নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনক কেৱল মনোৰঞ্জনৰ আহিলা হিচাপেহে প্ৰয়োজন আছিল নেকি : গৰিমা গাৰ্গ

ডিজিটেল ডেস্ক, ১৭ জানুৱাৰী : জুবিন গাৰ্গৰ ঘটনাৰ চতুৰ্থটো শুনানিৰ অন্তত আজি সাংবাদিকৰ আগত বহুকেইটা মন্তব্য আগবঢ়ায় গৰিমা শইকীয়া গাৰ্গে। গুৱাহাটী সত্ৰ ন্যায়াধীশ আদালতত অনুষ্ঠিত হয় এই শুনানি।

শুনানিৰ সমাপ্তিৰ পাছত আদালত কক্ষৰ পৰা ওলাই আহি গৰিমা শইকীয়া গাৰ্গে কয় যে আজিও সাত অভিযুক্তৰ মুখত কোনো অনুশোচনা দেখা নগ’ল। অভিযুক্তসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰতো কোনো পৰিৱৰ্তন লক্ষ্য কৰা নাই বুলি তেওঁ উল্লেখ কৰে।

তেওঁ কয় যে “অসুৰ বধ হ’বই লাগিব। অপশক্তিক নিৰ্মূল কৰিবই লাগিব। আমাৰ দৃষ্টিত ছিংগাপুৰৰ য়াটত থকা প্ৰতিজনেই দোষী। সকলোকে তদন্তৰ আওতালৈ আনিব লাগিব।” দহ-পোন্ধৰজন মানুহৰ সন্মুখতে জুবিন গাৰ্গ হেৰাই যোৱাটো আচৰিত আৰু সন্দেহজনক বুলিও তেওঁ মন্তব্য কৰে।

গৰিমা শইকীয়া গাৰ্গে আৰু কয় যে ছিংগাপুৰত সংঘটিত ঘটনাৰ সময়ত উপস্থিত লোকসকলে জুবিন গাৰ্গৰ সৈতে ঘটা প্ৰতিটো ঘটনা দেখিছিল যদিও তেওঁক সম্পূৰ্ণৰূপে অৱহেলা কৰা হৈছিল। বিনা চিকিৎসাই প্ৰায় ৭৫ মিনিট ধৰি জুবিন গাৰ্গক পেলাই থোৱা হৈছিল। আমাৰ চকুত য়াটখনত থকা প্ৰত্যেকজনেই দোষী। ইয়াত সকলো জড়িত হৈ আছে। তেওঁলোক অসমীয়া নহয় নেকি? জুবিনক কেৱল মনোৰঞ্জনৰ আহিলা হিচাপেহে প্ৰয়োজন আছিল নেকি ? — এই প্ৰশ্ন তুলি গৰিমা শইকীয়া গাৰ্গে কয় যে সকলো অভিযুক্তকে কঠোৰ শাস্তি বিহিব লাগিব আৰু অপশক্তিৰ নাশ হ’বই লাগিব।

তেওঁ লগতে কয়- সত্যৰ সদায় জয় হয়। এজন ভাতৃ হিচাপে আৰু এগৰাকী পুলিচ বিষয়া হিচাপে ছিংগাপুৰত কি হৈছিল সেই কথাখিনি সন্দীপন গাৰ্গে খোলাখুলিকৈ কৈ দিব লাগে।

উল্লেখযোগ্য যে জুবিন গাৰ্গ কাণ্ডৰ পৰৱৰ্তী শুনানি অহা ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব।

You might also like