নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰভাগৰ দেহাৰকুছিত ‘নৰোত্তম নৰেন্দ্ৰ মোদী’ উন্মোচন

নলবাৰী জিলাৰ বৰভাগৰ পূৰ্ণদৈচপৰা গাঁৱৰ সাহিত্যিক মাণিক চন্দ্ৰ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকাশিত “নৰোত্তম নৰেন্দ্ৰ মোদী“ নামৰ গ্ৰন্থখন আজি উন্মোচন কৰা হয় ।

সাংবাদিক নৰেন শৰ্মাই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰি কয় যে এখন গ্ৰন্থৰ সূচীপত্ৰতে উন্মোচিত হয় প্ৰণেতাৰ জ্ঞানৰ পৰিসৰ ৷ মাণিক চন্দ্ৰ ভট্টাচাৰ্য তেনে এগৰাকী জ্ঞানলব্ধ সাহিত্যিক ৷ ভট্টাচাৰ্যৰ বাসগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত ডাঃ হেমেন কুমাৰ শৰ্মা, সমাজকৰ্মী দিলীপ শৰ্মা অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট ব্যৱসায়ী দিগন্ত দাস, সাংবাদিক অনুপ কলিতা আদিয়ে অংশগ্ৰহণ কৰে।

সাহিত্যিক শৰ্মাই ইতিমধ্যে শক্তিপীঠ মা কামাখ্যা নামৰ গ্ৰন্থখন সম্পাদনা কৰি বেংগলী, হিন্দী আৰু ইংৰাজী ভাষাত অনুবাদ কৰি পাঠকৰ সমাদৰ লাভ কৰিছে ৷ শেষত লেখক মাণিক চন্দ্ৰ ভট্টাচাৰ্যই মনৰ ভাব ব্যক্ত কৰে ।

নিয়মীয়া বাৰ্তা, বৰভাগ, ২২ জানুৱাৰী :
You might also like