ডিজিটেল ডেস্ক, ২৪ জানুৱাৰী : সৰস্বতী পূজাৰ আনন্দৰ মাজতে কালি ১০৮ এম্বুলেঞ্চৰ চালকৰ বাবে কাহিলিপাৰাৰ সর্বশিক্ষা কার্যালয়ৰ সন্মুখত সংঘটিত শোকাৱহ দুর্ঘটনাত এগৰাকী যুৱতীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয় ৷ ঘাতক এম্বুলেঞ্চৰ চালকজনে আজি আত্মসমৰ্পণ কৰে ৰঙিয়া থানাত। ৰঙিয়া থানাত আত্মসমৰ্পণ কৰা এম্বুলেঞ্চখনৰ চালকজন ৰেকিবুদ্দিন আহমেদ। কালি কাহিলিপাৰাত এম্বুলেঞ্চৰে সংঘটিত দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি ল’ব লগা হৈছিল লুনা ভৰদ্বাজ নামৰ যুৱতীগৰাকীয়ে।
উল্লেখ্য যে জীৱনদায়িনী ১০৮ মৃত্যুঞ্জয় সেৱা এতিয়া একাংশ অনভিজ্ঞ চালকৰ হাতত মৃত্যুদূতত পৰিণত হৈছে৷ সৰস্বতী পূজাৰ আনন্দৰ মাজতে কালি ১০৮ এম্বুলেঞ্চৰ উদণ্ড চালকৰ বাবে কাহিলিপাৰাৰ সর্বশিক্ষা কার্যালয়ৰ সন্মুখত সংঘটিত শোকাৱহ দুর্ঘটনাত থিতাতে মৃত্যু হোৱা যুৱতীগৰাকী বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ লুনা ভৰদ্বাজ (২৫) আৰু আহত যুৱকজন গোলাঘাটৰ দেৰগাঁৱৰ অচ্যুত বৰুৱা৷
ভঙাগড়ৰ জিএমচিএইচৰ দিশৰ পৰা এ এছ–০১ বিজি-৬৩১৩ নম্বৰৰ ৰঙা স্কুটীৰে কাহিলিপাৰা অভিমুখে আহি আছিল৷ সেই সময়তে বিপৰীত দিশৰ পৰা তীব্রবেগেৰে এ এছ-০১ এমচি-৯১৬৪ নম্বৰৰ ১০৮ মৃত্যুঞ্জয় সেৱাৰ এম্বুলেঞ্চখনো কাহিলিপাৰাৰ সর্বশিক্ষা কার্যালয়ৰ বিপৰীত দিশে থকা পাহাৰীয়া পথেৰে যাবলৈ আগবাঢ়িছিল৷ প্রত্যক্ষদর্শীয়ে সদৰী কৰা মতে দুয়োখন বাহনৰ মুখামুখি সংঘর্ষত যুৱক–যুৱতীহাল উফৰি পৰে৷ মূৰত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হোৱা যুৱতীগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয়৷ জে বি আইন মহাবিদ্যালয়ৰ শিক্ষার্থী লুনা ভৰদ্বাজে দুদিন পাছতেই এক্সিছ বেংকৰ চাকৰিত যোগদানৰ কথা আছিল৷
ভয়াৱহ দুর্ঘটনাটো সংঘটিত কৰিয়েই এম্বুলেঞ্চখনৰ চালকজনে পলায়ন কৰিছিল ৷ অৱশ্যে আজি এম্বুলেঞ্চখনৰ চালক ৰেকিবুদ্দিন আহমেদে ৰঙিয়া থানাত আত্মসমৰ্পণ কৰে।