গৌৰৱ গগৈৰ নিজা সমষ্টিতেই কংগ্ৰেছত ভাঙোন, অপসাৰিত সভাপতিৰ বিস্ফোৰক মন্তব্য
ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ নানা কৌশল অৱলম্বন কৰাৰ সময়তে দলটোৰ ভিতৰতে এতিয়া একাংশই সাংগঠনিক পদবীৰ বাবে সৃষ্টি কৰা অস্বস্তিকৰ পৰিস্থিতিয়ে বিজেপিকহে লাভৱান কৰিবলৈ গৈ থকা পৰিলক্ষিত হৈছে।
অসমৰ গুৰুত্বপূৰ্ণ মাজুলী বিধান সভা সমষ্টিত কংগ্ৰেছ দলৰ পৰা এইবাৰ কেইবাখনো নতুন মুখে প্ৰাৰ্থীত্বৰ বাবে কুচ-কাৱাজ অব্যাহত ৰাখিছে যদিও এতিয়া প্ৰাৰ্থীত্বৰ বাবে নহয় সাংগঠনিক দুটা পদবীক লৈয়েই এতিয়া একপ্ৰকাৰে মাজুলী কংগ্ৰেছ কেইবাটাও লবীত বিভক্ত হোৱা পৰিলক্ষিত হৈছে।
শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মাজুলীত কংগ্ৰেছৰ দুই সাংগঠনিক ব্লক মাজুলী ব্লক আৰু উজনি মাজুলী ব্লক কংগ্ৰেছৰ সভাপতি সালসলনি কৰি মাজুলী ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে দেৱ কান্ত দাস আৰু উজনি মাজুলী ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে প্ৰণৱ জ্যোতি বাৰিকক তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ নিযুক্তি দিয়াৰ পিছতেই এতিয়া মাজুলী কংগ্ৰেছ আভ্যন্তৰীণ সংঘাতত জৰ্জৰিত হোৱা পৰিলক্ষিত হৈছে।
উজনি মাজুলী ব্লক কংগ্ৰছৰ কমিটিৰ নতুন সভাপতি প্ৰণৱজ্যোতি বাৰিকক দায়িত্ব ন্যস্ত কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতেই ১৪ জানুৱাৰীৰ দিনা জেংৰাইমুখ ৰাজীৱ ভৱনত বিদ্ৰোহী কংগ্ৰেছীয়ে তলা উলমাই দিয়াৰ লগতে কালি বাৰিকে দায়িত্বভাৰ লোৱাৰ সময়তো কংগ্ৰেছ কাৰ্য্যকালটোত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত আজি উক্ত প্ৰসংগই নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে।
প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মাজুলীৰ তত্বাৱধায়ক বাণী হাজৰিকাই স্বেচ্ছাচাৰিতাৰে গণভিত্তি নথকা লোকক ব্লক কংগ্ৰেছত নতুন দায়িত্ব অৰ্পন কৰা বুলি কালি উজনি ব্লকৰ একাংশ কংগ্ৰেছীয়ে অভিযোগ উত্থাপন কৰি বাণী হাজৰিকাৰ বিৰুদ্ধে আন কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছতেই বিষয়টোৱে আজি নতুন মোৰ লোৱা পৰিলক্ষিত হয়।
মাজুলী ব্লক কংগ্ৰেছৰ অপসাৰিত সভাপতি লক্ষ্য গায়ন আৰু উজনি মাজুলী ব্লক কংগ্ৰেছৰ অপসাৰিত সভাপতি মহেন্দ্ৰ শইকীয়াই আজি বিষয়টোত নতুন টুইষ্ট দি কয় যে মাজুলীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ড° ইন্দ্ৰনীল পেগুক সমৰ্থন দিয়াৰ বাবেই তত্বাৱধায়ক বাণী হাজৰিকাৰ পৰামৰ্শ মতেই মোক অপসাৰণ কৰা হৈছে বুলি উল্লেখ কৰে।
মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° পেগুৰ সমৰ্থনত মাজুলীৰ দুই ব্লক কংগ্ৰেছৰ সমৰ্থন থকা মানেই ড° ইন্দ্ৰনীলৰ টিকট নিশ্চিত বুলি অনুভৱ কৰিয়েই এনেকুৱা এটা সময়ত এনে সালসলনি কৰা বুলি দুয়োগৰাকীয়ে স্পষ্ট ভাৱে উল্লেখ কৰে।
ইফালে ইয়াৰ পৰাই এটা কথা বুজা গ’ল যে আপাতত দৃষ্টিত এয়া সাংগঠনিক পদবীৰ বাবেই হোৱা সংঘাত যদিও প্ৰকৃতাৰ্থত মাজুলী কংগ্ৰেছৰ ভিতৰচৰাঁত এতিয়া প্ৰাৰ্থীত্বকেন্দ্ৰীক এখন শীতল যুঁজ আৰম্ভ হৈ গৈছে। এই শীতল যুঁজত কৰ শক্তিৰ হাত আছে সেয়া সময়তহে স্পষ্ট হ’ব যদিও নিৰ্বাচনৰ প্ৰাকক্ষণত সভাপতি গৌৰৱ গগৈৰ নিজা সমষ্টিতে হোৱা এনে সাংগঠনিক অৰাজকতাই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ইফালে উজনি ব্লকৰ নৱ-নিযুক্ত সভাপতি প্ৰণৱ জ্যোতি বাৰিকে ২০২৫ চনতেই কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ পিছতো পুনৰ উজনি মাজুলী ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰাক লৈ দলৰ ভিতৰত তীব্ৰ অসন্তোষৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত একাংশ কংগ্ৰেছ কৰ্মীয়ে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।
এই প্ৰসংগত কালি উজনি মাজুলীৰ ৮ জনকৈ মণ্ডল সভাপতিয়ে ফুলনি পঞ্চায়তৰ মণ্ডল সভাপতিৰ গৃহত এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত তেওঁলোকে উজনি মাজুলী ব্লক কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি প্ৰণৱ জ্যোতি বাৰিকক তৎক্ষণাৎ সভাপতি পদৰ পৰা অব্যাহতি দিবলৈ দাবী জনায়।
লগতে এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈলৈ এখন প্ৰস্তাৱ প্ৰেৰণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে আটাইকেইজন মণ্ডল সভাপতিয়ে। সংবাদ মেলত মাজুলী জিলাৰ কংগ্ৰেছ তত্বাবধায়ক বানী হাজৰিকাক লৈও তীব্ৰ অসন্তোষ প্ৰকাশ কৰে একাংশ কংগ্ৰেছ কৰ্মীয়ে। তেওঁলোকে বানী হাজৰিকাক বিজেপিৰ “এজেন্ট” বুলি আখ্যা দি কয় যে তেওঁৰ পৰিয়ালৰ সকলো সদস্য বিজেপিৰ সৈতে জড়িত, কেৱল বানী হাজৰিকাই নিজে কংগ্ৰেছ দলত আছে।
তেওঁলোকে অভিযোগ কৰে যে বানী হাজৰিকাই মাজুলীৰ পৰা কংগ্ৰেছী বিধায়ক বিজয়ী হোৱাটো নিবিচাৰে আৰু নিজ ভাতৃক ৰাজনৈতিকভাৱে লাভান্বিত কৰিবৰ উদ্দেশ্যে একপক্ষীয় নীতি অৱলম্বন কৰি আহিছে।
আনহাতে, মাজুলী জিলা কংগ্ৰেছৰ একাংশ নেতাকৰ্মীয়ে যুৱ নেতা ইন্দ্ৰনীল পেগুক নেতৃত্বৰ বাবে উপযুক্ত বুলি বিবেচনা কৰে বুলি সংবাদ মেলত প্ৰকাশ পায়। কিন্তু ইন্দ্ৰনীল পেগু নিৰ্বাচনত জয়ী হ’লে বানী হাজৰিকাৰ ৰাজনৈতিক স্বাৰ্থ ক্ষুণ্ণ হোৱাৰ আশংকাতেই এইধৰণৰ আচৰণ কৰা হৈছে বুলি উজনি মাজুলী ব্লক কংগ্ৰেছৰ ৮ জনকৈ মণ্ডল সভাপতিয়ে অভিযোগ উত্থাপন কৰে।
নিয়মীয়া বাৰ্তা, বনগাঁও, ১৭ জানুৱাৰী