তামিম ইকবালক ভাৰতৰ এজেণ্ট আখ্যা বাংলাদেশ ক্রিকেট ব’ৰ্ডৰ
নিউজ ডেস্ক, ১০ জানুৱাৰী : মুস্তাফিজুৰ ৰহমানক আইপিএলৰ পৰা বাদ দিয়াৰ পিছত ভাৰতত টি–২০ বিশ্বকাপ নেখেলাৰ সিদ্ধান্ত গ্রহণ কৰিছে বাংলাদেশে৷ ইতিমধ্যে বাংলাদেশ ক্রিকেট ব’র্ডে এই সন্দর্ভত দুবাৰকৈ আইচিচিলৈ মেইল প্রেৰণ কৰিছে৷ কিন্তু আইচিচিয়ে ভাৰততে বাংলাদেশে টি–২০ বিশ্বকাপ খেলাটো বিচাৰিছে৷ অৱশ্যে দ্বিতীয়টো মেইলৰ উত্তৰ এতিয়ালৈকে অহা নাই৷
দেশখনৰ এনে পৰিস্থিতিৰ সময়তে বাংলাদেশৰ প্রাক্তন অ’পেনাৰ তামিম ইকবালে ভাৰতত টি–২০ বিশ্বকাপ খেলিবলৈ অহা সন্দর্ভত বাংলাদেশ ক্রিকেট ব’ৰ্ডক কিছু পৰামর্শ আগবঢ়ায়৷ তামিমৰ এই মন্তব্যৰ পিছতে বাংলাদেশ ক্রিকেট ব’ৰ্ডৰ অন্যতম সঞ্চালক নাজমুল ইছলামে দেশখনৰ প্রাক্তন অধিনায়কগৰাকীক ভাৰতৰ এজেণ্ট বুলি অভিহিত কৰে৷ তামিম ইকবালে কৈছিল যে বিচিবিয়ে যিয়েই সিদ্ধান্ত নলওক কিয় এই সন্দর্ভত যথেষ্ট চিন্তা কৰা উচিত৷ কাৰণ দেশৰ স্বার্থ জড়িত হৈ আছে৷
বুধবাৰে বাংলাদেশ ক্রিকেট ব’ৰ্ডৰ বিষয়াসকলৰ সৈতে যুৱ আৰু ক্রীড়া উপদেষ্টা আছিফ নজৰুলৰ বৈঠকৰ পিছত স্পষ্ট হৈ পৰে যে বিচিবি নিজৰ স্থিতিত অটল থাকিব৷ কিন্তু তামিমে বিচাৰে যে আলোচনাৰ জৰিয়তে বিষয়টো সমাধান হওক৷ এক অনুষ্ঠানত অংশ লৈ তামিমে কয় যে মই বিচিবিৰ সৈতে জড়িত নহয়৷ আনসকলৰ দৰে ময়ো সংবাদ মাধ্যমৰ পৰা বিষয়টো জানিব পাৰিছোঁ৷ গতিকে এই বিষয়ত মোৰ বাবে কথা কোৱাটো উপযুক্ত নহয়৷ মোৰ মতে, বাংলাদেশ ক্রিকেটৰ স্বার্থ, ভৱিষ্যৎ আৰু বাকী সকলো কথা মনত ৰাখি সিদ্ধান্ত লোৱা উচিত৷ আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰা উচিত৷ কিন্তু তামিমৰ এই মন্তব্য বিচিবিয়ে ভালদৰে লোৱা নাছিল৷ বিচিবিৰ অন্যতম সঞ্চালক নাজমুলে ফেচবুকত তামিমৰ মন্তব্যৰ ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে এইবাৰ বংগৰ জনসাধাৰণে নিজ চকুৰে আন এজন ভাৰতীয় দালালৰ আত্মপ্রকাশ দেখিলে৷