নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেউজ ধুবুৰী গঢ়াৰ সপোনক সাকাৰ ৰূপ দিয়াত ব্যস্ত ধুবুৰীৰ কালিদাস সাহা

দুৰাৰোগ্য কৰ্কট ৰোগেও পৰাভূত কৰিব পৰা নাই তেওঁক। বিগত ১৮ বছৰৰ পৰা সেউজ ধুবুৰী গঢ়াৰ লক্ষ্যৰে নীৰৱে, নিৰলসে কাম কৰি আছে তেওঁ। ধুবুৰী চহৰৰ সকলোৰে অতি চিনাকি মুখ তেওঁ; কালিদা, কালিদাস সাহা। ২০০৬ বৰ্ষত অকস্মাতে সাহাৰ দেহত ধৰা পৰিছিল কৰ্কট ৰোগ। পত্নী আৰু তেওঁৰ সৰু পৰিয়ালটোৰ মূৰত ভাঙি পৰিছিল সৰগ। কিন্তু অতি সাহসিকতা আৰু মনোবলেৰে কৰ্কট ৰোগ মুক্ত হয়।

ধুবুৰীক সেউজীয়া কৰাৰ পণ লয় তেওঁ। ২০০৭ বৰ্ষৰ পৰা নিজৰ সেই প্ৰতিজ্ঞা বাস্তৱায়িত কৰিবলৈ নামি পৰে তেওঁ। পেছাত এলআইচিৰ এজেন্ট কালিদাস সাহাৰ কৰ্মজীৱনৰ এক অংগ হৈ পৰে গছপুলি ৰোপণ। চহৰখনৰ ১৬টা ৱাৰ্ডৰ প্ৰতিটোতে সাহাই ৰোপণ কৰিছে বহু গছপুলি। এতিয়াও অবিৰতভাৱে গছপুলি ৰোপণ কৰি আছে সাহাই। সম্পূৰ্ণ ব্যক্তিগত ব্যয় আৰু অবিৰত পৰিশ্ৰমেৰে ধুবুৰী চহৰৰ বহু অঞ্চল সেউজ কৰি তোলাৰ সমান্তৰালকৈ ধুবুৰী পৌৰসভাই সংৰক্ষণ কৰা কেইখনমান উদ্যানৰো যত্ন লোৱাৰ বাবে স্বয়ং আগবাঢ়ি আহি সহায়ৰ হাত আগবঢ়াইছে।

উল্লেখ্য যে কেৱল প্ৰকৃতিবিদেই নহয়, কালিদাস সাহাৰ আছে আন কেইবাটাও সুকীয়া পৰিচয়ো। এগৰাকী নাট্যকাৰ-পৰিচালক ৰূপেও খ্যাতি আছে তেওঁৰ। তদুপৰি ধুবুৰীৰ আগশাৰীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান “সবুজেৰ আসৰ”ৰ সৈতে ওতপ্রোতভাৱে জড়িত সাহা। আনকি দৰিদ্ৰ পৰিয়ালৰ কণ কণ শিশুক সপ্তাহত এদিন বিনামূলীয়াকৈ ইংৰাজী শিকায় তেওঁ; নিজৰ গাঁঠিৰ ধনেৰে কিতাপ-পত্ৰ ক্ৰয় কৰিও দি সহায় কৰে। পিছে, পৰিতাপৰ কথা এয়াই যে কালিদাস সাহাৰ কৰ্মৰাজিক স্বীকৃতি দিয়া আজিলৈ দেখা নগ’ল প্ৰশাসন অথবা ৰজাঘৰীয়াই। অৱশ্যে, সেয়ালৈ কোনো আক্ষেপ নাই তেওঁৰ। কোনোদিনেই সামাজিক মাধ্যমত নিজৰ কৰ্মৰাজিৰ আলোকচিত্র অথবা পোষ্ট নিদিয়া কালিদাস সাহা অবিচল তেওঁৰ পণ-সপোনবোৰ সাৰ্থক কৰাৰ বাবে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১১ জানুৱাৰী :

You might also like