ভাৰতৰ মাটিত ইতিহাস ৰচি এদিনীয়া শৃংখলা জয় নিউজিলেণ্ডৰ
নিউজ ডেস্ক, ১৯ জানুৱাৰী : ভাৰতৰ মাটিত প্রথমবাৰৰ বাবে এদিনীয়া শৃংখলা দখল কৰি ইতিহাস ৰচনা কৰিলে নিউজিলেণ্ডে৷ ঘৰুৱা দল টীম ইণ্ডিয়াৰে খেলা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো ২–১ত হস্তগত কৰে কিৱি বাহিনীয়ে৷
শৃংখলাৰ কালি অনুষ্ঠিত তৃতীয় তথা নির্ণায়ক মেচখনত নিউজিলেণ্ডে ভাৰতীয় দলটোক ৪১ ৰানত পৰাস্ত কৰে৷ আলহী দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ৩৩৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি তাৰকা বেটাৰ বিৰাট কোহলিৰ দুর্দান্ত শতকীয় ইনিংছ সত্ত্বেও ভাৰতে ৪৬ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৯৬ ৰানহে কৰিবলৈ সক্ষম হয়৷ দলীয় স্ক’ৰ ১৭৯ ৰানতে ৬টাকৈ উইকেট হেৰুৱাই ভাৰত বিপদত পৰিছিল যদিও কোহলিয়ে হর্ষিত ৰাণাৰ সৈতে সপ্তম উইকেটত ৯৯ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰিছিল৷ কিন্তু মাত্র দুটা বলৰ ব্যৱধানত হর্ষিত ৰাণা আৰু মহম্মদ চিৰাজে বিদায় লোৱাত ঘৰুৱা দলটোৰ পৰাজয় নিশ্চিত হৈ পৰে৷
এদিনীয়া ক্রিকেটত কালি ৫৪সংখ্যক শতক অর্জন কৰা কোহলিয়ে ১০৮টা বলত ১০টা চাৰি আৰু তিনিটা ছয়েৰে ১২৪ ৰানৰ দুর্দান্ত ইনিংছ দলক উপহাৰ দিয়ে৷ ইফালে, নীতিশ কুমাৰ ৰেড্ডীয়ে ৫৩ আৰু হর্ষিত ৰাণাই ৫২ ৰানৰ অৱদান আগবঢ়ায়৷ ৰোহিত শর্মাই ১১, অধিনায়ক গিলে ২৩, শ্রেয়াছ আয়াৰে ৩ আৰু লোকেশ ৰাহুলে মাত্র ১ ৰান কৰে৷ নিউজিলেণ্ডৰ হৈ জেক ফ’লকেছ আৰু ক্রিষ্টিয়ান ক্লার্ক উভয়ে সর্বাধিক তিনিটাকৈ উইকেট লাভ কৰে৷
ইয়াৰ পূর্বে টীম ইণ্ডিয়াৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও ডাৰিল মিচেল আৰু গ্লেন ফিলিপছৰ দুর্দান্ত শতকৰ সহায়ত নিউজিলেণ্ডে নির্ধাৰিত ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ৩৩৭ ৰান সংগ্রহ কৰে৷ দলীয় স্ক’ৰ ৫৮ ৰানত তিনিজনকৈ আগশাৰীৰ বেটাৰক হেৰুৱাই দলটো বিপদত পৰিছিল যদিও মিচেল আৰু ফিলিপছে চতুর্থ উইকেটত ২১৯ ৰান সংগ্রহ কৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়৷ মিচেলে ১৩৭ আৰু ফিলিপছে ১০৬ ৰানৰ অৱদান আগবঢ়ায়৷ ডেভ’ন ক’নৱেই ৫, হেনৰী নিকোলছে ০ আৰু উইল ইয়ঙে ৩০ ৰান কৰাৰ বিপৰীতে অধিনায়ক ব্রেচৱেলে ২৮ ৰান কৰি অপৰাজিত হৈ থাকে৷
ভাৰতৰ হৈ অর্শদীপ সিং আৰু হর্ষিত ৰাণা উভয়ে সর্বাধিক তিনিটাকৈ উইকেট লাভ কৰে৷ মেচৰ আৰু শৃংখলাৰ শ্রেষ্ঠ খেলুৱৈ বিবেচিত হয় নিউজিলেণ্ডৰ ডাৰিল মিচেল৷