নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰানত প্ৰতিবাদ অব্যাহত, ইণ্টাৰনেট ব্লেকআউট চৰকাৰৰ

ইৰানত চলি থকা চৰকাৰবিৰোধী প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ইণ্টাৰনেট আৰু টেলিফোন কল সেৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। এক প্ৰতিবেদন অনুসৰি, যোৱা মাহত আৰম্ভ হোৱা এই প্ৰতিবাদত এতিয়ালৈকে কমেও ৬২জন লোকৰ মৃত্যু হৈছে। চৰকাৰবিৰোধী প্ৰতিবাদ সন্দৰ্ভত শুকুৰবাৰে চৰকাৰী সংবাদ মাধ্যমে আমেৰিকা আৰু ইজৰাইলৰ “সন্ত্ৰাসবাদী এজেণ্ট”সকলক হিংসা উচটোৱাৰ দায়ী বুলি অভিযোগ তোলে।

ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক কটাক্ষ কৰি তেওঁক অহংকাৰী বুলি আখ্যা দিয়ে আৰু কয় যে ইৰানবাসীৰ তেজ তেওঁৰ হাতত দাগী। উল্লেখ্য যে ২০২৫ চনৰ ২৮ ডিচেম্বৰত তেহৰাণৰ বজাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদ বাঢ়ি থকা মুদ্ৰাস্ফীতি আৰু ৰিয়াল মুদ্ৰাৰ পতনৰ বিৰুদ্ধে দেশজোৰা আন্দোলনত পৰিণত হয়। খামেনেইৰ নেতৃত্বাধীন ধৰ্মীয় চৰকাৰৰ বিৰুদ্ধে অসন্তোষ বৃদ্ধি পোৱাৰ ফলতেই এই প্ৰতিবাদ তীব্ৰ হৈ উঠে।

ইৰানৰ চৰকাৰী সংবাদ মাধ্যমে পূৰ্বতে মৃত্যুৰ সংখ্যা সন্দৰ্ভত নীৰৱতা অৱলম্বন কৰিছিল। যদিও শুকুৰবাৰে সেই নীৰৱতা ভাঙি লোকৰ হতাহত হোৱা কথা স্বীকাৰ কৰে, তথাপি কোনো নিৰ্দিষ্ট সংখ্যা প্ৰকাশ কৰা নহ’ল। যোৱা মাহত আন্দোলন আৰম্ভ হোৱাৰ পিছৰে পৰা মৃত্যুৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে।

আমেৰিকাভিত্তিক মানৱ অধিকাৰ সংস্থা এইচআৰএএনএ (HRANA)ৰ মতে, ইৰানত ৰাষ্ট্ৰব্যাপী প্ৰতিবাদত ৬৫জনতকৈ অধিক লোক নিহত হৈছে। ৯ জানুৱাৰীত এই প্ৰতিবাদে ১৩ দিনত প্ৰৱেশ কৰে। প্ৰতিবেদন অনুসৰি, এই আন্দোলন ইৰানৰ ৩১খন প্ৰদেশৰ ১৮০খন চহৰৰ ৫১২টা স্থানলৈ বিস্তাৰ লাভ কৰিছে। দেশৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰালয়ে কয় যে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষা কৰ্তৃপক্ষৰ পৰামৰ্শমতে ইণ্টাৰনেট বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ডুবাই বিমানবন্দৰৰ ৱেবছাইট অনুসৰি, ডুবাই-ইৰানৰ মাজত কমেও ১৭খন উৰণ বাতিল কৰা হৈছে। ইৰানত চলি থকা অশান্তিৰ পৰিপ্ৰেক্ষিতত তুৰ্কিছ এয়াৰলাইন্সেও ইৰানৰ আকাশসীমাৰ ওপৰেৰে চলা কেইবাখনো উৰণ বাতিল কৰিছে।

ডিজিটেল ডেস্ক, ১০ জানুৱাৰী

You might also like