নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ প্রথমখন দেশ হিচাপে ডাক ব্যৱস্থাৰ ইতি পৰিল এইখন ইউৰোপৰ দেশত

বিশ্বৰ যোগাযোগ ব্যৱস্থাত এসময়ত ডাক ব্যৱস্থাৰ বিশেষ ভূমিকা আছিল৷ দূৰণিবটীয়া ঠাইৰ পৰা খবৰ এটা পাবলৈ মানুহে ডাকোৱালজনলৈ অপেক্ষা কৰি ৰৈছিল৷ এনে পৰিপ্রেক্ষিততে টিমোথি লং, বিলি বেনেট, ক্রিছ মিক আদি কবিৰ দৰে আমাৰ গীতিকবি কেশৱ মহন্তয়ো ইতিমধ্যে যুগজয়ী গীত লিখি থৈ গৈছে৷

ইণ্টাৰনেটৰ আগমনৰ লগে লগে এই বিশেষ ব্যৱস্থাটোৰ মৃত্যুৰ দিন আসন্ন হৈ পৰিল৷ ই–মেইল, মেছেজ, হোৱাটছএপৰ দৰে যোগাযোগৰ যুগত অপ্রাসংগিক হৈ পৰিল ডাক ব্যৱস্থা৷ তেনে পৰিপ্রেক্ষিতত বিশ্বৰ প্রথমখন দেশ হিচাপে ডাকযোগে চিঠি পঠিওৱাৰ সেৱাটো সম্পূর্ণৰূপে বন্ধ কৰি দিবলৈ বাধ্য হ’ল ডেনমার্কে৷

ধাৰণা কৰা মতে প্রাচীন মিচৰত ফাৰাওসকলৰ উদ্যোগত ২৪০০ খ্রীঃপূর্বত প্রথমেই ডাক ব্যৱস্থাৰ প্রচলন হৈছিল৷ ভাৰতত প্রথম আধুনিক ডাক ব্যৱস্থাৰ সূত্রপাত হয় ১৭৭৪ চনত৷ ডেনমার্কত পিছে আৰু এশ বছৰ পূর্বে ১৬২৪ চনত এই ব্যৱস্থা প্রৱর্তিত হৈছিল৷ ৪০১ বছৰ ধৰি সেৱা আগবঢ়োৱাৰ পিছত দেশখনত ডাক ব্যৱস্থা বন্ধ কৰাৰ বিষয়ে মঙলবাৰে ঘোষণা কৰে ডেনমার্কৰ ৰাষ্ট্রীয়কৃত সংস্থা পোষ্টনর্ডে৷

পোষ্টনর্ডৰ বিষয়াসকলৰ বক্তব্য যে ডেনমার্কৰ জনসাধাৰণে ডিজিটেল যোগাযোগ ব্যৱস্থাৰ ওপৰত সম্পূর্ণৰূপে নির্ভৰশীল হৈ পৰাত ডাক ব্যৱস্থা প্রায় এলাগি হৈ পৰে৷ তাৰ ফলতে এনে এটি কঠিন সিদ্ধান্ত ল’বলগীয়া হয় দেশখনে৷

ডিজিটেল ডেস্ক, ২ জানুৱাৰী

You might also like