সম্পাদকীয় : ভোগালীৰ জাতীয় সত্তা
আজি ভোগালীৰ উৰুকা৷ কৃষিপ্রধান দেশখনৰ বিভিন্ন প্রান্তত মকৰ সংক্রান্তি উদযাপন কৰা হয়৷ অসমত মকৰ সংক্রান্তিত উদযাপন কৰা ভোগালী বিহুৱে বিশেষ তাৎপর্য বহন কৰে৷ অসমীয়াসকলে উদযাপন কৰা বছৰেকৰ তিনিটা বিহুৰ ভিতৰত ভোগালী বিহুৰ মাধুর্য আৰু উছাহ অধিক৷ শস্য চপোৱাৰ বতৰত উদযাপন কৰা ভোগালী বিহু মাথোঁ ভোগৰ উৎসৱ নহয়, ই আমাৰ এক জাতীয় সত্তাত পৰিণত হৈছে৷ ভোগালীৰ মহা–আয়োজনৰ স’তে সংপৃক্ত হৈ আছে আমাৰ চহা সংস্কৃতি আৰু মূল্যবোধৰ বার্তা বহন কৰা পৰম্পৰা৷ ভোগালী বিহু উপলক্ষে প্রতিটো অসমীয়া পৰিয়ালে লাড়ু–পিঠাকে ধৰি বিভিন্ন খাদ্য–সামগ্রী প্রস্তুত কৰি আহিছে৷ এয়া কোনো নতুন কথা নহয়৷ প্রতিটো পৰিয়ালে সাধ্য অনুসৰি ভোগৰ উৎসৱ উদযাপন কৰিবলৈ পৰম্পৰাগতভাৱে শক্তি আৰু আগ্রহ বর্তাই ৰাখে৷ পৰিৱর্তিত পৰিস্থিতিত ভোগালীৰ মাদকতাক লৈ বিভিন্ন প্রশ্ণৰ উদয় হ’লেও বজাৰত ভোগৰ সামগ্রী অভাৱনীয়ভাৱে বৃদ্ধি হৈছে৷ অসমৰ কৃষিক্ষেত্রত কৃষকসকলৰ উৎপাদিত সামগ্রী বহু পৰিমাণে বাঢ়িছে৷ ইয়াৰ লগে লগে উপযুক্ত বজাৰ সৃষ্টিৰ জৰিয়তে এনে খাদ্য–সামগ্রীৰ বজাৰখন সম্প্রসাৰিত কৰাৰ সুযোগ ওলাইছে৷ দুই–তিনি দশক পূর্বে লাড়ু–পিঠা, স্থানীয়ভাৱে উৎপাদিত চিৰা, দৈ আদি ভোগালী বিহুৰ সময়তহে সহজলভ্য আছিল৷ এতিয়া অসমীয়াৰ নিজস্ব খাদ্য–সামগ্রীসমূহ ভোগালী বিহুৰ সময়তে নহয়, বাৰমাহে বজাৰত উপলব্ধ হৈছে৷ পিঠা-পনাকে ধৰি ভোগালীৰ খাদ্য–সামগ্রীৰ চাহিদা বৃদ্ধিয়ে অসমীয়া লোকসকল বাবে এখন সম্ভাৱনাপূর্ণ বজাৰ সৃষ্টি কৰিছে৷ কিন্তু খাদ্য-সামগ্রীৰ এই বজাৰখনৰ সুনাম আৰু গুণগত মান অক্ষুণ্ণ ৰাখিবলৈ পদক্ষেপ গ্রহণ কৰিব লাগিব৷ মুকলি বজাৰত উভৈনদী হৈ পৰা খাদ্য–সামগ্রীসমূহৰ গুণগত মান আৰু দামক লৈ চলি থকা বৈসাদৃশ্যৰ বাবে বহু গ্রাহকৰ মাজত সন্দেহ ঘনীভূত হোৱাটো স্বাভাৱিক৷ বজাৰত উপলব্ধ খাদ্য-সামগ্রীৰ গুণগত মান ভালদৰে পৰীক্ষা কৰা ব্যৱস্থাৰ অতি প্রয়োজন৷ ৰাজ্যখনৰ কৃষিজাত সামগ্রীৰ উৎপাদন বাঢ়িছে৷ কৃষকসকলক উৎপাদিত সামগ্রীৰ উচিত মূল্যৰ দ্বাৰা উপকৃত কৰিবলৈ হ’লে সংগঠিত বজাৰো সৃষ্টি কৰিব লাগিব৷ কিন্তু ভোগালীৰ বিশাল বজাৰখনৰ জৰিয়তে ৰাজ্যখনৰ থলুৱা কৃষকসকল সঠিকভাৱে উপকৃত হ’ব পৰা নাই৷ এতিয়াও মধ্যভোগীৰ ওপৰতে নির্ভৰ কৰিব লগা হৈছে কৃষকসকলে৷ ইয়াৰ মাজতো কৃষকসকলক উপকৃত কৰাৰ লক্ষ্যৰে গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্রান্তত ভোগালীৰ বজাৰৰ আয়োজন কৰা হৈছে৷ এনে ধৰণৰ বজাৰে চহৰ অঞ্চলৰ গ্রাহকসকলকো উপকৃত কৰিছে৷ এনে বজাৰ স্থায়ী ৰূপত ৰাজ্যখনৰ প্রতিখন সৰু-বৰ চহৰত স্থাপন হ’লে অসমৰ কৃষক আৰু উৎপাদকসকল অধিক লাভৱান হ’ব৷
ভোগালী বিহুৰ স’তে জড়িত হৈ আছে আমাৰ ঐতিহ্য আৰু সংস্কৃতিৰ সত্তা৷ বিশেষকৈ মেজি আৰু ভেলাঘৰ নির্মাণৰ জৰিয়তে মাথোঁ অসমৰ চহকী ঐতিহ্যৰ চানেকি দাঙি ধৰাই নহয়, পুৰাতন সনাতন সংস্কৃতিকো উজ্জীৱিত কৰি ৰাখিছে৷ ভোগালী বিহুৰ বিশেষ বৈশিষ্ট্য এয়ে যে এই বিহুৰ সময়তে জীপাল হৈ উঠে গ্রামাঞ্চলত প্রচলিত পৰম্পৰাগত খেলসমূহ৷ ম’হ যুঁজ আৰু বুলিবুলি যুঁজ দশক দশক ধৰি চলি আহিছে৷ প্রকৃতিপ্রেমী সংগঠনৰ হেঁচাত ন্যায়ালয়ে এইক্ষেত্রত বাধা–নিষেধ আৰোপ কৰিলেও গ্রামাঞ্চলত এতিয়াও অসংখ্য পৰম্পৰাগত খেল আছে৷ কিন্তু গ্রামাঞ্চলৰ এই খেলসমূহৰ প্রতি আগ্রহ হ্রাস হৈছে৷ ক্রিকেট আৰু ফুটবলৰ প্রসাৰৰ ফলত হেৰাই যাবলৈ ধৰা পৰম্পৰাগত খেলসমূহ উজ্জীৱিত কৰাৰ ভোগালী বিহুৱেই হ’ল উত্তম সময়৷ চাকৰি তথা জীৱিকাৰ বাবে গাঁও এৰি চহৰমুখী হোৱা লোকসকলৰ অধিকাংশৰে ভোগালী বিহুৰ সময়ত নিজ গাঁৱলৈ আগমন ঘটে৷ এই সময়তে গ্রামাঞ্চলত জীপাল হৈ উঠে আমাৰ পৰাম্পৰাগত খেলসমূহ৷ এই পৰম্পৰাগত খেলসমূহ আমাৰ জাতীয় জীৱনৰ অমূল্য সম্পদ৷ ক্রীড়াক্ষেত্রখনক সমৃদ্ধ কৰাৰ বাবে নিয়োজিত হৈ থকা ক্রীড়া সংগঠন আৰু চৰকাৰে পৰম্পৰাগত খেলসমূহৰ চহৰসমূহতো আয়োজন কৰাৰ ব্যৱস্থা কৰিব পাৰে৷ ছাত্র–ছাত্রীসকলকো এই খেলত জড়িত কৰাব পাৰে৷ ভোগালী বিহুৰ আটাইতকৈ ডাঙৰ শক্তি হ’ল গ্রাম্য বুনিয়াদ শক্তিশালী কৰা৷ দুই–তিনি দশক পূর্বে যেতিয়া গ্রামাঞ্চলৰ বাট–পথ গ্রামোন্নয়ন আঁচনিয়ে ঢুকি পোৱা নাছিল তেতিয়া ভোগালী বিহুৰ সময়তে গাঁওবাসীয়ে ঐক্যবদ্ধভাৱে বাট–পথ নির্মাণ কৰাৰ লগতে নলা–নর্দমা চাফা কৰি নিজৰ গাঁওখনক জাকতজিলিকা কৰিবলৈ হাতে–কামে নামিছিল৷ এতিয়া সেই পৰিস্থিতি গ্রামাঞ্চলত দেখিবলৈ পোৱা নাযায় যদিও ভোগালী বিহুৰ সময়ত গাঁওসমূহৰ উন্নয়নমূলক কাম–কাজৰ পৰিকল্পনাক লৈ বিভিন্ন সভা–সমিতি অনুষ্ঠিত হয়৷ ভোগালী বিহুৰ লগে লগে নামঘৰ, গোসাঁইঘৰসমূহ জীপাল হৈ উঠে৷ সভা মহোৎসৱৰ জৰিয়তে ৰাইজক ঐক্যবদ্ধ কৰাৰ চেষ্টা চলোৱা হয়৷ অসমীয়াৰ জাতীয় জীৱনত বিহুৰ প্রভাৱ হাড়ে–হিমজুৱে প্রবাহিত হৈ আছে৷ কিন্তু দশক দশক ধৰি চলি থকা বর্ণাঢ্য জাতীয় উৎসৱৰ স’তে অসমৰ প্রতিটো জাতি–জনগোষ্ঠী আৰু সম্প্রদায় এতিয়াও জড়িত হোৱাটো পৰিলক্ষিত হোৱা নাই৷ অসমত খিলঞ্জীয়াৰ মর্যাদা দাবী কৰি থকা এচাম সম্প্রদায়ে বিহুক ধর্মীয় দৃষ্টিভংগী নিক্ষেপ কৰি দীর্ঘকাল আঁতৰি থকা পৰিলক্ষিত হৈছে৷ অসমৰ জাতীয় উৎসৱ কেতিয়াও হিন্দুসকলৰ ধর্মীয় উৎসৱ নহয়৷ অসমবাসীয়ে বিহুক কেতিয়াও ধর্মীয় দৃষ্টিভংগীৰে উদযাপন কৰা নাই৷ সেয়ে ৰাজ্যখনত বসবাস কৰা প্রতিটো জাতি–জনগোষ্ঠী তথা সম্প্রদায়ে অসমৰ জাতীয় উৎসৱ উদযাপন কৰা উচিত৷