নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত সপ্তাহতে কর্মহীন হ’ব ১৪–১৬ হাজাৰ কর্মচাৰী

নিউজ ডেস্ক, ২৫ জানুৱাৰী : নতুন বছৰটোতে বহুৰাষ্ট্রীয় ই–কমার্চ মার্কিন সংস্থা এমাজনৰ কর্মীসকলৰ বাবে দুঃসংবাদ৷ এইবাৰ দ্বিতীয় পর্যায়ৰ চাটাই অভিযানৰ প্রস্তুতি চলাইছে সংস্থাটোৱে৷ ফলত জানুৱাৰীৰ শেষ সপ্তাহতে ১৪ৰ পৰা ১৬ হাজাৰ কর্মীয়ে কর্মসংস্থাপন হেৰুৱাব বুলি সূত্রৰ খবৰত প্রকাশ৷

যোৱা বছৰৰ অক্টোবৰ মাহত অন্তিমবাৰ কর্মী চাটাই কৰিছিল এই বহুজাতিক আমেৰিকান কোম্পানীটোৱে৷ এমাজন কর্তৃপক্ষৰ কর্মী হ্রাস সংক্রান্তীয় খবৰ এটা আন্তঃৰাষ্ট্রীয় সংবাদ প্রতিষ্ঠানে পৰিৱেশন কৰিছিল৷ তেওঁলোকৰ প্রতিবেদন অনুসৰি মুঠ ৩০,০০০জন কর্মচাৰীক চাটাইৰ পৰিকল্পনা কৰিছে সংস্থাটোৱে৷ ইয়াৰ মাজতে যোৱা বছৰৰ অক্টোবৰত সংস্থাটোৰ হোৱাইট কালাৰ জব হেৰুৱাব লগা হয় প্রায় ১৪,০০০ কর্মীয়ে৷ ফলত এইবাৰৰ চাটাইৰ সংখ্যা আগৰবাৰৰ সমানে হ’ব বুলি ধাৰণা কৰা হৈছে৷

অৱশ্যে এই সন্দর্ভত এমাজন কর্তৃপক্ষই পোনপটীয়াকৈ একোৱে জনোৱা নাই৷ নাম প্রকাশত অনিচ্ছুক সংস্থাটোৰ এগৰাকী বিষয়াই জনোৱা মতে, ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব দ্বিতীয় পর্যায়ৰ চাটাই প্রক্রিয়া৷ মূলতঃ এমাজনৰ ৱেব ছার্ভিচেজ, খুচুৰা ব্যৱসায়ী, ক্রাইম ভিডিঅ’ আৰু মানৱ সম্পদ বিভাগৰ কর্মচাৰীসকলে কাম হেৰুওৱাৰ সম্ভাৱনা আছে৷ যুগৰ সৈতে তাল মিলাই যোৱা বছৰৰ অক্টোবৰ মাহত কৃত্রিম বুদ্ধিমত্তা প্রযুক্তিৰ সৈতে জড়িত হ’বলৈ আৰম্ভ কৰিছে এমাজন কর্তৃপক্ষ৷

You might also like